
অষ্ট্ৰেলিয়াৰ জাতীয় চৰাই ইমু। এই ইমু চৰাই দেশখনৰ সাংস্কৃতিক গৌৰৱ। ইমুৰ ছবি পিন্ধা কোট। মুদ্ৰাৰ পিঠিত আৰু টাইৰ নামৰ পিছত সংলগ্ন কৰি গৌৰৱ অনুভৱ কৰে অষ্ট্ৰেলিয়াবাসীয়ে। অষ্ট্ৰেলিয়াৰ এই জাতীয় চৰাইবিধ এতিয়া অসমতো সুলভ হৈছে। এই ইমু চৰাই পালন কৰিছে মুছলপুৰৰ এজন যুৱকে। বাক্সা জিলাৰ সদৰ মুছ্লপুৰ চহৰৰ বিলপাৰ গাঁৱৰ বাসিন্দা গংগাৰাম বড়োৰ পুত্ৰ যতীন বড়ো সৰুৰেপৰা প্ৰকৃতিপ্ৰেমী আছিল। শিল্প কৰ্মতো জড়িত যতীনে মুছলপুৰৰ মহাবিদ্যালয়ৰপৰা উচ্চতৰ মাধ্যমিকলৈ শিক্ষা গ্ৰহণ কৰি ৮ বিঘা মটিকালিৰে আৱৰা নিজ ঘৰৰ চৌহদটোৰ পাণ-তামোল, গছ-গছনিৰে ভৰা বাৰীখন চোৱা-চিতা কৰি আছিল।
এদিন তেত্ৰিছ বছৰীয়া যুৱক যতীন বড়োৱে গুৱাহাটীৰ পাথৰকুছিত ইমু চৰাই প্ৰ্ত্যক্ষ কৰি তেওঁৰ চৰাইবিধ পুহিবলৈ মনত অদম্য হেঁপাহ জন্মে। ধনৰ অভাৱ, তথাপি পৰিয়ালক অৱগত কৰি লগ-বন্ধু, সমনীয়াৰপৰা কিছু ধন সংগ্ৰহ কৰি ২০১৩ চনৰ জুলাই মাহত তেওঁ প্ৰথমে চাৰিটা ইমু চৰাই কিনি আনে। পিছত গুৱাহাটীৰ গুজৰাট এজেন্সিৰ পৰা দুশটা ইমু ক্ৰয় কৰে। প্ৰতিযোৰ ইমুত বাৰ হাজাৰ টকাকৈ এশযোৰ ইমু চৰাই গুজৰাটৰ পাম এখনৰপৰা আনিলে। মাত্ৰ ৬ মাহ বয়সতে অন এই ইমু চৰাইবোৰৰ বয়স ইতিমধ্যে এবছৰ হৈ গৈছে।
যতীন বড়োৱে ৮ বিঘা মাটি কালিৰে আগুৱা নিজৰ বাৰীত তামোলৰ মাজত ডেৰ-দুই বিঘা মাটিত বেৰ দি চৰাইবিধ পালন কৰি আহিছে। চৰাইবিধৰ যতন লোৱাৰ বাবে দুজন যুৱকক সহায়কাৰী হিচাপে নিয়োগ কৰিছে যতীনে। তেওঁৰ ইমু চৰাইৰ পামখনৰ কাষতে দুবিঘা মাটিৰ এটি পুখুৰী আছে। পুখুৰীপাৰত চাংঘৰ সাজি যতীন বড়োৱে যুৱক দুজনৰ সৈতে দিন-ৰাতি একাকাৰ কৰি চৰাইবোৰৰ যতন লোৱাত ব্যস্ত থাকে।

ইমু চৰাই অষ্ট্ৰেলিয়াৰ বাসিন্দা। এই চৰাইবিধৰ তিনিটা প্ৰজাতি আছে। ইমু চৰাইবিধ দেখিবলৈ ধুনীয়া। মাটীয়া ৰঙৰ চৰাইবিধ প্ৰায় ৬ ফুট ওখ হয়। এটি দীঘল ডিঙি, দীঘল ভৰিৰে এটি শক্তিশালী চৰাই। পানীত তীব্ৰ বেগে সাঁতুৰিব পাৰে যদিও দৌৰিব নোৱাৰে। চৰাইবিধৰ বহু দুৰত্ব একেৰাহে অতিক্ৰম কৰাৰো শক্তি আছে। ই তৃণভোজী প্ৰাণী যদিও শিলৰ টুকুৰা, আইনাৰ টুকুৰাও সহজে হজম কৰিব পাৰে বুলি যতীন বড়োৱে ক’ব খোজে। গছৰ পাত, ধান-চাউল, তুঁহৰ মল আদি যতীন বড়োৱে খাদ্য হিচাপে চৰাইবিধক দিয়ে। ইমু চৰাইৰ নখ আৰু ঠোঁট অতি শক্তিসম্পন্ন, যাৰ সহায়ত ই সহজে শত্ৰু পক্ষক চম্ভালিব পাৰে। দৃষ্টিশক্তি আৰু ঘ্ৰাণশক্তিৰ দ্বাৰাই সহজে শত্ৰুক চিনাক্তও কৰিব পাৰে। প্ৰকৃতিপ্ৰেমী যতীন বড়োৱে জানিবলৈ দিয়া মতে, ইমু চৰাইক এতিয়া আমাৰ দেশৰ বিভিন্ন ঠাইত ব্যৱসায় ভিত্তিত পালন কৰা হৈছে। তেওঁ জনোৱা মতে, ইমু চৰাইৰ বাবে ভাৰতৰ জলবায়ু অতি ভাল। আনহাতে, যিহেতু চৰাইবিধ শক্তিসম্পন্ন, সেয়ে ইহঁতে যিকোনো পৰিৱেশত জীৱন কটাব পাৰে।
উপযোগিতা যথেষ্ট বেছি। ইমু চৰাইৰ মাংস, তেল আৰু ছালৰ চাহিদা যথেষ্ট বেছি। ইমু চৰাইৰ মাংস, তেল আৰু ছালৰ চাহিদা যথেষ্ট বেছি। এই নিৰোগী তৃণভোজী চৰাইবিধৰ মাংস বহুতৰে বাবে অতিকৈ প্ৰিয়। ইয়াৰ মাংস প্ৰতি কোলোগ্ৰামত ৬০০ টকা দৰত বিক্ৰী হয়। এটা ইমু চৰাইৰ ওজন ১৫ৰপৰা ৩০ কিলোগ্ৰাম পৰ্যন্ত হয়। আনহাতে, ইয়াৰ কণীৰ ওজন হয় ৬০০-৯০০ গ্ৰাম পৰ্যন্ত। ইমু চৰায়ে কণী সাধাৰণতে তিনিদিনৰ মূৰে মূৰে দিয়ে। বছৰৰ অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহ পৰ্যন্ত চৰাইবিধে কণী দিয়ে। অসমতো ইমুৰ মাংসৰ চাহিদা অধিক। যতীন বড়োৰ পামখনত থকা ২০০ টা চৰাইৰ ১৪০ টা ইতিমধ্যে বিক্ৰী হৈছে কেৱল মাংসৰ বাবেই । এই চৰাইবোৰ বিক্ৰী কৰি তেওঁ লাভবান হৈছে যদিও কিছু ধন খৰছো হয়। যিহেতু ইমুপালক হিচাপে তেওঁ নতুন, অভিজ্ঞতা কম, সেয়ে চৰাইবিধৰ লালন-পালন, চিকিৎসা আদিত যথেষ্ট ধন খৰচ হোৱা বুলি জনায় যতীন বড়োৱে। তথাপি যুৱকজনে উৎসাহজনকভাৱে ইমু চৰাই পালন কৰি আহিছে। ধৈৰ্য, সাহস, আৰু ইমু চৰাইৰ প্ৰতি থকা মৰমে তেওঁক এইক্ষেত্ৰত অধিক দৃঢ় কৰি তুলিছে। সেয়ে ভৱিষ্যতে আৰু অধিক বহলভিত্তিত চৰাইবিধ পালন কৰিব বুলি তেওঁ প্ৰকাশ কৰিছে। বৰ্তমান যতীন বড়োৰ পামখনত ৬০টা ইমু চৰাই আছে। এই চৰাইবোৰ আছে এক মনোমোহা প্ৰাকৃতিক পৰিবেশত। ঘৰৰ আগচোতালত নানা তৰহৰ ফুল-ফলৰ গছ-গছনিৰ মাজত ৪-৫ টা ইমু চৰাই ৰাখি তেওঁ ৰাইজৰ ওচৰত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। যতীন বড়োৱে জানিবলৈ দিয়া মতে, ইমুৰ তেল শোধন কৰি এই তেলবিধ মানুহে প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰে। ইপিনে, চৰাইবিধৰ ছালৰপৰা বহু ঘৰুৱা সামগ্ৰী, মহিলাৰ বেগ আদি তৈয়াৰ কৰা হয়। সেয়ে চৰাইবিধৰ ছালবিধৰ গুৰুত্ব আৰু চাহিদা বজাৰত অধিক।
যতীন বড়োৱে নিজৰ বাৰীখনৰ চৌপাশে থকা হাবি –জংঘলত প্ৰাকৃতিকভাৱে চৰাই-চিৰিকটি আদিও সংৰক্ষণৰ ব্যৱস্থা কৰিছে।
লিখকঃ উৎপল ডেকা, দৈনিক অসম
Share your comments