Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 17 August, 2022 11:45 AM IST
Mangaldoi Progressive Farmer Dhrubjyoti Saikia's Success Story

মুখ্যমন্ত্ৰী কৃষক সম্মান বঁটা প্ৰাপক দৰং জিলাৰ মঙলদৈৰ শৰাবাৰী মৌজাৰ অন্তৰ্গত ৰামগাঁৱৰ প্ৰগতিশীল যুৱ কৃষক ধ্ৰুৱজ্যোতি শইকীয়াই জৈৱিক কৃষি পদ্ধতিৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান কেন্দ্র, হিমাচল প্রদেশত প্রশিক্ষণ লোৱা শ‍ইকীয়াই কম মাটিত মিশ্ৰিত কৃষিকে বছৰি গড়ে ৭/৮ লাখ টকা উপাৰ্জন কৰে। অত্যাধুনিক ব্যৱস্থাৰে কৃষিকর্ম কৰা যুৱকজনে ঔষধি গুণযুক্ত ক'লা ধানৰ খেতি কৰিও চমক সৃষ্টি কৰিছে।

উল্লেখ্য যে দেওমৰনৈত উচ্চ শিক্ষা গ্ৰহণ কৰা ধ্রুবজ্যোতি শ‍ইকীয়াৰ দেউতাক আছিল এজন খেতিয়ক। সেয়ে তেওঁ সৰুৰেপৰা খেতিৰ প্ৰতি আকৰ্ষিত হৈছিল। শিক্ষা সমাপ্ত কৰি তেওঁ ২০১৩ চনৰ পৰা বৈজ্ঞানিক ভিত্তিত ৰামগাৱঁত কম মাটিত খেতি আৰম্ভ কৰে। ক'লা ধানৰ লগতে শইকীয়াই কাঠফুলা খেতি, মৌ-পালন, হাঁহ-কুকুৰা, কেঁচুসাৰ, আলু সৰিয়হ আদিৰ লগতে নাৰ্ছাৰীও স্হাপন কৰিছে। নাৰ্ছাৰীত শিলিখা, নাহৰ, আমলখিৰ লগতে সহাস্ৰাধিক পুলি বিক্ৰী কৰা হয়।

ধ্ৰুৱজ্যোতি শইকীয়াই কয়- বৈজ্ঞানিক ব্যৱস্থাৰে জৈৱিক খেতি কৰাৰ বাবে বিক্ৰীৰ অসুবিধা নহয়। বহু গ্রাহকে চিৰা, ক'লা ধান আমাৰ ৰামগাঁৱলৈকে কিনিবলৈ আহে। সেয়ে বজাৰৰ অভাৱ হোৱা নাই। পেলনীয়া জাবৰ, গছৰ পাত, কলগছ, পুখুৰীৰ মেটেকা, গোবৰ আদিৰে কম মূলধনেৰে কেঁচুসাৰ উৎপাদন কৰো। বছৰি ৫০ কুইন্টল কেঁচুসাৰ বিক্ৰী কৰা হয়। কুইণ্টলে প্রতি ১৫০০ টকাকৈ ৫০ কুইন্টল কেঁচু সাৰত ৭৫ হাজাৰ টকা উপাৰ্জন হয়। কেঁচুসাৰ উৎপাদনত ন্যূনতম খৰচ হয়। তদুপৰি কাঠফুলা বিক্ৰী কৰিও যথেষ্ট উপার্জন হয়।

মৌ পালনো কৰে প্রগতিশীল খেতিয়কজনে। শ‍ইকীয়াই কয়- ১০ ফুটৰ ব্যৱধানত এখনকৈ মৌ কলনী আছে। আমাৰ মুঠতে দহ মৌচাক বা কলনী আছে। একোখন কলনীত বছৰি ৮/১০ লিটাৰকৈ মৌ উৎপাদন হয়। গ্রাহকে আমাৰ ফাৰ্মৰ পৰা প্ৰায় ৫০০ টকাত এক লিটাৰকৈ মৌ ক্ৰয় কৰে। বছৰি গড়ে ১০০ লিটাৰ মৌ বিক্ৰী কৰি ৫০ হাজাৰ টকা উপার্জন হয়।

ধানো বছৰি গড়ে প্রায় ১০০ মোনকৈ বিক্ৰী কৰা হয়। অৱশ্যে ৯০৯ ধানৰ (জহাৰ দৰে গোন্ধৰ) চিৰা আমি নিজেই বিক্ৰী কৰো। জহা চিৰা বছৰি ৫/৬ কুইণ্টল বিক্ৰী হয়। চিৰা বিক্ৰী কৰিও যথেষ্ট উপার্জন কৰিবলৈ সক্ষম হৈছো। শ‍ইকীয়াই আৰু কয়– ষ্ট্ৰ’বেৰী, শাক-পাচলি আদি বিক্ৰীৰেও বছৰি প্ৰায় ডেৰ লাখ টকা উপাৰ্জন হয়। জৈৱিক পাচলি উৎপাদন কৰিব পাৰিলে বজাৰলৈ নিনিলেও হয়। ঘৰলৈকে অসংখ্য গ্রাহক আছে। ৩০০ বর্গ ফুট এলেকাত এক কুইন্টল তিয়াহ উৎপাদন কৰা হয়। স্থানীয় তিয়ঁহৰ বজাৰ ভাল। আমি ঘৰতেই প্রতি কিলোগ্রাম তিয়ঁহ ৪০ টকা দৰত বিক্ৰী কৰোঁ। পৰিকল্পনা কৰি শাক-পাচলি উৎপাদন কৰিলে বজাৰৰ অভাৱ নহয়।

গুৰুত্বপূৰ্ণ কথা যে বৈজ্ঞানিক পদ্ধতিৰে মাত্র ১৫ বিঘা মাটিত খেতি, মৌ-পালন, কেঁচুসাৰ উৎপাদন, জহা চিৰা, ক'লা ধান, কাঠফুলাৰ খেতিৰে বছৰি ৭/৮ লাখ টকা উপাৰ্জন কৰা ধ্ৰুৱজ্যোতি শ‍ইকীয়াই চৰকাৰী চাকৰিৰ প্ৰতি আগ্ৰহেই প্ৰকাশ কৰা নাছিল। কম বয়সতে মিশ্রিত খেতিত আত্মনিয়োগ কৰি এতিয়া একোজন চৰকাৰী কৰ্মচাৰীৰ সমানেই উপার্জন কৰে। পৰিকল্পনা কৰি কম মাটিতেই যে আত্মনিৰ্ভৰশীল হ'ব পৰা যায় সেয়া ধ্রুবজ্যোতি শ‍ইকীয়াই প্ৰমাণ কৰিছে। তেওঁ কয়– কিন্তু জৈৱিক পদ্ধতিৰে খেতি কৰিও দৰঙত একাংশ উপকৃত হৈছে। বিভিন্ন প্রদর্শনী, প্রশিক্ষণ শিবিৰ আদিত অংশগ্ৰহণ কৰা ধ্রুবজ্যোতিৰ আদর্শ লাহে লাহে বহুতে ল'বলৈ ধৰিছে।

লগতে পঢ়ক-কোম্পানীৰ চাকৰি এৰি মিশ্ৰিত ফাৰ্মেৰে আত্মনিৰ্ভৰশীল ধেমাজিৰ জিতু!

জিতেন্দ্ৰ কুমাৰ চৌধুৰী

ফোনঃ ৯৮৬৪০৩৭৪১৬

English Summary: Mangaldoi Progressive Farmer Dhrubjyoti Saikia's Success Story
Published on: 17 August 2022, 11:45 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now