
কঠিয়া ধানৰ বীজ উৎপাদনৰ জৰিয়তে সফলতা লাভ কৰা চৰাইদেউ জিলাৰ নিমনাগড় কৃষি চক্ৰৰ শিলাসাঁকো চুমনি গাঁৱৰ প্ৰগতিশীল কৃষক হেমিদুৰ ৰহমান৷ ৩০ বিঘা মাটিত কঠিয়া ধান উৎপাদনেৰে যথেষ্ট লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে কৃষকগৰাকীয়ে৷
চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়ৰ লগতে অৰুনাচল প্ৰদেশলৈও কৃষকগৰাকীৰ কঠিয়া ধানৰ বীজৰ ব্যৱসায় সম্প্ৰসাৰণ হৈছে৷ ২০১১ চনৰ পৰা আৰম্ভ কৰা এই ব্যৱসায়ৰ দ্বাৰা বছৰি ৪ৰ পৰা ৫লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷

অসম ৰাজ্যিক বীজ প্ৰমাণিকৰণ এজেঞ্চিৰ দ্বাৰা প্ৰমাণিত হোৱা ধানৰ বীজসমূহ Oryza Seed Product নামেৰে ব্যৱসায়ভিত্তিক প্ৰতি বছৰে ১২০-১৩০ কুইন্টল কঠিয়া ধানৰ বীজৰ ব্যৱসায় কৰিছে৷ কৃষকগৰাকীৰ ওচৰত বিশেষকৈ ৰঞ্জিত, মাচুৰি, বাহাদুৰ, ৰঞ্জিত ছাব-১, কেতেকি জহা, আঘোনীবৰা ধানৰ বীজ উপলব্ধ আছে৷

চৰাইদেউ জিলা কৃষি বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰৰ সহায়-সহযোগত কৃষকগৰাকীয়ে এই বীজ উৎপাদনৰ ক্ষেত্ৰত আগুৱাই যাবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে৷
লগতে পঢ়ক-
Share your comments