Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 17 July, 2019 9:20 PM IST

      নলবাৰী জিলাৰ টিহুৰ সমীপৱৰ্তী মথুৰাপুৰৰ উচ্চ শিক্ষিত মীনপালন জয়ন্ত কলিতা নিশ্চিতভাৱে শত-সহস্ৰ উচ্চ শিক্ষিত যুৱক-যুৱতীৰ বাবে অনুকৰণীয় চানেকী। অতি সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান জয়ন্তই মীন পালনকে পেছা হিচাপে গ্ৰহণ কৰি প্ৰমাণ কৰি দিছে যে নিষ্ঠা, সততা, একাগ্ৰতা আৰু দূৰন্ত অভিলাসেৰে কৰ্মত অগ্ৰসৰ হ’লে প্ৰাপ্তিৰ পথত একোৱেই হেঙাৰ হ’ব নোৱাৰে।

জয়ন্তৰ মীন পালনত জড়িত হোৱাৰ পৰিঘটনাও অতি আমোদজনক। ১৯৯৫ চনত শিক্ষা সাং কৰি তেওঁ বন্ধুৰ লগত বৰপেটালৈ গৈছিল ফুৰিবলৈ। বৰপেটাত থকাৰ সুবাদতে প্ৰত্যক্ষ কৰিছিল মীন পালন সম্পৰ্কীয় বিভিন্ন কাম-কাজ। বিশেষকৈ মীন পালনেৰে দেশৰ ভিতৰতে পৰিচিত হোৱা ডাবালিয়াপাৰা অঞ্চলৰ কাম-কাজ দেখি তেওঁ অত্যন্ত মোহিত হৈছিল।

কথা-বতৰা পাতি লাভ-লোকচানৰ হিচাপেটোও লৈছিল জয়ন্তই। তেতিয়াই সংকল্প হৈছিল- ‘ময়ো এদিন আদৰ্শ মীনপালক হ’ম আৰু মীন পালনৰ জৰিয়তে প্ৰতিষ্ঠা কৰিব নিজৰ মৰ্যাদা’। যেনে সিদ্ধান্ত তেনে কাম। ১৯৯৬ চনত দুবিঘা মাটি ক্ৰয় কৰি নিৰ্মাণ কৰিছিল মীন পাম এখন। বিশেষ কাৰিকৰী জ্ঞানৰ ব্যতিৰেকেও আৰম্ভ কৰি দিছিল মীন পালন। প্ৰথম বছৰতে হাতত আহিছিল প্ৰায় এক লাখ টকা। ইয়ে জয়ন্তক বাৰুকৈয়ে উৎসাহিত কৰিছিল।

সেয়াই আৰম্ভণি। পৰৱৰ্তী সময়ত লভ্যাংশৰ ধন ব্যয় কৰি জয়ন্তই নতুন পুখুৰী নিৰ্মাণ কৰি অব্যাহত ৰাখে কাম-কাজ। ২০০২ চনত আৰম্ভ কৰে চাৰি বিঘা জলকালিৰ মীন পাম। ২০০৭ চনত পুনৰ সাত বিঘা ভূমি ক্ৰয় কৰি সম্প্ৰসাৰণ কৰে মীন পাম। এইদৰে জয়ন্তই অব্যাহত ৰাখে জয়যাত্ৰা। উপাৰ্জনো সমান্তৰালভাৱে বাঢ়ি যায় জয়ন্তৰ।

২০০৯ চনত জয়ন্তই লগ পায় কৃষ্ণ মণ্ডলক। কৃষ্ণ মণ্ডলেও মীন পালনত জড়িত হোৱাৰ সুবাদত জয়ন্তৰ লগ লাগে। ইতিমধ্যে কৃষ্ণই বিভিন্ন মীন সম্পৰ্কীয় কাম-কাজত জড়িত হৈ আহৰণ কৰিছিল অভিজ্ঞতা। এইবাৰ জয়ন্তৰ গতি হ’ল আৰু দুৰ্বাৰ।

আৰম্ভ কৰে মীন পোনা উৎপাদনৰ কাম। ইয়াতো জয়ন্তৰ উদ্ভাৱনী চিন্তাৰ শলাগ ল’ব লাগিব। জয়ন্ত আৰু কৃষ্ণই পাশ্বৱৰ্তী নৈ এখনৰ সোঁতত হাপা বান্ধি মাছৰ প্ৰজনন সম্পন্ন কৰে আৰু পৰৱৰ্তী সময়ত পোনাখিনি নিজ পামলৈ আনি সৰু সৰু পুখুৰীত প্ৰতিপালন কৰে। এইখিনি কৰোঁতে প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশৰ মাজত কটাবলগীয়া হয় কেইবাটাও উজাগৰী নিশা। তদুপৰি ভ্ৰূণ পোনাখিনি সংগ্ৰহ কৰি পামলৈ অনাটোও যথেষ্ট কষ্টসাধ্য।

কিন্তু জয়ন্তৰ মতে, ইয়াত পোনাৰ গুণগত মান বহু ওপৰত থাকে। সেয়েহে জয়ন্তৰ পোনাৰ গুণগত মান সম্পৰ্কত কাৰো দ্বিমত নাই। জয়ন্তৰ পোনাৰ গুণগত মান সম্পৰ্কত জিলা মীন বিষয়া প্ৰতুল বেজবৰুৱায়ো এই প্ৰতিবেদকক নিশ্চিত প্ৰদান কৰিছে। প্ৰতি বছৰে বিভিন্ন পাশ্বৱৰ্তী অঞ্চলৰ খেতিৰ অনুপযোগী মাটি তেওঁ ক্ৰয় কৰি আৰম্ভ কৰে মীন পালন।

বহুতো অব্যৱহৃত আৰু অৱহেলিত পুখুৰী লয় লীজত। বৰ্তমান নিজাকৈ প্ৰায় কুৰি বিঘা জলকালিৰ মীন পামেৰে সমৃদ্ধ জয়ন্ত। বন্দোৱস্তিত লোৱা চুক্তিমৰ্মে লোৱাখিনিৰ কথা সুকীয়া। জয়ন্তই বিজ্ঞান আৰু নিজা উদ্ভাৱনী চিন্তাৰ সমাহাৰেৰে কৰে মীন পালন। সচৰাচৰ বহুবাৰ পোনা মেলি একাধিকবাৰ ফচল চপোৱা, বিক্ৰীযোগ্য ডাঙৰ মাছৰ উৎপাদন, হোটেল জোখৰ উপযোগী মাছ উৎপাদন আদিৰ প্ৰযুক্তি অৱলম্বন কৰে জয়ন্তই।

পোনা কেৱল আঙুলি জোখৰহে বিক্ৰী কৰে। মীন পালনৰ জৰিয়তে জয়ন্ত কলিতা আজি সমগ্ৰ ৰাজ্যবাসীৰে পৰিচিত। বছৰেকত সকলো সমলৰপৰা ২০ টান আঙুলিজোখৰ পোনা, ১৫০ কুইন্টল হোটেল জোখৰ মাছ, ১৫০ কুইন্টল বিক্ৰীযোগ্য ডাঙৰ মাছ বজাৰলৈ উলিয়াই দিয়ে জয়ন্তই। স্থানীয় বিপণনৰ উপৰি শলমাৰা, ৰঙিয়া, গুৱাহাটী, খাৰুপেটীয়া, গোৱালপাৰা আদিত বিপণন কৰে জয়ন্তই।

বিপণনৰ বাবে আছে সুকীয়া গোট। সুখৰ বতৰা যে জয়ন্তৰ কৰ্মৰ পৌণিক ক্ৰিয়াৰ সুবাসে স্থানীয় বহু যুৱক-যুৱতীক মীন পালনলৈ আকৰ্ষিত কৰি স্বনিয়োজনৰ সমল যোগান ধৰিছে। জয়ন্তয়ো পাৰ্যমানে সহায় কৰিছে তেওঁলোকক। তেওঁলোকে মীন পালনৰ ব্যৱহাৰিক আদিপাঠ লৈছে জয়ন্তৰ পামত। অৱশ্যে জয়ন্তৰ আজিৰ উত্তৰণত জিলা মীন বিভাগো কৃতিত্বৰ অধিকাৰী।

জিলা মীন উন্নয়ন বিষয়া প্ৰতুল বেজবৰুৱাৰ প্ৰত্যক্ষ তদাৰকতে মীন উন্নয়ন বিষয়াদ্বয় কল্পজিৎ কলিতা, বিৰাজ বল্লভ শৰ্মা, মীন প্ৰদৰ্শক ভবেন কলিতা আদিয় সততে কাৰিকৰী সহযোগিতাৰে পামখনক সমৃদ্ধ কৰিছে। বেজবৰুৱাই জানিবলৈ দিয়া মৰ্মে জয়ন্তৰ পামখনক আধাৰ হিচাপে লৈ তেওঁলোকে আৰু অধিক জয়ন্ত সৃষ্টি কৰাৰ তাগিদাত ব্ৰতী হৈছে।

ইচ্ছুক বা মীন পালনলৈ আগ্ৰহান্বিতসকলক যোগাযোগ কৰিবলৈ বিষয়াগৰাকীয়ে লগতে অনুৰোধ জনাইছে। অলপতে গুৱাহাটী দূৰদৰ্শনৰ অনুষ্ঠানৰ কাৰ্যবাহী দিলীপ গোস্বামীয়ে জয়ন্তৰ পাম পৰিদৰ্শন কৰি উচ্চ প্ৰশংসাসূচক মত লিপিবদ্ধ কৰিছে। তেওঁ জয়ন্তৰ কাম-কাজৰ বিষয়ে জনসাধাৰণক জনোৱাৰো আশ্বাস দিছে।

জয়ন্ত কলিতা আজিৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এক অনুকৰণীয় চানেকী। আপুনিও এজন জয়ন্ত কলিতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰি স্বনিয়োজনৰ পথ প্ৰশস্ত কৰিব পাৰে। জয়ন্তৰ লগত বাৰ্তালাপ বা তেওঁৰ পাম পৰিদৰ্শন কৰিও উপকৃত হ’ব পাৰে।

                                                                                                    লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা(দৈনিক অসম)

English Summary: Jayanta Kalita : A successful fish farmer
Published on: 17 July 2019, 09:20 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now