Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 10 September, 2022 12:55 PM IST
মালামণি হাজৰিকা

অসমত কাঠফুলাৰ খেতিৰে সফলতাৰ লাভ কৰাসকলৰ নাম ল’লেই প্ৰথমেই আহিব মালামণি হাজৰিকাৰ নাম। দশম শ্ৰেণীৰ পৰাই মালামণিয়ে কৰি আহিছে কাঠপুলাৰ খেতি। দশম শ্ৰেণীত পঢ়ি থাকোতেই বশিষ্ঠৰ শান্তি সাধনা আশ্ৰমত কাঠফুলা খেতিৰ প্ৰশিক্ষণ লৈছিল মালামণিয়ে। প্ৰশিক্ষণৰ পাছতে ঘৰতে কাঠফুলাৰ খেতি কৰি পঢ়া-শুনাৰ খৰচ উলিওৱাৰ লগতে ঘৰ চলাত সহায় কৰিছিল দশমশ্ৰেণী ছাত্ৰী। আমোদজনক কথাটো হল ১৪ বছৰীয়া মালামণিয়ে কাঠফুলা খেতি কৰিবলৈ ১৮ বছৰ বয়সলৈ ৰৈ আছিল চৰকাৰী ঋণৰ বাবে।

১৮ বছৰ বয়স হোৱাৰ লগে লগে ১৯৯৭ চনত 'প্ৰধান মন্ত্ৰী ৰোজগাৰ যোজনা'ৰ পৰা এক লাখ টকাৰ ঋণ লৈ কাঠফুলাৰ খেতি ডাঙৰকৈ আৰম্ভ কৰি নিজৰ পঢ়াৰ খৰচ উলিওৱাৰ লগতে ঋণৰ কিস্তি পৰিশোধত ব্যস্ত হৈ পৰিলছিল মালামণি। সমনীয়াসকলে ৰঙীন জীৱনৰ সপোন খেদি মচগুল হৈ থকা সময়ত জীৱন সংগ্ৰামী মালামণি ব্যস্ত সমস্যা সমাধানত। নিজৰ সমস্যা সমাধানত যুঁজি থকা অৱস্থাতে কিছুদিন অসুস্থ হৈ থকা দেউতাকে ১৯৯৭ চনৰ ২০ অক্ট'বৰৰ দিনা ইহ সংসাৰ ত্যাগ কৰে। হঠাৎ তেওঁৰ জীৱনলৈ নামি আহে এক ডাঙৰ দুৰ্য্যোগ। এই সকলোবোৰৰ সৈতে মালামণিয়ে মোকাবিলা কৰিছিল কাঠফুলাৰ খেতিৰে। নিজৰ অসহায়-নিসহায় অৱস্থাক সৰোগত কৰি ধৈৰ্য্য আৰু সাহসেৰে এজন নিৰ্ভৰযোগ্য সন্তানৰ দৰে মাতৃৰ কাষত থিয় দি থাকিল মালামণি।

মালামণি হাজৰিকা

হাজাৰ বাধাবিঘিনিৰ মাজেৰে নিজৰ মনৰ দৃঢ়তা অক্ষুণ্ণ ৰাখি ১৯৯৮ চনত স্নাতক ডিগ্ৰী লাভ কৰিলে। ১৯৯৩ চনৰ পৰা অবিৰতভাৱে কৰি থকা কাঠফুলা খেতিৰ পৰিৱৰ্তে ২০০৪ চনত তেওঁ আৰম্ভ কৰিলে বিভিন্ন ঠাইৰ নিবনুৱাক প্ৰশিক্ষণ দি তেওঁলোকৰ দ্বাৰা স্থানীয়ভাৱে উৎপাদিত কাঠফুলা সংগ্ৰহ কৰি আনি নিৰ্দিষ্ট নিয়মেৰে সংৰক্ষণ কৰাৰ লগতে বাণিজ্যিক ব্যৱস্থাৰে নিবনুৱাক আৰ্থিকভাৱে সকাহ দিয়াৰ কাম।

মালামণিয়ে যেন অসমৰ সকলো থলুৱা খাদ্য সামগ্ৰীকে আচাৰৰ সামগ্ৰী কৰি ল'লে। বিশেষকৈ বাঁহ গাঁজৰ ০৫ বিধ, ভূত জলকীয়াৰ ০২ বিধ, ঔ টেঙাৰ ০২ বিধ, আমৰ ০২ বিধ, জলফাইৰ ০২ বিধ, কণ-জলকীয়া, পকা জলকীয়া, কেঁচা জলকীয়া, ফিৰিংগী, জলকীয়া, বগৰী, কলডিল, থেকেৰা, মিহলি আচাৰ, বেঙেনাৰ মিঠা আচাৰ, নহৰু, কৰ্দৈ, নেমু, তিতাকেৰেলা, অৰুণাচলৰ কিউবিকৰ মিঠা আৰু টেঙা আচাৰ, কেঁচা হালধিৰ আচাৰ ইত্যাদিৰে মুঠ ৩৮ বিধ আচাৰ প্ৰস্তুত কৰি ব্যৱসায় চলাই আছে। নিজৰ উৎপাদন প্ৰতিভাৰ দক্ষতাৰে মালামণিয়ে ২০০৮ চনত ইজিপ্তত অনুষ্ঠিত আন্তঃ ৰাষ্ট্ৰীয় প্ৰদৰ্শনীত অংশগ্ৰহণৰ সুবিধা লাভ কৰে। একে বছৰতে 'এমএছএমই' (micro small & mediam enterprises)এ প্ৰদান কৰা বছৰৰ শ্ৰেষ্ঠ মহিলা উদ্যোগী হিচাপেও ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে। ২০০৩ চনত নৃপেন কুমাৰ নাথৰ লগত বিবাহ পাশত আৱদ্ধ হৈ এটি সন্তানসহ মাতৃক লৈ পৰিয়াল চলাই থকা মালামণিয়ে ১০ গৰাকী মহিলা, ০২ গৰাকী পুৰুষ কৰ্মচাৰী আৰু ২২ জন যোগানকাৰীৰে মুঠ ৩২ জনৰ পৰিয়াল চলাই আছে। দশম শ্ৰেণীতে আত্মসংস্থাপনৰ চিন্তা মনলৈ অহা আৰু তাক বাস্তৱত ৰূপ দিবলৈ সকলো বাধাবিঘিনি নেওচি আপ্ৰাণ চেষ্টাৰে লক্ষ্যত উপনীত হোৱা মালামণি হাজৰিকাৰ উদাহৰণ সঁচাকৈয়ে বিৰল।

লগতে পঢ়ক- চাহাবী জীৱনৰ বিপৰীতে পিতৃৰ আদৰ্শৰে অনুপ্ৰাণিত এগৰাকী যুৱতী

English Summary: Inspiring Story
Published on: 10 September 2022, 11:46 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now