Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 28 May, 2019 12:24 PM IST

কৰ্মস্পৃহাই মানুহক যে সদায় উদ্যমী কৰি ৰাখে, তাৰ জ্বলন্ত নিদৰ্শন দাঙি ধৰিছে মৰিগাঁও জিলাৰ বান-খহনীয়াত বিধ্বস্ত লাহৰীঘাটৰ অৱসৰপ্ৰাপ্ত শিক্ষক আফাজউদ্দিনে। লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত বৰখাবল গাঁৱৰ এইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে যোৱা বছৰ পৰীক্ষামূলকভাৱে এবিঘা মাটিত দুটা প্ৰজাতিৰ(আপেল বগৰী) বগৰী খেতি কৰিছিল। অৱসৰপ্ৰাপ্ত শিক্ষক তথা খেতিয়কজনে জনোৱা মতে, তেওঁ পৰীক্ষামূলকভাৱে কৰা এবিঘা বগৰী খেতিৰপৰা প্ৰায় ৮০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। অন্য খেতিতকৈ কম পৰিশ্ৰম আৰু অধিক লাভৰ মুখ খেতি এইবছৰ খেতিয়কজনে আৰু দুবিঘা মাটিত বগৰী খেতি কৰিছে। তেওঁৰ খেতিডৰাত উৎপাদিত বগৰী ডিচেম্বৰ মাহৰ শেষৰপৰা বিক্ৰী আৰম্ভ কৰিছে। আফাজউদ্দিনৰ খেতিত এটা আপেলৰ দৰে ৰঙৰ আৰু আন এটা সেউজীয়া ৰঙৰ উন্নত জাতৰ বগৰী আছে। বৰ্তমান আপেল ৰঙৰ প্ৰতি কিলোগ্ৰাম বগৰীৰ পাইকাৰী বজাৰমূল্য ৬ টকা, খুচুৰা ৮০ টকা আৰু সেউজীয়া বগৰীবিধৰ পাইকাৰী মূল্য ৩৫ টকা আৰু খুচুৰা ৬০-৬৫ টকা। এই বগৰীবিধৰ ৮-৯টাতে এক কিলোগ্ৰাম ওজন হয়। এই সন্দৰ্ভত খেতিয়কজনে জনোৱা মতে, যোৱা বছৰ লগোৱা বগৰী বিঘাত এইবেলি ভাল উৎপাদন হৈছে যদিও নতুনকৈ ৰোপণ কৰা দুবিঘাত সিমান উৎপাদন হোৱা নাই। এইবাৰ মুঠতে বগৰী বিক্ৰী কৰি খেতিয়কজনে দুই লাখমান টকা পোৱাৰ আশা কৰিছে। 

কোনোধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ বাতৰি কাকতত বগৰী খেতিৰে স্বাৱলম্বী হোৱাৰ লেখা পঢ়ি তেওঁ নিজেও উন্নত জাতৰ বগৰী খেতি কৰিবলৈ আগবাঢ়ি আহিছিল। ২০১১ চনত অৱসৰ গ্ৰহণ কৰা শিক্ষকজনে অঞ্চলটোৰে এখন ছিনিয়ৰ মাদ্ৰাছাত শিক্ষকতা কৰিছিল। অৱসৰ গ্ৰহণৰ পিছতে তেওঁ পুনৰ উদ্যমেৰে বগৰী খেতিত নিয়োজিত হৈ পৰে। উল্লেখযোগ্য যে বৰ্তমানলৈকে খেতিয়কজনে কৃষি বিভাগৰ তৰফৰপৰা কোনোধৰণৰ সা-সুবিধা লভ কৰা নাই। খেতিয়কজনে কৃষি বিভাগৰ তৰফৰপৰা কোনোধৰণৰ সা-সুবিধা লাভ কৰা নাই। খেতিয়কজনে জনোৱা মতে, বগৰী খেতি সন্দৰ্ভত কৃষি বিভাগে কিছু দিহা-পৰামৰ্শ দিয়াহেঁতেন, তেওঁ হয়তো ফচল অধিক উৎপাদনেৰে অধিক উপাৰ্জন কৰিব পাৰিলেহেঁন। ইফালে, অঞ্চলটোৰ অৱসৰপ্ৰাপ্ত শিক্ষকজনে বগৰী খেতিত নিয়োজিত হৈ পৰা দেখি বান-খহনীয়াগ্ৰস্ত অঞ্চলটোৰ একাংশ লোক ওলাই আহিছে এই খেতি কৰিবলৈ। বৰ্তমান অঞ্চলটোৰ লগতে সমগ্ৰ জিলাখনৰ বাবেই আদৰ্শ হৈ পৰা বয়সীয়াল খেতিয়কজনৰ বগৰী খেতিত পূৰ্ণ সহযোগ কৰিছে নিজৰ দুই শিক্ষিত সন্তানে। বগৰী খেতিৰ জৰিয়তে ৰাজ্যখনত উপাৰ্জনৰ যথেষ্ট স্থল আৰু আৰু এইক্ষেত্ৰত কৃষি বিভাগক আগ্ৰহী খেতিয়কসকলক সহযোগিতা আগবাঢ়িবলৈ খেতিয়কজনে আহ্বান জনায়।

উৎস: দৈনিক অসম(বিষ্ণু ডেকা)

English Summary: Retired Teacher from Lahorighat Farming apple berry ( Bogori- in Assamese)
Published on: 28 May 2019, 12:24 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now