 
            যোৰহাট জিলাৰ খনামুখ চাৰিঙিয়া গাঁৱৰ প্ৰগতিশীল কৃষক দ্বীপেন বৰুৱাই অসমৰ থলুৱা জাতৰ ১২০ বিধ ধানৰ বীজ সংৰক্ষণ কৰি এক অন্যান্য অভিলেখৰ সৃষ্টি কৰিছে। কৃষক পৰিয়ালৰ সন্তান দ্বীপেন ১৯৯৬ চনৰ পৰা গভীৰ একাগ্ৰতাৰে বিগত দুটা দশক ধৰি পৰিশ্ৰম কৰি এই ১২০ বিধ ধানৰ বীজ সংগ্ৰহ কৰিছে।কৃষি কৰ্মৰ জৰিয়তে জীৱন গঢ়াৰ সংগ্ৰাম কৰা ব্যক্তি জনে নিজৰ জিলা খনৰ লগতে শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, গোলাঘাট আদিকে ধৰি সমগ্ৰ ৰাজ্যৰ অৰঙে দৰঙে ঘূৰি এই বীজ সমূহ সংগ্ৰহ কৰি প্রায় অকলশৰীয়া ভাবেই এক জাতীয় দায়িত্ব পালন কৰিছে।
কৃষক গৰাকীয়ে ফুটুকী বাওঁ, কোলা বাওঁ, জেঙণি বাওঁ, অমনা বাওঁ, ৰঙা বাওঁ, কণ জহা, বগা জহা, কলা জহা, ফুটুকী জহা,বগা শালি, কুশা শালি, মনোহৰ শালি, পেঙ্গেৰি, কণা মাছুৰি, বৰ বৰা, মুৰি ধান আদিকে ধৰি সৰ্বমুঠ ১২০ বিধ থলুৱা ধানৰ বীজ সংৰক্ষণ কৰিবলৈ সক্ষম হৈছে। এই বীজ সমূহ সংৰক্ষণ কৰা এক কঠিন কাম। বীজ সমূহ মাত্ৰ এটা বছৰহে সংৰক্ষণ কৰিব পাৰি। এটা বছৰৰ পাছত এই বীজ সমূহৰ পৰা কঠিয়া পোৱা সম্ভৱ নহয়। এই জটিলতাৰ বাবে প্ৰতি বছৰে এই বীজ সমূহৰ পৰা খেতি কৰাটো নিত্যন্তই আৱশ্যকীয়।বিগত দুই দশকৰো অধিক সময় ধৰি এই থলুৱা ধানৰ বীজ সংৰক্ষণ কৰাৰ বাবেই প্ৰতি বছৰে দ্বীপেন বৰুৱাই নিজা প্ৰচেষ্টাৰে এই বীজ সমূহৰ পৰা কঠিয়া পাৰি খেতি কৰি আহিছে। বৰ্তমান স্থানীয় খেতিয়ক সকলৰ চাহিদা অনুসৰি বৰুৱাই এই বীজ সমূহৰ খেতি কৰে।প্ৰতি কেজি বীজ ৫০ টকা দৰত বিক্ৰী কৰি বৰুৱাই বছৰি এক বুজন পৰিমাণৰ ধন উপাৰ্জন কৰে।
স্নাতক ডিগ্ৰীধাৰী বৰুৱাই প্ৰণালীবদ্ধ ভাৱে থলুৱা বীজ সংৰক্ষণ কৰাৰ সমান্তৰাল ভাৱে বিভিন্ন শাক পাচলি,ফল মূল, ফুল,বনৌষধি আদিৰ এখন নাৰ্ছাৰী ঘৰতে গঢ়ি তুলিছে। এইবোৰৰ সমান্তৰাল ভাৱে তেওঁ গৰু, ছাগলী, মীন পালন আদিও কৰি নিজৰ আৰ্থিক অৱস্থা সলনি কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে এই প্ৰগতিশীল কৃষক গৰাকীয়ে খেতি আৰু ঘৰৰ বাবে প্ৰয়োজনীয় বিদ্যুৎ শক্তি নিজে স্থাপন কৰা ২.৫ কিলোৱাট সৌৰ শক্তিৰ পৰা আহৰণ কৰে।এই বিদ্যুৎ শক্তি তেওঁ নিজে ব্যৱহাৰ কৰাৰ উপৰি নিজৰ চুবুৰীৰ ৰাইজক যোগান ধৰে।২০১৫ বৰ্ষত ৫ লাখ টকাৰে এই প্ৰকল্প স্থাপন কৰাৰ পাছৰে পৰা বিগত ৭ টা বছৰত এই কৃষক গৰাকীয়ে বিদ্যুৎ শক্তিৰ নামত এটা টকাও খৰছ কৰিব লগা হোৱা নাই।
কৃষি কৰ্মৰ ক্ষেত্ৰ খনলৈ বৰুৱাই আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে দ্বীপেন বৰুৱাই ২০১৩ বৰ্ষত জগজীৱন ৰাম অভিনৱ কিচান পুৰস্কাৰ লাভ কৰিছিল।একে বছৰতে তেওঁ ৰাজ্যিক পৰ্যায়ত তেওঁ দ্বিতীয় শ্ৰেষ্ঠ কৃষকৰ সন্মান লাভ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ২০১২ বৰ্ষত যোৰহাট জিলাৰ শ্ৰেষ্ঠ কৃষকৰ সন্মান লাভ কৰিছিল।
যি সময়ত বহুজাতিক কোম্পানীয়ে উচ্চ উৎপাদনৰ এবাৰ ব্যৱহাৰ যোগ্য বীজ সৃষ্টি কৰি বীজ বজাৰ খনত ক্ৰমশঃ নিজৰ একচেতীয়া আধিপত্য বিস্তাৰৰ প্রচেষ্টা অব্যাহত ৰাখিছে সেই সময়ত দ্বীপেন বৰুৱাৰ দৰে ব্যক্তিয়ে এই আধিপত্যবাদৰ বিৰুদ্ধে অকলে থিয় দি থলুৱা বীজ সংৰক্ষণ আন্দোলন আৰম্ভ কৰিছে।
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments