Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 17 May, 2022 2:21 PM IST
কৃষি কৰ্মৰে আদৰ্শ পাঠশালাৰ দীপাংকৰ শৰ্মা আৰু তেওঁৰ পৰিয়াল

যি সময়ত ৰাজ্যখনৰ একাংশই চৰকাৰী চাকৰিৰ আশাত জীৱনৰ অমূল্য সময় পাৰ কৰি বহি আছে, সেই সময়ত পাঠশালাৰ বৰভালা গাৱঁৰ দীপাংকৰ শৰ্মাই ‘মিশ্ৰিত পাম’ৰে বছৰি কেইবালাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। ছাগলী, মৌ পালন, গাহৰি, কুকুৰা, গৰু আদি পালনেৰে কেইবাটাও পৰিয়ালক সংস্হাপনো দিছে। কৃত্ৰিম প্ৰজননেৰে ছাগলী আদিৰ বংশবৃদ্ধিত গুৰুত্ব দি বছৰি ব্যৱসায় বঢ়াবলৈ সক্ষম হৈছে। উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱৰ বিটেল, বাৰবাৰী, যমুনাপুৰী, চোজাত, গুজৰি আদি উন্নত প্ৰজাতিৰ ছাগলী পালনেৰে অৰ্থনৈতিক বিপ্লৱৰ সূচনাৰে নতুন পুৰুষক আকৰ্ষণ কৰিছে।

উল্লেখ্য যে, ‘মিশ্ৰিত পাম’ ব্যৱস্হাৰে অসমত বহু যুৱক আত্মনিৰভৰশীল হৈছে। মিশ্ৰিত পাম ব্যৱস্হাত চৰকাৰী পশু চিকিৎকৰ সহায়ৰ প্ৰয়োজন। কাৰণ বতৰৰ বাবে গৰু ছাগলীৰ প্ৰায়েই ৰোগত আক্ৰান্ত হয়। এই ক্ষেত্ৰত পাঠশালবাসীৰ গৰুৰ পাম, মিশ্ৰিত পামলৈ গৈ অঞ্চলটোৰ পশু চিকিৎক ডাঃ হিতেশ পাঠকে চিকিৎসা প্ৰদান কৰে। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ডাঃ হিতেশ পাঠকৰ লগত কথা পাতি বজালীৰ লগতে বিভিন্ন অঞ্চলৰ গাখীৰ উৎপাদন বৃদ্ধিৰ বাবে পৰ্যামানে গো পালক সকলক সহায় কৰাৰ পৰামৰ্শ দিছে।

লক্ষণীয় যে পাঠশালাৰ বৰভালা গাৱঁৰ দীপাংকৰ শৰ্মাৰ হৰিপূৰ বৰভালা আৰু বঁঙাইগাৱত দুখন পাম আছে। শৰ্মাই কয়-‘ বৰভালাৰ পিতৃৰ মাটিত আমি ছাগলী, গৰু, হাঁহ, কুকুৰা, মৌ পালন কৰাৰ লগতে ঘাঁহৰো খেতি কৰো। পামত ১৫ জনী খীৰতী গাই আছে। পূৰবী আৰু আমূল কোম্পানীৰ ওচৰত গাখীৰ বিক্ৰী কৰি দৈনিক প্ৰায় ৩,৫০০ টকাৰ ব্ৱসায় হয়। গৰুৰ খাদ্য আৰু বিভিন্ন খৰচ হিচাপ কৰিলে মাহে গাখীৰৰ পৰা কিছু উপাৰ্জন হয়।’

শৰ্মাই আৰু কয় যে বৰভালা পামতে ছাগলী ৮০ টা আছে। পামত উন্নত জাতৰ ৰাজস্হান, পঞ্জাৱৰ ছাগলী পালন কৰা হয়। কৃত্ৰিম প্ৰজননৰ জৰিয়তে আমি ছাগলীৰ বংশ বৃদ্ধি কৰোঁ। এই ক্ষেত্ৰত পশু চিকিৎকৰ পৰামৰ্শ গ্ৰহণ কৰা হয়। ছাগলী অনুসৰি বজাৰত মূল্য বেলেগ বেলেগ হয়। মাহে গড়ে আমি ২৫ টাকৈ ছাগলী বিক্ৰী কৰো।

দীপাংকৰ শৰ্মাই কয় যে উন্নত মানৰ ছাগলীৰ পোৱালিৰ চাৰি মাহৰ পৰা ছয় মাহৰ ভিতৰত বিক্ৰী কৰিব পৰা যায়। বৰ্ণশংকৰ ছাগলী ১১ বা ১২ হাজাৰ টকাত বিক্ৰী কৰিব পৰা যায়। তেনে ছাগলী বিক্ৰী কৰি মাহে ১৮ হাজাৰ পৰ্যন্ত পোৱা যায়। বৰ্ণশংকৰ ছাগলী ১১ ৰ পৰা ১২ হাজাৰ টকাত বিক্ৰী কৰিব পৰা যায়। অৱশ্যে অসমৰ স্হানীয় ছাগলী ৩-৬ হাজাৰ টকাতহে গ্ৰাহকতে ক্ৰয় কৰে। আমি উন্নত মানৰ ছাগলী বিক্ৰী কৰি অধিক উপাৰ্জন কৰো। গড়ে ২৫ টাকৈ ছাগলী বিক্ৰী কৰি মাহে বুজন পৰিমাণপৰ টকাৰ ব্যৱসায় কৰি থকা বুলি শৰ্মাই জানিবলৈ দিয়ে।

আনহাতে শৰ্মাৰ পামত ২০০ টা বাংলাদেশৰ জিদ্দীঙ, কেম্বেলকে ধৰি বিভিন্ন প্ৰজাতিৰ হাঁহো আছে । স্হানীয় কুকুৰাও আছে। হাঁহ কুকুৰাৰ কণী দৈনিক বিক্ৰী কৰা হয়। শৰ্মাই কয় যে হাঁহ আৰু কুকুৰা বিক্ৰী কৰি আমি মাহে লাভ কৰা উপাৰ্জনেৰেই আমি চলিব পাৰো। বাকী গৰু গাখীৰ, ছাগলী বিক্ৰীৰে হোৱা উপাৰ্জন আমাৰ জমা পুজি বৃদ্ধি কৰিবলৈ সক্ষম হৈছো।

শৰ্মাই লগতে কয় যে পশুপালন, ফাৰ্ম আদিৰ ব্যৱসায়ত চৰকাৰৰ কৰৰ ৰেহাই পোৱা যায়। সেয়ে এনে ব্যৱসায়ত লাভ বেছি হয়। তেওঁ অসমৰ বাহিৰলৈ যোৱা যুৱকক অসমলৈ ঘূৰি আহি ঘৰতে থাকি মিশ্ৰিত পামেৰে স্বাৱলম্বী হবলৈ আহ্বান জনাইছে। প্ৰয়োজনত শৰ্মাই অসমৰ যুৱকক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে।

 

আনহাতে, দীপাংকৰ শৰ্মাৰ বঙাইগাঁৱৰ উত্তৰ শালমাৰাৰ দাৰোবজাৰত ৪০ বিঘা মাটিৰ আন এখন পাম আছে। সেই মাটি প্ৰথমে তেওঁ লীজত লৈছিল। লীজত লোৱা মাটিত গাহৰি পালন কৰাৰ লগতে ৰবৰৰ খেতি কৰিছিল। সময়ৰ গতিত গাহৰি পালনত প্ৰচুৰ লাভ হোৱাত শৰ্মাই দাৰোবজাৰৰ লীজত লোৱা মাটিও কিনিবলৈ সক্ষম হৈছে। গাহৰি এটা বিক্ৰী কৰিয়েই ১৫ হাজাৰ টকা পোৱা শৰ্মাই গাহৰিৰ পোৱালিও দৈনিক বিক্ৰী কৰে। শৰ্মাই কয়-‘মাত্ৰ চৰিটা গৰুৰে পাঠশালাত গৰু ফাৰ্ম আৰম্ভ কৰিছিলো। গৰুৰ লগতে শুভাকাংশীৰ পৰামৰ্শত উন্নত মানৰ ছাগলী  পালনৰ আৰম্ভ কৰিছিলো। সময়ৰ গতিত গৰু আৰু ছাগলীৰ ব্যৱসায়ত উপাৰ্জন বাঢ়ি গৈ আজি বছিৰ কেইবালাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছো।

এটা মাহতেই আমাৰ উন্নতি হোৱা নাই। ব্যৱসায় বৃদ্ধি কৰিবলৈ সাধনা কৰিছিলো। শৰ্মাই কয়- বন্দুকেৰে অসম স্বাধীন কৰিব নোৱাৰি, উন্নতিও কৰিব নোৱাৰি। সময়ত আমাৰ উপলব্ধি হৈছিল যে এটা বন্ধুকে যি কৰিব নোৱাৰে এটা গৰু বা ছাগলীয়ে সেই কাম কৰিব পাৰে। অৰ্থাৎ মানুহক আত্মনিৰ্ভৰ কৰিব পাৰে। এজন মানুহ আত্মনিৰ্ভৰশীল হোৱা মানেই জি ডি পি বাঢ়ি যোৱা। যদি অসমৰ জিডিপি বাঢ়ি যায় আৰু গাখীৰ, কণী, কুকুৰাৰ ব্যৱসায়েৰে অৰ্থনৈতিক বিপ্লৱৰ সৃষ্টি হয়, তেতিয়াহলে অসম স্বাধীন হ’ব। এতিয়া আমাক অৰ্থনৈতিক স্বাধীনতাৰহে প্ৰয়োজন হৈছে। যাতে প্ৰতিজন অসমীয়াই স্বাৱলম্বিতাৰ ৰাজ্যৰ প্ৰগতিৰ দিশত নতুন দিগন্তৰ সূচনা কৰিব পাৰে।

লেখক- জিতেন্দ্ৰ কুমাৰ চৌধুৰী

ফোন-৯৮৬৪০৩৭৪১৬

লগতে পঢ়ক-কৃষি কাৰ্যৰে আদৰ্শ ধেমাজিৰ ভৱেন শালৈ, ভোট জলকীয়া বিক্ৰী কৰি ১৮ লাখ টকা উপাৰ্জন-

English Summary: Pathshala Farmer Dipankar Sarma Earned Lakh By Integrated Farming
Published on: 17 May 2022, 02:21 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now