Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 5 July, 2019 3:11 PM IST

পুচা-মেহেক আৰু এম-২৭ সৰিয়হ খেতিৰে স্বাৱলম্বন

   অসমৰ অৰ্থনীতি মূলত: কৃষিৰ ওপৰত নিৰ্ভৰশীল।দেশৰ অৰ্থনীতি সুদৃঢ় কৰিবলৈ হ’লে কৃষি উৎপাদন বৃদ্ধি নিতান্তই আৱশ্যকীয়।কিন্তু বছৰত এটা মাত্ৰ খেতিৰ জৰিয়তে ই কেতিয়াও সম্ভৱ হ’ব নোৱাৰে।ৰাজ্যত উপলব্ধ প্ৰাকৃতিক সম্পদৰ পূৰ্ণ ব্যৱহাৰ কৰি বছৰৰ বিভিন্ন ঋতুত বিভিন্ন শস্য উৎপাদনৰ ক্ষেত্ৰত মনোনিৱেশ কৰাটো অতিকৈ জৰুৰী।উন্নত পদ্ধতিৰে খেতি কৰি জীৱিকাৰ পথ দেখুওৱা বৰপেটা চহৰৰপৰা ৫কিলোমিটাৰ নিলগৰ কেওটকুছি অঞ্চলৰ এজন শিক্ষিত যুৱক নিৰ্মল চন্দ্ৰ দাস।এগৰাকী আদৰ্শ খেতিয়ক হিচাপে পৰিচিত নিৰ্মল চন্দ্ৰ দাসে ছাত্ৰ অৱস্থাৰপৰাই কৃষিৰ লগত জড়িত হৈ পৰে।স্নাতক ডিগ্ৰীধাৰী নিৰ্মল চন্দ্ৰ দাসে চৰকাৰী চাকৰিৰ আশা ত্যাগ কৰি কৃষিকৰ্মতে সম্পূৰ্ণভাৱে আত্মনিয়োগ কৰে।বৈজ্ঞানিক পদ্ধতিৰে উন্নত জাতৰ ধানৰ খেতি কৰাৰ উপৰি বিভিন্ন ধৰণৰ গ্ৰীষ্মকালীন আৰু ৰবি শস্যৰ খেতি কৰি আৰ্থিকভাৱে স্বচ্ছল হোৱা দাসে কৃষিকাৰ্যত দেখুওৱা সাফল্যৰ বাবে ১৯৯৯ চনত মাণ্ডলিক পৰ্যায়ত প্ৰথম পুৰস্কাৰ পাই তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰপৰা এখন পাৱাৰ টিলাৰ লাভ কৰাৰ উপৰি চৰকাৰী খৰচত হাৰিয়ানা,দিল্লী,আগ্ৰা আদিৰ কৃষি ক্ষেত্ৰ প্ৰদৰ্শন কৰাৰ সুবিধা লাভ কৰিছিল।ৰাজ্যখনৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আদৰ্শ হৈ পৰা দাসে এই বৰ্ষত প্ৰায় ৪বিঘা মাটিত হাইব্ৰীড ৰঙালাউ ‘অৰ্জুনা’ৰ খেতি কৰিছে।

    বিগত বৰ্ষতো ৰঙালাউৰ খেতিত যথেষ্ট লাভান্বিত হোৱা দাসে আলু খেতি কৰিও লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে।বৰপেটা জিলাৰ কৃষি বিভাগৰ বীজ নিগমৰপৰা ১কুইণ্টল পুচা-মেহেক সৰিয়হৰ বীজ লাভ কৰি ১০০বিঘা মাটিত সম্পূৰ্ণ জৈৱিক সাৰ প্ৰয়োগ কৰি খেতি কৰাৰ লগতে তেওঁ আন ১০০বিঘাত এম-২৭ সৰিয়হৰ খেতিও কৰিছে।পুচা-মেহেক সৰিয়হ বিঘাই প্ৰতি ৫-৬মোন আশা কৰা খেতিয়কজনে এম-২৭ বিঘাই প্ৰতি ৪মোন পাব বুলিও উল্লেখ কৰে।কৃষি কৰ্মত একান্তভাৱে আত্মনিয়োগ কৰি আধুনিক পদ্ধতিৰে অধিক উত্‌পাদনৰ পথ প্ৰশস্ত কৰা নিৰ্মল চন্দ্ৰ দাসক আই চি এ আৰে শ্ৰেষ্ঠ কৃষক হিচাপেও স্বীকৃতি দিছে।হায়দৰাবাদৰ ৰাষ্ট্ৰীয় কৃষি বিস্তাৰ প্ৰবন্ধ সংস্কাৰৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰিছে নিৰ্মল দাসে।চলিত বৰ্ষত প্ৰায় ৭-৮ লাখ টকা উপাৰ্জন কৰা আদৰ্শ খেতিয়কজনে শীতল ভঁৰালৰ অভাৱৰ বাবে উৎপাদিত কিছু কৃষিজাত সামগ্ৰী কম দামতে বিক্ৰী কৰিবলগীয়া হোৱা বুলি উল্লেখ কৰে।খাদ্য শস্যৰ ভিতৰত বিলাহী উত্‌কৃষ্ট মানৰ খাদ্য যদিও সংৰক্ষণৰ অভাৱত কম মূল্যতে বজাৰত বিক্ৰী কৰি দিবলগীয়া হোৱাটো পৰিতাপৰ বিষয় বুলি তেওঁ উল্লেখ কৰে।যিবিলাক শিক্ষিত যুৱক-যুৱতীয়ে কৃষি কাৰ্যক বৃত্তি হিচাপে ল’ব বিচাৰে তেওঁলোকে প্ৰথমতে ব্যৱহাৰিক দিশত কিছু জ্ঞান আহৰণ কৰা উচিত বুলি মন্তব্য কৰে আদৰ্শ খেতিয়ক দাসে।পূৰ্বৰ কৃষিমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই দাসৰ খেতি পৰিদৰ্শন কৰি কৃষকজনক উত্‌সাহিত কৰা বুলিও মন্তব্য কৰে।আছকা(ASSCA)ত পঞ্জীয়ন কৰা নিৰ্মল চন্দ্ৰ দাসে ১৯৮৯ চনত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লৈ চাকৰিমুখী প্ৰৱণতা এৰি কৃষি কৰ্মৰ লগতে ৪বিঘা মাটিৰ পুখুৰীত মাছৰ খেতি কৰাৰ উপৰি বৰ্ণসংকৰ জাতৰ গাইগৰু পালন কৰি যথেষ্ট পৰিমাণে গাখীৰো উত্‌পাদন কৰি আহিছে।সৰিয়হৰ খেতিৰ উত্‌পাদন কৰি আহিছে।সৰিয়হৰ খেতিৰ উত্‌পাদন বঢ়োৱাৰ বাবে পশ্চিমবংগৰ মৌ-পালকৰ সৈতে যোগাযোগ কৰি দুশ বিঘা মাটিৰ সৰিয়হ খেতিৰ বাবে মৌ পালনৰ ব্যৱস্থাও কৰিছে।এই মৌ পালনৰ বাবে খেতিয়কজনে প্ৰত্যক্ষভাৱে লাভৱান নহ’লেও মৌ-মাখিৰদ্বাৰা ইহঁতৰ পৰাগ যোগ হোৱাত সৰিয়হৰ উত্‌পাদন যথেষ্টভাৱে বৃদ্ধি পায়।সম্প্ৰতি দুখন ট্ৰেক্টৰ আৰু এটা ক্ৰেচাৰ মেচিন ক্ৰয় কৰি নিজৰ লগতে আন দহজন নিবনুৱা যুৱকৰ কৰ্ম সংস্থাপনৰ বাট দেখুওৱা নিৰ্মল চন্দ্ৰ দাস আন কৃষকসকলৰ বাবে এক আদৰ্শ হৈ ৰওক।

                                                                                    লেখক: নৱজিত্‌ দাস, দৈনিক অসম

English Summary: Idol farmer Nirmal Chandra Das
Published on: 05 July 2019, 03:11 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now