Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 23 March, 2023 3:42 PM IST
অনুজ দলে

ধেমাজি জিলাৰ শান্তিপুৰ জেংৰাইত গঢ় লৈ উঠিছে এডি এন্টাৰপ্ৰাইজ (AD Enterprises নামৰ এখন কৃষি ফাৰ্ম। ফাৰ্মখনৰ স্বত্ত্বাধিকাৰী যুৱ কৃষক অনুজ দলে। তিনিবছৰ পূৰ্বে আৰম্ভ কৰা এই ফাৰ্মখনত অনুজ দলে ব্ৰয়লা পোহাৰ লগতে বতৰৰ বিভন্ন শস্যৰ খেতি কৰি স্বাৱলম্বণ হোৱাৰ লগতে অঞ্চলটোৰ যুৱকসকলৰ আদৰ্শ হৈ পৰিছে। অঞ্চলটোৰ বেছিভাগ যুৱকেই কামৰ সন্ধানত বহিঃৰাজ্যত গৈ চিকিউৰিটি গাৰ্ডৰ দৰে কিছুমান কামত নিয়োজিত, লগতে ঘৰত থকাসকলে মৰ ঘাম বাজ কৰি পাহাৰ পৰা কাঠ অনা, কাঠফলা আদি কামত জড়িত। তদুপৰি অঞ্চলটোৰ অধিকাংশ ঋতুগত নিৱনুৱাই কাম নকৰা সময়খিনি তাছ খেলি, মদ-ভাং খাই ঘূৰি ফুৰে। কিন্তু এইক্ষেত্ৰত অঞ্চলটোত ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা গৈছে অনুজ দলেক। এইক্ষেত্ৰত তেওঁক বিশেষভাৱে সহায় কৰিছে অনুজৰ মাতৃয়ে। সকলো সময়তে অনুজৰ মাতৃয়ে পুত্ৰৰ কৃষিফাৰ্মখনত ব্যস্ত হৈ থাকে।

শেহতীয়াকৈ অনুজে আঢ়ৈ বিঘা মাটিত তামোল পুলিৰ মাজে মাজে তৰমুজৰ খেতি কৰিছে। খেতি খুব ভাল হৈছে। বৰ্তমান অনুজে পুৰঠ তৰমুজবোৰ বিক্ৰি ব্যৱস্থা কৰিছে। আঢ়ৈ বিঘা মাটিত তৰমুজ খেতি কৰোঁতে ৩৫ হাজাৰ মান টকা খৰচ হৈছিল। কিন্তু বৰ্তমান তৰমুজ বিক্ৰি কৰি প্ৰায় ডেৰলাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । তদুপৰি এতিয়াও বিক্ৰি কৰিবলৈ বহু তৰমুজ বাকী আছে। অনুজৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়- গাজৰ আৰু তৰমুজ লগাইছো। আঢ়ৈ বিঘা মাটিত তৰমুজ খেতি কৰিছো। এতিয়ালৈকে ৩৫ হাজাৰ টকা খৰচ হৈছে। দুই লাখ টকা পাম। আগতেও কৰিছিলো তাৰ অনুমানৰ ভিত্তিতে কৰিছো। যোৱাবছৰ ডেৰবিঘা কৰিছিলো। ডেৰ লাখ, একলাখ মান পাইছো। এইবাৰ আগতকৈ ভাল হৈছে। তৰমুজ লগোৱাৰ পৰা ছিঙালৈ ৪ মাহ সময় লাগে। সাৰ মানে ব্ৰয়লাৰ মল আৰু গোৱৰ দিছো মাজে অলপ ৰাসায়নিক সাৰো প্ৰয়োগ কৰিছো। প্ৰায় জৈৱিক বুলি কব পাৰি। আমাৰ তৰমুজ খাই বহু গ্ৰাহকে ভাল পাইছে। বাহিৰৰ তৰমুজতকৈ আমাৰ তৰমুজবোৰ মিঠা বুলি কৈছে গ্ৰাহকে।

লগতে পঢ়ক- 

আমেৰিকা, ভিয়েটনামলৈ বছৰি ৮ লাখ টকাৰ চাউল ৰপ্তানি বিশ্বজিৎ বৰাৰ

কৃষিৰ প্ৰতি আগ্ৰহী নিৱনুৱা যুৱকসকলক উদ্দেশ্যি তেওঁ কয়-  কৃষি কৰিও এক স্বচ্ছল জীৱন কটাব পাৰে, পৰিকল্পনাৰে কাম কৰি গলে খেতি কৰিও মানুহ ধনী হ’ব পাৰে। ইয়াৰ কাৰণে ঘৰখনৰো চাপৰ্ট লাগিব। আমাৰ ঘৰখনে মোক ফুল চাপৰ্ট কৰিছে। ঘৰখনৰ গোটেই মানুহখিনিয়েই সহায় কৰে।

আগতে উল্লেখ কৰা হৈছে যে অঞ্চলটোৰ বেছিভাগ যুৱকেই বহি:ৰাজ্যত কিছুমান তৃতীয় শ্ৰেণীৰ কৰ্মত কৰ্মৰত। তেওঁলোকৰ অধিকাংশই ভাৱে যে অঞ্চলটোত উপাৰ্জনৰ কোনো স্থল নাই। কিন্তু ইয়াক ভুল প্ৰমাণিত কৰিছে অনুজে। কাৰণ অনুজে এতিয়া ৪ মাহতে ৩৫ হাজাৰ টকা খৰচ কৰি দুই লাখ টকা উপাৰ্জনৰ পাৰিছে। ঘৰতে থাকি, স্বাধীন মনে বছৰত ২ পৰা ৩ লাখ টকা উপাৰ্জন কৰা অনুজ অঞ্চলটোৰ অন্য যুৱকসকলৰ পৰা পৃথক।

লগতে পঢ়ক- 

Hydroponic কৃষি পদ্ধতি? কম ঠাইতে কেনেকৈ কৰিব এই পদ্ধতিত খেতি!

English Summary: Invest 35,000 and earned Rs. 1.5 lakh in 4 months
Published on: 20 March 2023, 03:28 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now