কলৰ লগতে ধান, অমিতা, অনাৰস, মাছ পালন কৰিছে গোৱালপাৰাৰ দেৱব্ৰত ৰাভাই। ১২০ বিঘা মাটিত কলৰ খেতিৰ মাজে মাজে দীৰ্ঘদিন ধৰি এই শস্যসমূহৰ খেতি আহিছে উচ্চশিক্ষিত ৰাভাই।
তেওঁৰ এই মিশ্ৰিত আৰু বহুতৰপীয়া কৃষিপদ্ধতিৰে দৃষ্টি আকৰ্ষণ কৰিছে এতিয়া বহুজনৰ। তলৰ ছবিবোৰত আপোনালোকে দেখিবলৈ পাইছে কিদৰে কল খেতিৰ মাজে ধান খেতি কৰিছে দেৱব্ৰত ৰাভাই।
লগতে পঢ়ক-
Bee Farming : মৌ পালনেৰে স্বাৱলম্বী টীয়কৰ এজন ব্যক্তিৰ মনৰ কথা
আমাৰ গ্ৰামাঞ্চলৰ কৃষকসকলেও এনে বহুতৰপীয়া কৃষিপদ্ধতিৰে খেতি কৰিব পাৰে। এনেদৰে খেতি কৰিয়েই দেবব্ৰত ৰাভাই কলৰ খেতিৰ লগতে আনুষাংগিক শস্যৰ খেতিসমহূৰ পৰা লাখ টকা উপাৰ্জন কৰি আছে। আৰু নিজৰ লগতে ২০ জন লোকক নিজৰ কলৰ বাৰীখনত সংস্থাপন দিছে।
কলখেতিত লাভেই লাভ। এজোপা কলৰ পৰাই বিভিন্ন উত্সৰ উপাৰ্জন হয়- কল, কলৰ পুলি, পছলা, কলৰ ডিল আদি সকলোতে পইচা। কলৰ পাত গৰু-ছাগলীক খোৱাৰ লগতে মাছকো খোৱাব পাৰি।
লগতে পঢ়ক-
Share your comments