Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 11 November, 2022 5:37 PM IST
কাঠফুলা উৎপাদনেৰে অসম-নগালেণ্ডৰ বজাৰ দখল শিৱসাগৰৰ মিনা গগৈৰ

শিৱসাগৰ জিলাৰ নামদাং গোহাঁই গাঁৱৰ এগৰাকী মহিলাই স্বাস্থ্যসন্মত কাঠফুলা খেতিৰ জৰিয়তে স্বৱালম্বীতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। মীনা গগৈ বুঢ়াগোহাঁই নামৰ মহিলা গৰাকীয়ে অসম চৰকাৰৰ কৃষি বিভাগৰ পৰা প্ৰশিক্ষণলৈ ২০১৮ বৰ্ষত "প্ৰকৃতি মাছৰোম ইউনিট " নামৰ কৃষি ভিত্তিক এক উদ্যোগ আৰম্ভ কৰিছিল।প্ৰাথমিক পৰ্যায়ত কিছু সমস্যা আৰু প্ৰতিবন্ধকতাৰ সন্মুখীন হৈছিল যদিও এতিয়া মহিলা গৰাকী আৰু তেওঁৰ পৰিয়াল এই কৃষি কৰ্মৰ পৰা আৰ্থিক ভাৱে সৱল হৈ উঠিছে।

নিজ ঘৰৰ কাষৰ  এটা সৰু কোঠাত এই  খেতি আৰম্ভ কৰিছিল মহিলা গৰাকীয়ে। বৰ্তমান তেওঁ মাহে সৰ্বোচ্চ ১২০০ কিলোগ্ৰাম পৰ্যন্ত কাঠফুলা উৎপাদন কৰি ১.৫ লাখৰ পৰা ২ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।প্ৰতি কিলোগ্ৰাম কাঠফুলা উৎপাদনৰ বাবে ৩০ ৰ পৰা ৪০ টকা খৰচ হয়।উৎপাদিত ফচল মহিলা উদ্যোগী গৰাকীয়ে ১৪০ ৰ পৰা ১৫০ দৰত পাইকাৰী বিক্ৰেতাক যোগান ধৰে।আনহাতে খুচুৰা ভাবে বিক্ৰী কৰিলে প্ৰতি কিলোগ্ৰামত ২৫০ টকা পৰ্যন্ত পোৱা যায়।

বৰ্তমান মহিলা গৰাকীয়ে অয়েষ্টাৰ আৰু চাজাৰ কাজু কাঠফুলা উৎপাদন কৰি স্থানীয় বজাৰৰ  লগতে চুবুৰীয়া ৰাজ্য নগালেণ্ডটো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। মীনা গগৈ বুঢ়াগোহাঁইৰ এই কৃষি কৰ্ম সবল কৰাৰ বাবে  চৰকাৰী ভাবে তেওঁক যথেষ্ট পৰিমাণে সহায় আৰু সহযোগ আগবঢ়োৱা হৈছিল।প্ৰশিক্ষণৰ লগতে ৰাজসাহাৰ্য যুক্ত ঋণ,বিপনন আদিৰ ক্ষেত্ৰত কৰা সহায়ৰ বাবে মহিলা গৰাকীয়ে বৰ্তমান এই খেতিত অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

মাত্ৰ ৬০ হেজাৰ টকাৰে আৰম্ভ হোৱা এই কৃষি উদ্যোগটোৱে বিগত ৪ টা বছৰত আশানুৰূপ ভাবে সফলতা লাভ কৰিছে।মহিলা গৰাকীৰ পৰা লাভ কৰা অনুপ্ৰেৰনা আৰু প্ৰশিক্ষণৰ বলত ভালে কেইজন নতুন উদ্যোগী এই খেতি কৰিবলৈ ওলাই আহিছে।মহিলা গৰাকীয়ে জিলা খনৰ বিভিন্ন প্ৰান্তত এই খেতিৰ প্ৰশিক্ষণ প্ৰদান কৰি এই খেতিৰ জৰিয়তে সামান্য কেইটামান টকাৰ বিনিময়ত এজন ব্যক্তিয়ে কিদৰে আত্মনিৰ্ভৰশীল হব পাৰে সেই দিশত নিৰন্তৰ গতিৰে কাম কৰি গৈছে।

উল্লেখযোগ্য যে প্ৰকৃতিৰ বুকুত সৃষ্টি হোৱা নিৰামিষভোজীৰ মাংস ৰূপে পৰিচিত কাঠফুলা উচ্চ প্ৰটিন যুক্ত সুষম আহাৰ।কাঠফুলাত মাংস, মাছ আৰু কণীৰ পিছতহে সৰ্বাধিক পৰিমাণৰ প্ৰটিন পোৱা যায়। ইয়াৰ উপৰি কাঠফুলাত B,C,D আৰু K যথেষ্ট পৰিমাণে থাকে। এই খেতি কৰাৰ বাবে বৰ বিশেষ আন্ত: গাঁথনি আৰু মূলধনৰো প্ৰয়োজন নহয়।

লগতে পঢ়ক-কৰোণাত চাকৰি হেৰুওৱাৰ পিছতে আৰম্ভ কৰিলে মুকুতাৰ খেতি, এতিয়া ২.৫ লাখ টকাকৈ উপাৰ্জন তেওঁৰ

মুজাহিদ আলী, শিৱসাগৰ

মোবাইল নম্বৰঃ ৭০০২০৫৫২৫২

English Summary: Mushroom Cultivation Success Story
Published on: 11 November 2022, 05:27 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now