
কঠোৰ পৰিশ্ৰম, মনোবল আৰু দৃঢ়তা থাকিলে যিকোনো কঠিন পৰিস্থিতিকো প্ৰত্যাহ্বান জনাব পাৰি। এই কথা প্ৰমাণ কৰি দেখুৱাইছে বিশ্বনাথ জিলাৰ ঘাঁহি গাঁও কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত চান্দামাৰী বঙালী গাঁৱৰ ৩৫ বছৰীয়া দিব্যাংগ যুৱক গোপাল নাগে।

কৃষক গোপাল নাগৰ ভৰি দুখন নাই কিন্তু এটা শক্তিশালী আৰু স্বাধীনমনা মন আছে। যিযে তেওঁক অন্য ১০ জন দিব্যাংগ লোকৰ পৰা পৃথকৰূপত আৰু নিজক সমাজৰ অন্য সুস্থ দেহৰ লোকৰো আদৰ্শ ৰূপত থিয় দিয়াইছে। তেওঁ কি কৰিব নোৱাৰে। টেক্টৰ চলাব পাৰে, কোৰ মাৰিব পাৰে, ১৫ বিঘা মাটিত খেতি কৰিব পাৰে।

বহু সুস্থ-সবল ব্যক্তিয়ে কৰিব নোৱৰা কিছুমান কাম কৰি দেখুৱাবলৈ সক্ষম হৈছে গোপাল নাগে। ১৫ বিঘা মাটিত মাটিত বেঙেনা, মূলা, শাক-পাচলি আদিৰ খেতি কৰাতো সাধাৰণ কথা নহয়। যিটো গোপাল দাসে কৰি আছে। আমাৰ সমাজত শাৰীৰিকভাৱে সক্ষম মানেই বহি-শুই খাই, ঘৰৰ, পৰিয়ালৰ বোজাস্বৰূপ হৈ পৰা ছবি এখন আমাৰ মনলৈ আহে।
লগতে পঢ়ক-
৩০ বিঘা মাটিত কঠিয়া ধানৰ খেতি কৰি আদৰ্শ দেখুৱাইছে চৰাইদেউৰ হেমিদুৰে

কোনো ব্যক্তিয়ে গোপাল নাগক দেখাৰ পাছৰ পৰা সেই শাৰীৰিকভাৱে সক্ষম মানেই বহি-শুই খাই, ঘৰৰ, পৰিয়ালৰ বোজাস্বৰূপ হৈ পৰা ছবিখন মনলৈ নাহে। কিন্তু দুখৰ কথা যে আমাৰ বহু ব্যক্তি সকলোফালে সক্ষম হৈয়ো কাম-বন নকৰি অকা-মিলা হৈ পৰি থাকে। গতিকে ক’ব পৰা যায় সেইসকল লোকহে দিব্যাংগ যিয়ে নিজৰ সুস্থ-সবল শৰীৰটোক কামত নলগায় অকামিলা কৰি ৰাখে।

উল্লেখ্য যে বিশ্বনাথ জিলা কৃষি বিভাগে বিভিন্ন সময়ত এজন কৃষকে পাব লগা সা-সুবিধা গোপাল নাগক দি আহিছে। শেহতীয়াকৈ বিশ্বনাথ জিলাৰ কৃষি বিষয়া বণেশ্বৰ বেয়ে গোপাল নাগৰ কৃষি ফাৰ্মখন পৰিদৰ্শন কৰে। আৰু আলু, মটৰ মাহ, বুট ইত্যাদিকে ধৰি কেইবাবিধো শস্যৰ বীজ প্ৰদান কৰে।
লগতে পঢ়ক-
Share your comments