Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 20 September, 2023 5:43 PM IST
Tiken Kakati

মুগা কাপোৰ বিক্ৰী কৰি বছৰি ১৫ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা ধেমাজি জিলাৰ দেউৰী বৰবামৰ মাইছা চাপৰিৰ থানেশ্বৰ কাকতিৰ পুত্ৰ টিকেন (মৃণাল) কাকতি বহুতৰ বাবে এতিয়া আদৰ্শ হৈ পৰিছে৷ নিজেই মুগা সূতা উৎপাদন কৰি কাপোৰ প্ৰস্তুত কৰে৷ যি সময়ত ৰাজ্যত মুগা সূতাৰ নাটনি হৈছে, সেই সময়ত নিজেই ৰোপণ কৰা চোম গছত মুগা পলু লগাই সূতা আৰু কাপোৰ প্ৰস্তুতেৰে আদৰ্শ হিচাপে গঢ়ি তুলিছে৷ কেৱল সূতা, মুগা কাপোৰ প্ৰস্তুত কৰাই নহয় টিকেন (মৃণাল) কাকতিৰ ধেমাজিৰ বৰদলনি কমলপুৰত ৭০ বিঘা মাটিত বিভিন্ন প্ৰকাৰৰ খেতি আছে৷ তিনিটা বৃহৎ পুখুৰীত মাছ পোহাৰ লগতে হাঁহ-কুকুৰা, গাহৰি পালনৰেও তেওঁ আত্মনিৰ্ভৰশীল অসমীয়াৰ আদৰ্শ দেখুৱাবলৈ সমৰ্থ হৈছে৷ কাকতিয়ে বছৰি ১৫ লাখ টকাৰ মুগা কাপোৰৰ লগতে ৩/৪ লাখ টকাৰ মাছো বিক্ৰী কৰে৷ ধান, ভোটজলকীয়াৰো খেতি আছে৷ সকলো মিলাই গড়ে বছৰি ২০-২৫ লাখ টকা উপাৰ্জন কৰা কাকতি ধেমাজি জিলাৰেই নহয় অসমৰ বাবে গৌৰৱ হৈ পৰিছে৷

উল্লেখ্য যে কাকতিৰ ২০ বিঘা মাটিত চোম গছ আছে৷ ক্ৰমে লাভ হোৱাত এবিঘা, দুবিঘাকৈ মাটি কিনি তেওঁ অধিক মাটিৰ গৰাকী হৈছে৷ চোম গছত ‘মুগা পলু’ লগাই তেওঁ মুগা সূতা উৎপাদন কৰে৷ মুগা পলু সংগ্ৰহ কৰি চোম গছত পোক লগাই দিয়ে৷ কটিয়া, ভদিয়া আদি পাঁচবিধ প্ৰজাতিৰ মুগা পলু সংগ্ৰহ কৰি নিজৰ মাটিত থকা শ শ জোপা চোম গছতেই সময় অনুসাৰে মুগা পলু লগাই দিয়ে৷ মুগা পলুৱে চোম গছৰ পাত খাবলৈ ধৰাৰ পৰা বৰণ সলোৱা, পোকে মলত্যাগ কৰালৈকে ৩০টা দিনৰ সকলো দিশ কাকতিয়ে নিজেই তদাৰক কৰে৷ পলুৰ বাহ বনাই দিয়া, মুগা সূতা উৎপাদনলৈ কৰ্মচাৰীৰ সহায়ত সকলো কাম নিয়মীয়াকৈ কৰি মুগা সূতা উৎপাদনলৈও এক দীঘলীয়া পৰিক্ৰমাত কষ্ট কৰা কাকতিয়ে কেইবা বছৰ চোম গছ ৰোপণ কৰি বিশাল চোম গছৰ বাগিচা কৰিছে৷ সেই চোম গছত মুগা পলু লগাই বছৰি গড়ে ২০ কিলোগ্ৰামকৈ মুগা সূতা উৎপাদন কৰে৷

সূতাৰে কাপোৰ প্ৰস্তুত কৰিবৰ বাবে কাকতিৰ নিজা চাৰিখন শালো আছে৷ শালত মুগা কাপোৰ যেনে মুগা, মুগা ৰিহা, মুগা মেখেলা আৰু মুগা পাঞ্জাৱী বয়৷ এই মুগা কাপোৰ বিক্ৰী কৰি কাকতিয়ে বছৰি ১৫ লাখ টকাকৈ উপাৰ্জন কৰে৷ ধান আৰু অন্যান্য খেতি কৰা কাকতিৰ ২৫ জন কৰ্মচাৰীও আছে৷ প্ৰতিজনক উপযুক্ত দৰমহা দিয়া টিকেন কাকতিৰ জৰিয়তে অসম চৰকাৰে ৰাজ্যত মুগা সূতা উৎপাদনৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷

ধেমাজিৰ বৰদলনিৰ টিকেন কাকতিয়ে আমাক কয়– ‘২০১৪ চনৰপৰা আন কিছু কাম বাদ দি এখন সেউজ ধৰণী নিৰ্মাণৰ সংকল্প লৈ গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ক্ষেত্ৰত আত্মনিয়োগ কৰি মাটিত অন্যান্য গছপুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰোঁ৷ সেই মাটিত সকলোধৰণৰ গছপুলি ৰোপণ কৰাৰ বাবে ধেমাজি জিলাৰ আয়ুক্তই ৭০ সংখ্যক স্বাধীনতা দিৱসত পৰিৱেশ কৰ্মী হিচাপে সন্মান জনাইছিল৷ তদুপৰি এই কামবিলাকৰ লগত সংগতি ৰাখি হাঁহ-কুকুৰা আৰু গাহৰি পালন কৰি গুৱাহাটীত অনুষ্ঠিত National livestok Poultry Show-২০১৯ ৰ ধেমাজি জিলাৰ ভিতৰত প্ৰথম আৰু শ্ৰেষ্ঠ গাহৰি পালক হিচাপে সন্মান লাভ কৰিছিলোঁ৷

লগতে পঢ়ক- 

১ কেজিৰ দাম ৩০০ পৰা ৪০০ টকা। পুলি ৰোৱা ৮ মাহৰ পাছতে পাব ফল

লক্ষণীয় যে কাকতিয়ে অন্যান্য খেতিৰ লগতে ১৪ বিঘা মাটিত ভোটজলকীয়া খেতি কৰি বছৰি সুকীয়াকৈ কেইবালাখ টকা উপাৰ্জন কৰে৷ তেওঁ চোম গছৰ পুলি ৰোপণ, সংৰক্ষণ আৰু লালন-পালন কৰি ডাঙৰ-দীঘল কৰি দুবছৰৰ পৰা মুগা পালনৰ যোগেদি ৮-১০ টা পৰিয়ালক জীৱিকাত সহায় কৰিছে৷ কাকতিয়ে অসম চৰকাৰৰ ৰেচম সঞ্চালকালয়ে ২০২২-২৩ বৰ্ষত ৰাজ্যখনৰ ভিতৰত প্ৰথম আৰু সৰ্বোচ্ছ বাণিজ্যিক মুগা লাট উৎপাদক হিচাপে পুৰস্কৃত কৰিছে৷

লেখক- জিতেন্দ্ৰ কুমাৰ চৌধুৰী

ফোন- ৯৮৬৪০ ৩৭৪১৬

উৎস- জিতেন্দ্ৰ কুমাৰ চৌধুৰীৰ ফেচবুক পোষ্ট

লগতে পঢ়ক- 

Rural business : কৃষিভূমি একেবাৰে কম নেকি, তেন্তে এইকেইটা কাম কৰক

English Summary: Inspiring Story of Tiken Kakati
Published on: 20 September 2023, 05:42 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now