সাধাৰণতে আমাৰ অসমৰ যুৱক-যুৱতীসকলে পঢ়া-শুনা কৰিলেই ঘৰৰ কাম-বন কৰিবলৈ মন নকৰা হয়। এক চাহাবী জীৱনৰ প্ৰতি আকৰ্ষিত হয়। অৱশ্যে সকলোৰে ক্ষেত্ৰত এই কথাষাৰ নাখাতে। কিন্তু ৮০ শতাংশ শিক্ষিত যুৱক-যুৱতীয়েই বোকা-পানী গছকিবলৈ, শাৰীৰিক কষ্ট কৰিবলৈ ভয় কৰে।
কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম নলবাৰী জিলাৰ এগৰাকী উচ্চ শিক্ষিতা যুৱতী নন্দিতা বৰুৱা। মাষ্টাৰ ডিগ্ৰী কৰি থাকোতেই নন্দিতাই খেতিয়ক পিতৃৰ আদৰ্শত অনুপ্ৰাণিত হৈ অনলাইনৰ জৰিয়তে সদূৰ হিমাচলৰ প্ৰদেশৰ পৰা ষ্ট্ৰবেৰিৰ পুলি ক্ৰয় কৰি ইউটিউৱক মাধ্যম হিচাপে লৈ নিজ ঘৰতে ৪ বিঘা মাটিত ষ্ট্ৰ’বেৰি খেতি আৰম্ভ কৰিছিল নন্দিতাই।
ষ্ট্ৰবেৰিৰ উপৰিও নিজৰ ঘৰতে নন্দিতাই ইনকুৱেবৰ জৰিয়তে নিজ ঘৰতে হাঁহ আৰু বটা চৰাইৰ পোৱালি জগাই এক আদৰ্শ দাঙি ধৰিছে। বৈজ্ঞানিক পদ্ধতিৰে নন্দিতাই আৰম্ভ কৰা কৃষি কৰ্মৰ জৰিয়তে নিবনুৱা হৈ থকা হাজাৰজন যুৱক-যুৱতীক দিছে এক বাৰ্তা প্ৰেৰণ কৰিছে যে, চৰকাৰী চাকৰিতকৈ অসমীয়া বাৰীতেই আছে লাখ টকা উপাৰ্জন কৰি স্বাৱলম্বী হ’ব পৰা পথ।
যিটো সময়ত যুৱ প্ৰজন্ম বিশেষকৈ উচ্চ শিক্ষিতা ছোৱালী কৃষিকৰ্মৰ প্ৰতি কম আগ্ৰহী হোৱা দেখা তেনে সময়তে নন্দিতাই দেখা স্বনিৰ্ভৰশীলতাৰ সপোনে আন দহজনৰ বাবে প্ৰেৰণাৰ উৎস হ’ব পাৰে।
লগতে পঢ়ক- চাকৰিৰ পৰা অৱসৰৰ পাছত আপোনাৰ পৰিকল্পনা কি?