1. সফল কাহিনী

বিদেশতো সমাদৃত পাঁচনৈৰ পল্লৱজ্যোতি নাথৰ জৈৱিক চাহপাত

KJ Staff
KJ Staff

ঢেকিয়াজুলি মহকুমাৰ অন্তৰ্গত গাঁৱৰ অৰ্থনীতিৰ স্নাতক নিবনুৱা যুৱক পল্লৱজ্যোতি নাথে জৈৱিক চাহ খেতিৰে নিজৰ অৰ্থনৈতিক ভেটি গঢ়াৰ লগতে আনকো কৰ্মসংস্থাপনৰ বাট দেখুৱাই উৎসাহিত, অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে বৃহৎ চাহ বাগিচাৰ উৎপাদিত চাহে বজাৰ দখল কৰি থকাৰ পিছতো শেহতীয়াকৈ ক্ষুদ্ৰ চাহ বাগিচাসমূহে উৎপাদন কৰা জৈৱিক চাহে ৰাজ্যখনৰ লগতে বিদেশতো সমাদৰ লাভ কৰিছে। পাঁচনৈৰ যুৱক পল্লৱজ্যোতি নাথ, প্ৰনৱজ্যোতি নাথ আৰু মনময়ূৰী দেৱীয়ে ২০১০ চনত আৰম্ভ কৰা ক্ষুদ্ৰ চাহ বাগিচাৰ উৎপাদিত চাহেও সম্প্ৰতি বিদেশত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কঠোৰ পৰিশ্ৰমী আৰু প্ৰবল আত্মবিশ্বাসী পল্লৱজ্যোতি নাথৰ জৈৱিক চাহ বাগিচাখন চাবলৈ বিদেশী পৰ্যটকৰো আগমন ঘটিছে। ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই থকাৰ সময়তে এনেদৰে ক্ষুদ্ৰ চাহ বাগিচা পাতি নিজকে সংস্থাপিত কৰি পল্লৱজ্যোতি নাথে এক আদৰ্শ দাঙি ধৰিছে।

    প্ৰথম অৱস্থাত মাত্ৰ কেইবিঘামান মাটিত জৈৱিক পদ্ধতিৰে চাহ খেতি আৰম্ভ কৰাৰ পিছত পল্লৱজ্যোতিয়ে তাক সম্প্ৰসাৰণ কৰি বৰ্তমান ২১ বিঘালৈ বৃদ্ধি কৰিছে। এই ক্ষুদ্ৰ চাহ বাগিচাখনৰপৰা তেওঁ বছৰত ১০ কুইন্টল জৈৱিক চাহ ইন্টাৰনেচনেল কুৰিয়াৰযোগে ইংলেণ্ড, জাৰ্মানী, আমেৰিকা আদি অভি:ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰি সেয়া তাত বিক্ৰীৰ জৰিয়তে লাভান্বিত হোৱা বুলি তেওঁ জনাইছে। কেৱল সেয়াই নহয়, নাহৰকটীয়াৰ ‘পৃথিৱী গ্ৰুপ’-এ উৎপাদন কৰা জৈৱিক চাহ বাহিৰৰ দেশত বিক্ৰীৰ ব্যৱস্থা কৰি অসমৰ জৈৱিক চাহ বিশ্বত প্ৰতিষ্ঠিত কৰাৰ পদক্ষেপ লৈছে কৰ্মোদ্যমী যুৱক পল্লৱজ্যোতি নাথে। এজন জৈৱিক চাহ খেতিয়ক হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ প্ৰবল ইচ্ছা থকা পল্লৱজ্যোতি নাথে ককায়েক ছফটৱেৰ ইঞ্জিনীয়াৰ প্ৰণৱজ্যোতি নাথৰ উৎসাহ আৰু প্ৰেৰণাত জৈৱিক চাহ খেতিত নিজকে নিয়োজিত কৰি ভবা মতেই সফলতাৰ বাট কাটিবলৈ সক্ষম হৈছে। পল্লৱজ্যোতি নাথৰ এই সফলতাৰ খবৰ বিদেশতো পাইছেগৈ। ‘Assamica agro.m’ নামৰ তেওঁৰ ৱেবছাইটটোৰ যোগে বাগিচাখনৰ সবিশেষ তথ্য লাভ কৰাৰ পিছত বহুকেইখন দেশৰ পৰ্যটক আহিছে বাগিচাখন চাবলৈ। তেওঁ জনোৱা মতে, জাৰ্মানী, ইংলেণ্ড, আমেৰিকা, ছুইজাৰলেণ্ড, পেৰু, ইটালী, ফ্ৰান্স আদি দেশৰ পৰ্যটকে আহি চাহ বাগিচাখন চাই গৈছে।

      বিদেশী পৰ্যটকৰ আগমনে তেওঁক যথেষ্ট উৎসাহিত কৰা বুলি পল্লৱজ্যোতি নাথে জনাইছে। ইয়াৰ মাজতে ক্ষুদ্ৰ চাহ বাগিচাসমূহৰ ক্ষেত্ৰত চৰকাৰ তথা চাহ ব’ৰ্ডে গ্ৰহণ কৰা কেতবোৰ ভূমিকাক লৈ তেওঁ কিছু অসন্তুষ্টি প্ৰকাশ কৰিছে। চৰকাৰ বা টী ব’ৰ্ডে ক্ষুদ্ৰ চাহ বাগিচাত উৎপাদিত জৈৱিক চাহ বিদেশত বিক্ৰীৰ বাবে ‘Export Licence’ৰ ব্যৱস্থা কৰা হ’লে ক্ষুদ্ৰ চাহ খেতিয়কসকল অধিক লাভান্বিত হ’লহেঁতেন বুলি তেওঁ ব্যক্ত কৰে। আন এক উল্লেখনীয় কথা যে এইজন প্ৰবল আত্মবিশ্বাসী, কঠোৰ পৰিশ্ৰমী যুৱক পল্লৱজ্যোতি নাথে কেৱল জৈৱিক চাহ খেতিতেই ব্যস্ত নাথাকি ফল-মূলৰ খেতিতো নিজকে নিয়োজিত কৰিছে। তেওঁ প্ৰায় ৫ বিঘা মাটিত লিচুৰ বাগিচা, দুবিঘা মাটিত কমলাৰ বাগিচা কৰাৰ লগতে ৩০ বিঘা মাটিত ৰবৰ খেতি কৰিছে। তেওঁৰ ক্ষুদ্ৰ চাহ বাগিচাখনত থকা ২৫০ জোপা নাৰিকল গছ, ১৮০০ জোপা তামোল গছ লহপহকৈ বাঢ়ি আহিছে। কেইবছৰমানৰ পিছতে তামোল আৰু নাৰিকল বিক্ৰী কৰিয়েই তেওঁ বহু টকা উপাৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে। কেৱল সেয়াই নহয়, পল্লৱজ্যোতি নাথৰ ক্ষুদ্ৰ চাহ বাগিচাখনত অমিতা, কল, বগৰী, আম আদি বতৰৰ ফলবোৰৰ লগতে জৈৱিক সাৰ ব্যৱহাৰ কৰি উৎপাদন কৰা শাক-পাচলিও পোৱা যায়। পল্লৱজ্যোতি নাথৰ জৈৱিক চাহৰ ক্ষুদ্ৰ চাহ বাগিচাখন অঞ্চলটোৰ ৰাইজৰ লগতে বিদেশী পৰ্যটকৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

                                                                                লেখক:নাৰায়ণ ফয়েল(দৈনিক অসম)

English Summary: Organic tea produced by Pallab Jyoti Nath has been appreciated in international level

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.