Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 7 March, 2023 12:59 PM IST
Role of Women in Agriculture Sector

ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ। উত্তৰত সিন্দু উপত্যকা, ব্ৰহ্মপুত্ৰ অঞ্চল আৰু গঙ্গা আৰু লগতে বাৰিষা ঋতু, এই সকলো খিনি মিলি এক গুৰত্বপূৰ্ণ কৃষি ক্ষেত্ৰৰ সৃষ্টি কৰিছে। কৃষি হৈছে ভাৰতীয় অৰ্থনৈতিক বিকাশ আৰু দৰিদ্ৰতা হ্ৰাসৰ এক গুৰুত্বপূৰ্ণ চালিকা শক্তি। অতীজৰে পৰা কৃষি ক্ষেত্ৰত মহিলা শক্তিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কৃষিৰ লগত জড়িত বিভিন্ন কাম যেনে শস্য ৰোপন, বনবাত নিৰনি কৰা, শস্য চপোৱা সকলো কামতে মহিলা কৃষকসকল ওতপ্ৰেতভাৱে জড়িত হৈ আছে। পৰম্পৰাগত বা উদ্যোগিক উপায়েৰে হওক, জীৱিকা তথা কৃষি শ্ৰমিকৰ জড়িয়তে হওক ভাৰতৰ কৃষি খণ্ডত মহিলা শক্তিয়ে এক গুৰুত্বপূৰ্ণ প্ৰতিনিধিত্ব কৰি আহিছে।

ড০ স্বামীনাথনে কৈছে যে সমগ্ৰ বিশ্বতে কৃষি সূত্ৰপাত আৰু বৈজ্ঞানিক বিকাশৰ আৰম্ভনি মহিলা সকলেই কৰিছে। কৃষি হৈছে ভাৰতীয় অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ সম্পদ। এই সম্পদৰ সৱলীকৰণত ৫০ শতাংশ মহিলাই স্হান গ্ৰহণ কৰিছে। এই গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি বছৰে ১৫ অক্টোবৰৰ দিনটো মহিলা কৃষক দিৱস হিচাপে উদযাপন কৰা হয়। আমি সকলোৱে জানো যে দেশজুৰি মিলেট আৰু কৃষি সম্প্ৰসাৰণ বৃদ্ধিৰ লক্ষ্যৰে ২০২৩ বৰ্ষটো আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে ঘোষণা কৰা হৈছে। আৰু এই মিলেট বৰ্ষৰ লগতে সাম ৰাখি এই বছৰৰ মহিলা কৃষক দিৱসৰ মূল মন্ত্ৰ হৈছে ‘মিলেট- মহিলা সৱলীকৰণ আৰু পুষ্টিকৰণ’।

সম্প্ৰতি কালত বিজ্ঞান আৰু প্ৰযুক্তিৰ সঞ্চাৰে কৃষি খণ্ডত এক নৱজাগৰণৰ সৃষ্টি কৰিছে। এনে উথ্থানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান হৈছে মহিলা শ্ৰমিকৰ। ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশবোৰত কৃষিয়ে মহিলা কৰ্মশক্তিৰ দুই তৃতীয়াংশ নিয়োগ অব্যাহত ৰাখিছে যদিও মহিলা শ্ৰমিকসকল সকলো ফালৰ পৰা উপেক্ষিত হৈ আহিছে। শ্ৰমিক শক্তিত মহিলাসকলৰ অধিপত্য থকা সত্বেও ভাৰতত মহিলাসকলে এতিয়াও দৰমহা, ভূমি অধিকাৰ আৰু স্হানীয় কৃষক সংগঠনবোৰত প্ৰতিনিধিত্বৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হৈছে। তদুপৰি তেওঁলোকৰ সৱলীকৰণৰ অভাৱৰ ফলত প্ৰায়ে কিছু সমস্যা যেনে তেওঁলোকৰ সন্তানৰ বাবে নিম্ন শিক্ষা প্ৰাপ্তি আৰু দূৰ্বল পাৰিবাৰিক স্বাস্হ্য আদি দেখা য়ায়। ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়ন প্ৰতিবেদন অনুসৰি কেৱল ৩২.৮ শতাঁশ ভাৰতীয় মহিলাই অনুষ্ঠানিকভাৱে শ্ৰমিক বাহিনীত অংশগ্ৰহণ কৰে। তাৰ তুলনাত পুৰুষৰ সংখ্যা ৮১.২ শতাংশ। এনেসমূহ কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বাৰত চৰকাৰে মহিলা সৱলীকৰণৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।

কৃষি অসমীাৰ পৰম্পৰাৰ বাহক। অসমীয়া সমাজত কৃষিক আমি পৰিয়ালৰ ঐতিহ্য, সামাজিক বান্ধোন আৰু পুৰুষ নাৰী নিৰ্বিশেষে কৰ্মক্ষেত্ৰত অনুপম স্হল বুলি অভিহিত কৰিব পাৰো। ৰাজ্যখনৰ গ্ৰাম্য জনসাধাৰণৰ অৰ্থনৈতিক স্বাৱলম্বিতা, সিদ্দান্ত গ্ৰহণৰ ক্ষমতা আৰু পৰিয়াল এটিৰ সৰ্বাত্মক বিকাশৰ ক্ষেত্ৰত সেয়েহে কৃষিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

ভাৰতবৰ্ষত নাৰী আৰু পুৰুষৰ লিংগ বৈষম্য আৰু কৃষিক্ষেত্ৰত জড়িত নাৰীসকল প্ৰাপ্ত স্বীকৃতিৰ পৰা বঞ্চিত হোৱা ছবিখনৰ বিপৰীতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নাৰী সমাজৰ স্হিতি এইক্ষেত্ৰত বহুখিনি উন্নত। অসমত কৃষি ক্ষেত্ৰৰ সৈতে জড়িত নাৰীসকল প্ৰযুক্তিগতভাৱে সবল কৰি তোলাৰ বাবে বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। উদাহৰণস্বৰূপে মাটি চহোৱাৰ বাবে পাৱাৰ টিলাৰ, ৰোটাভেটৰ, মৰনা মৰাৰ বাবে শক্তিচালিত যন্ত্ৰ, ধান দাৱলৈ বিশেষ কাঁচি আদিৰ লগতে এইসকল মহিলাক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈ তেলপেৰা যন্ত্ৰ, দাইল সংসাধন যন্ত্ৰ আদি বিভিন্ন আঁচনি আগবঢ়োৱা হৈছে। বজাৰক কেন্দ্ৰ কৰি প্ৰণালীবদ্ধ ফুলৰ খেতি, কাঠফুলাৰ খেতি, নাৰ্চাৰী, ফলমূল সংৰক্ষণ, উন্নত পেকেজিং ব্যৱস্হা, ঘৰতে প্ৰস্তত কৰিব পৰা কেতবোৰ জৈৱ নিয়ন্ত্ৰন সামগ্ৰী আদিক গুৰুত্ব দি যুগুতাই উলিওৱা এনেবোৰ আঁচনিয়ে মহিলাসকলক নিশ্চিতভাৱে আৰু অধিক উৎসাহেৰে কৃষি কৰ্মৰ প্ৰতি আকৰ্ষিত কৰি তোলাৰ লগতে তেওঁলোকক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিব পাৰে।

অসমৰ বিভিন্ন জিলাসমূহৰ ভিতৰত দৰং জিলা কৃষি ক্ষেত্ৰত যথেষ্ট আগবঢ়া। দৰং জিলাৰ অৰ্থনীতি নিৰ্ভৰ কৰে কৃষি ক্ষেত্ৰৰ ওপৰত। দৰং জিলাৰ সৰ্বমুঠ মাটিকালিৰ ১,২০,১৯১ হেক্টৰ মাটিকালি কৃষি কৰ্ম কৰা হয়। দৰঙৰ শাক পাচলিৰ বজাৰ অসম বিখ্যাত। কৃষি ক্ষেত্ৰত দৰঙৰ মহিলা কৃষক শক্তি কোনো গুণে কম নহয়।    

 

দৰং জিলাৰ কৃষি ক্ষেত্ৰত মহিলা কৃষকৰ ভূমিকাৰ তালিকা

কৃষি কৰ্ম

সৰু

সধ্যমীয়া

ডাঙৰ

সৰ্বমূঠ

মহিলা

পুৰুষ

মহিলা

পুৰুষ

মহিলা

পুৰুষ

মহিলা

পুৰুষ

মাটি চহোৱা

৮১

২২৫

১৫

২২৬

৯৯

৩৭৫

কঠিয়া তোলা

১৬৩

১৮

১০১

৬২

১২

২৫

১১৩

কঠিয়া পাৰা

১৬৩

২৪৫

১০১

২২৬

১১

২৭৫

৩৭৫

পথাৰ পৰিদৰ্শন

১২০

৮০

২০২

কীটনাশক দ্ৰব্যৰ প্ৰয়োগ

১০৭

৬৩

১৭২

শস্য চপোৱা

১৬৩

২৪৫

১০১

২২৬

১১

২৪৫

৩৭৫

মৰনা মাৰা

১৬৩

২২৫

১০১

২২৬

১১

২৪৫

৩২২

শস্য শুকোৱা

১০৮

২১

৭৬

২৭

১৩

১১৭

০৮

চাফা কৰা

১০৮

২৯

৭৬

২৭

১৩

১৯৭

৫৮

শস্য বেগত ভৰোৱা আৰু সংৰক্ষণ

১০৮

২৫

৭৬

১৮

১০

২৯৪

৪৪

সৰ্বমুঠ

৫৩১

৩৩১

৬৩

৯২৫

                   

 

কৃষিক্ষেত্ৰত আগৰণুৱা কিছুসংখ্যক মহিলাৰ নিদৰ্শনঃ

অনিমা ডেকাঃ

নিজ ৰঙামাটি গাওঁ নিবাসী শ্ৰীমতী অনিমা ডেকা এগৰাকী কৃষিক্ষেত্ৰত আগৰণুৱা মহিলা। ২০১৭-১৮ চনৰ পৰা তেখেতে পশুপালনৰ লগত জঢ়িত হৈ আছে। তেখেতে হাঁহ, কুকুৰা, গৰু আদি পালন কৰি নিজকে স্বাৱলম্বী কৰি তুলিছে। ২০১৭-১৮ বৰ্ষত তেখেতৰ ১০ টা হাঁহ, ১০ কুকুৰা, দপটা গৰুৰে আৰম্ভ কৰা কৃষিকৰ্মত ১৩,৫০০.০০ টকা আয় হৈছিল। প্ৰথম অৱস্হাত তেওঁ থলুৱাভাৱে কৃষি কৰ্ম কৰি গৈছিল।

২০১৮-১৯ বৰ্ষৰ আৰম্ভনিৰ পৰা অনিমা ডেকা কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত জড়িত হৈ পৰে আৰু কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙৰ তত্বাৱধানত বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰ্ম আৰম্ভ কৰে। কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙৰ অধীনত তেখেতে হাঁহ কুকুৰা পালনৰ ওপৰত প্ৰশিক্ষণ গ্ৰহণ কৰে আৰু লগতে উন্নত প্ৰজাতিৰ হাঁহ কুকুৰা পালনৰ কাম হাতত লয়।

প্ৰযুক্তি সম্প্ৰসাৰণঃ

  1. আয় = ৫৪,৭০০ (২০২১-২০২২)
  2. নতুন গাওঁ = ৩ খন

বৰ্তমান অনিমা ডেকা এগৰাকী সফল মহিলা কৃষক হিচাপে পৰিগণিত হৈছে। তেওঁ নিজৰ স্বাৱলম্বিতাৰ জৰিয়তে নিজ পৰিয়াল পোহপাল দিয়াৰ লগতে আন দহগৰাকী মহিলাৰ বাবে আদৰ্শ হৈ পৰিছে।

জেছমিনাৰা বেগমঃ

বেজপাৰা গাওঁ নিবাসী জেছমিনাৰা বেগম এগৰাকী কৃষি কৰ্মৰ লগত জড়িত মহিলা। তেখেতৰ মুঠ মাটিকালিৰ ২.৫ হেক্টৰ মাটিত তেওঁ ধান, সৰিয়হকে আদি কৰি বিভিন্ন শাক পাচলিৰ কেতি কৰি আহিছে।

২০১৫-১৬ বৰ্ষৰ পৰা জেছমিনাৰা বেগমে ৫০ খন বিছনাৰে কাঠফুলা খেতি আৰম্ভ কৰে। ঘৰৰ পৰা সৰু কোঠা এটাৰ পৰা আৰম্ভ কৰা কাঠফুলা খেতিৰদ্বাৰা তেখেতে যথেষ্ট লাভান্বিত হয়।

২০১৮-১৯ বৰ্ষৰ পৰা তেখেতে কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙৰ লগত সম্পৰ্ক স্হাপন হয় আৰু নিজৰ ব্যৱসায়ৰ পৰিসৰ দুগুনে বৃদ্ধি হোৱাত সহায় হয়।

কাঠফুলা খেতিৰ উৎপাদন আৰু আয়ৰ তালিকা

বৰ্ষ

জাত

বিছনাৰ সংখ্যা

উৎপাদন

প্ৰতিখন বিছনাৰ খৰচ

বিক্ৰী মূল্য

মুঠ উপাৰ্জন

শুদ্ধ আয়

২০১৮-১৯

ফ্লৰিদা ৮ কিঃ গ্ৰা

৮০ খন বিছনা

০.৮ কু. @ ১ কে. জি/ বিচনা

৩২০০ @ ৪০/বিচনা

সতেজ ১৫০/ কে.

সতেজ (০.৮) ১২,০০০.০০

৮৮০০.০০

২০১৯-২০

ফ্লৰিদা ১০ কিঃ গ্ৰা

১০০ খন বিছনা

১.০ কু. @ ১ কে. জি/ বিচনা

৪০০০ @ ৪০/বিচনা

সতেজ ১৫০/ কে.

শুকান ১০০০/কে

সতেজ (০.৭ কু.)

২০৫০০.০০

শুকান (৩.০ কে.) ৩০০০০.০০

৯৫০০.০০

২০২০-২১

ফ্লৰিদা ২০ কিঃ গ্ৰা

১০০ খন বিছনা

১.২ কু. @ ১ কে. জি/ বিচনা

৬০০০ @ ৫০/বিচনা

সতেজ ১৮০/ কে.

শুকান ১০৫০/কে

 সতেজ (০.৮কু)

১৪,৪০০.০০

শুকান (৮ কে)

৪২০০.০০

১২,৬০০.০০

 

মেৰী সাধনা শৰ্মা

বিষয় বস্তু বিশেষজ্ঞ (উদ্ভিদ প্ৰজনন আৰু বংশগতি)

কৃষি বিজ্ঞান কেন্দ্ৰ, দৰং

লগতে পঢ়কঃ ২০০৮ চনত স্বামীক হেৰুৱাই কণিকা তালুকদাৰে ছমহীয়া কন্যা সন্তানক বুকুত লৈ আৰম্ভ কৰে এই যাত্ৰা...

English Summary: Role of Women in Agriculture Sector reference With Darang District
Published on: 07 March 2023, 12:59 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now