Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 20 February, 2023 2:25 PM IST
Quail Bird Farming & its Benefits

সম্প্ৰতি বিভিন্নজন লোকে বটা চৰাই পালন কৰিবলৈ আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছে। কণী আৰু মাংসৰ বাবে সাধাৰণতে সাধাৰণতে এই বটা চৰাইসমূহ পালন কৰা হয়। বৰ্তমান সময়ত বাৰ্ডফ্লুৰ বা পক্ষীজ্বৰৰ দৰে মহামাৰীয়ে কুকুৰা পালন উদ্যোগটোৰ যথেষ্ট ক্ষতি সাধন কৰে। ইয়াৰ বিকল্প সন্ধান হিচাপে বটা চৰাই পালন কৰিব পাৰে। তদুপৰি ব্ৰয়লাৰ মাংসৰ প্ৰতি সম্প্ৰতি মানুহৰ আদৰো কমি আহিছে।। এই সকলো বিলাক দিশ চালি-জাৰি চাই, কম খৰচত অধিক বিভিন্নজনে বেমাৰ-আজাৰে সহজে অনিষ্ট কৰিব নোৱাৰা বতা চৰাই পালনত গুৰুত্ব আৰোপ কৰিবলৈ ধৰিছে পশুপালকসকলে।

বতা চৰাই ভিন ভিন প্ৰজাতিৰ আছে যদিও পাম এখনত সাধাৰণতে জাপানী বতা চৰাই (Japanese quail) পালন কৰা হয়। বতা চৰাই পৃথিৱী বিখ্যাত আৰু ইয়াৰ ব্যৱসায়িক ভিত্তিত পালন প্ৰথম জাপানতেই আৰম্ভ হৈছিল, যদিও বৰ্ত্তমান সমগ্ৰ পৃথিৱী জুৰি ই প্ৰসাৰতা লাভ কৰিছে। এই চৰাইবোৰ আকাৰত সৰু যদিও কণী আৰু মাংস উৎপাদনৰ বাবে ব্যৱসায়িক ভিত্তিত ইয়াক পালন কৰি লাভৱান হ’ব পাৰি। বতা চৰাইৰ কণী আৰু মাংস কুকুৰাৰ কণী আৰু মাংসৰ তুলনাত উচ্চ গুণ সম্পন্ন বুলি বিজ্ঞানী মহলে কব খোজে। বতা চৰাইৰ কণীত ক’লেষ্টেৰলৰ (cholesterol) মাত্রা কম হোৱা বাবে ই স্বাস্থ্যৰ বাবে বেছি উপকাৰী আৰু ইয়াৰ মাংস কুকুৰাৰ মাংসতকৈ বেছি সোৱাদ যুক্ত। ইয়াত থকা চর্বীৰ পৰিমাণ কম হোৱা বাবে ই উচ্চ ৰক্তচাপ ৰোগীৰ বাবেও উপকাৰী। বতা চৰাইৰ কণী আৰু মাংস গর্ভৱতী মহিলাৰ বাবে অতি পুষ্টিকাৰক খাদ্য। কুকুৰাৰ কণীৰ তুলনাত বতা চৰাইৰ কণীত থকা ক’লেষ্টেৰল (cholesterol)ৰ পৰিমাণ যথেষ্ট কম – প্ৰায় তিনিভাগৰ এভাগ; আনহাতে ভিটামিন এ (Vitamin A) প্ৰায় তিনিগুণ বেছি থাকে। বতা চৰাইৰ কণীত ১৩ শতাংশ প্র’টিন (Protein) থকাৰ বিপৰীতে কুকুৰাৰ কণীত ইয়াৰ পৰিমাণ হ’ল ১১ শতাংশ।

লগতে পঢ়ক- 

২০০৮ চনত স্বামীক হেৰুৱাই কণিকা তালুকদাৰে ছমহীয়া কন্যা সন্তানক বুকুত লৈ আৰম্ভ কৰে এই যাত্ৰা...

বতা চৰাইৰ দানা :

গোমধান, জোৱাৰ, চাউলৰ মলি, বাদামৰ খলিহৈ, ছয়াবিনৰ গুড়ি, শুকান মাছৰ গুড়ি, খনিজ লৱণ আদি। এই উপাদান সমূহ নিৰ্দিষ্ট অনুপাতত মিশ্রণ কৰি গুড়ি দানা প্রস্তুত কৰিব লাগে। বতা চৰাইবোৰ আকাৰত সৰু হোৱা বাবে ইহঁতক সদায় গুড়ি দানাহে খুউৱা উচিত।

বতা চৰাই পালনৰ পদ্ধতি :

বতা চৰাইবোৰক অতি কম ঠাইৰ আৱশ্যক হয় সেয়েহে ১ বর্গফুট মাটিকালিত ৬টা চৰাই ২ সপ্তাহ বয়সলৈকে ৰাখি তাৰ পিছত সজালৈ স্থানান্তৰিত কৰিব পাৰি। বতা চৰাইবোৰৰ ওজন সঠিক কৰি ৰাখিবলৈ সিহঁতৰ অনাৱশ্যকীয় চলাচল পৰিহাৰ কৰা উচিত। আন চৰাইৰ তুলনাত বতা চৰাইৰ বেমাৰ আজাৰ কমকৈ হোৱা দেখা যায়। সেয়েহে এই চৰাইবোৰক টিকা কৰণৰো প্রয়োজন নহয়। পামখনক বেমাৰ আজাৰৰ পৰা মুক্ত কৰি ৰাখিবলৈ প্রতিদিনে চাফ – চিকুণ কৰিব লাগে আৰু যিমান দূৰ সম্ভৱ পামৰ মজিয়া শুকান কৰি ৰাখিব লাগে। পৰিষ্কাৰ খোৱা পানী আৰু উন্নত মানৰ খাদ্য যোগানৰ লগতে পামখনত মুকলি বতাহ চলাচলৰ সুব্যৱস্থা থকা অতি দৰকাৰ। বতা চৰাইৰ পামৰ আন এটা মনকৰিবলগীয়া বিষয় হৈছে পোহৰৰ সুব্যৱস্থা। 

বতা চৰাই পালনৰ সুবিধাজনক দিশসমূহ :

১) বতা চৰাই পালনৰ আটাইতকৈ সুবিধাজনক দিশটো হ’ল – আন চৰাইৰ লগতো বতা চৰাই অনায়াসে পালন কৰিব পাৰি।
২) যথেষ্ট কম মূলধনেৰে বতা চৰাইৰ পাম এখন আৰম্ভ কৰিব পাৰি।
৩) এই চৰাইবোৰ আকাৰত সৰু বাবে আন চৰাইৰ তুলনাত কম ঠাইৰ দৰকাৰ হয়।
৪) মাংস উৎপাদনকাৰী (Broiler) বতা চৰাই পাঁচ সপ্তাহ বয়সতে বিক্ৰীৰ বাবে উপযুক্ত হয়।
৫) কণী উৎপাদনকাৰী (Layer) বতা চৰাই ছয়ৰ পৰা সাত সপ্তাহৰ ভিতৰত কণী পাৰিবলৈ আৰম্ভ কৰে ।
৬) কণী উৎপাদন ক্ষমতা আন চৰাইৰ তুলনাত অধিক – প্ৰথম বছৰত প্ৰায় ৩০০ টা কণী পাৰে।
৭) ১ কিলোগ্ৰাম ওজনৰ বতা চৰাই এটাৰ পৰা ৭০০ গ্ৰাম মাংস পোৱা যায়, কিন্তু একে ওজনৰ কুকুৰা এটাৰ পৰা ৬০০ গ্ৰামহে মাংস পোৱা যায়।                                                                                   ৮)  এই কুকুৰাৰ কণী সৰু হ’লেও ইয়াৰ দাম ব্ৰয়লাৰ কণীতকৈ দাম বেছি এটাত ৭ টকা দৰত বিক্ৰি হয় অসমত।

বটা চৰাই পালনৰ সহজ পদ্ধতি আৰু সুবিধাসমূহ

৪৫ দিনৰ পিছৰে পৰা এজনী বতা চৰায়ে এটাকৈ কণী পাৰিবলৈ আৰম্ভ কৰে। প্ৰায় তিনি বছৰ পৰ্যন্ত এজনী বতা চৰায়ে দৈনিক এটাকৈ কণী পাৰিব পাৰে। এই কণী বৰ্তমান বজাৰত ৩ টকাৰ পৰা ৬ টকা দামত বিক্ৰী হৈ আছে। আনহাতে, মাংসৰ বাবে উপযুক্ত এটা বতা চৰাইৰ বৰ্তমান বজাৰৰ মূল্য ১০০ ৰ পৰা ১২০ টকা। উল্লেখযোগ্য যে, বহু ঔষধিগুণ সম্পন্ন বতা চৰাইৰ কণীৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰতো বহু চাহিদা আছে। গৱেষকসকলে প্ৰায় ২২বিধ ৰোগৰ প্ৰতিষেধক ক্ষমতা থকা বুলি উল্লেখ কৰা এই বতা চৰাইৰ কণী বিচাৰি এতিয়া বৰহোলা, তিতাবৰৰ বিভিন্ন দোকান-বজাৰ সমূহত গ্ৰাহকৰ হেতা-ওপৰা লগা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে নিৱনুৱা যুৱক-যুৱতীসকলৰ লগতে গৃহিনীসকলেও ঘৰতে বটা চৰাই পালন কৰি আৰ্থিকভাৱে লাভৱান হ’ব পাৰে। লখিমপুৰ জিলাৰ নাওবৈচাৰ বঙাল চুকৰ ইন্টু দত্তই নিকেটনত শিক্ষকতা কৰাৰ লগতে বটা চৰাই আৰু উন্নত প্ৰজাতিৰ হাঁহ পালন কৰি মাহে ৫০ হাজাৰকৈ উপাৰ্জন কৰে। ১০ টা বঁটা চৰায়ে আৰম্ভ কৰা ফাৰ্মখনত এসময়ত ২৮০০ টা বঁটা চৰাই হৈছিলগৈ আৰু ২৮০০ বটা চৰায়ে দৈনিক ২০০০ টা কণী দিছিল ইণ্টু দত্তক।

লগতে পঢ়ক- 

কাৰোবাক ধাৰ মাৰিবলৈ আছে যদি এবিঘামান পটল খেতি কৰক

English Summary: Quail Bird Farming & its Benefits
Published on: 20 February 2023, 11:30 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now