1. সফল কাহিনী

শিৱসাগৰ চেৰেকা পাৰৰ কৌশিক বৰুৱাৰ সফলতাৰ জয়যাত্ৰা বিষয়ে জানো আহক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Journey Of Kaushik Boruah
Journey Of Kaushik Boruah

আজি এজন ল'ৰাক চিনাকি কৰাই দিও। নাম কৌশিক বৰুৱা, ঘৰ শিৱসাগৰৰ চেৰেকা পাৰত। ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছত চাকৰি বিচাৰি বেছি ঘূৰি ফুৰি নাথাকি নিজৰ হাতেৰে কিবা কৰোঁ বুলি ওলাল আৰু নিজৰ যাত্ৰাত আগবাঢ়িল,। তেওঁৰ এই যাত্ৰাক আমি এতিয়া এক জয়যাত্ৰা বুলি আমি ক'ব পাৰোঁ। কিবা এটা কৰোঁ বুলি ইফালে সিফালে ঘুৰোতে তেওঁ দেখিলে যে বিদেশৰ বস্তু আমি যিদৰে কিনো বা ব্যবহাৰ কৰোঁ আমাৰ বস্তুও বিদেশত কিনে বা ব্যবহাৰ কৰে। এইবুলি, তেওঁ আমদানি-ৰপ্তানিৰ বিষয়ে খবৰ গোটোৱাত লাগি গ'ল। ইণ্টাৰনেটত অসম বুলি বা অসমৰ পৰা পঠোৱা সামগ্ৰীৰ বিষয়ে search কৰিলে একো উপলব্ধ হোৱা নাছিল। কিন্তু, Bengal বুলি কিছু তথ্য পাইছিল আৰু বাংলাদেশ আৰু পশ্চিমবঙ্গৰ পৰা পঠোৱা সামগ্ৰী বোৰৰ কথা জানিব পাৰিছিল।

মুখ্যমন্ত্ৰীৰ সৈতে কৌশিক বৰুৱা
মুখ্যমন্ত্ৰীৰ সৈতে কৌশিক বৰুৱা

তেওঁ দেখা পালে যে ইয়াৰ পৰা বিশেষকৈ কৃষিজাত সামগ্ৰী সমূহ বেছিকৈ ৰপ্তানি হৈছে। মনতে ভাবিলে, আমাৰ অসমখনতো বহু খেতি-বাতি হয়, থলুৱা ফল-মূলো যথেষ্ট আছে, এইবোৰ ৰপ্তানি কৰিব নোৱাৰি নেকি ! তেওঁ এইবাৰ বিদেশৰ বজাৰ আৰু বিদেশী আমদানি কৰা সংস্থা বা ব্যক্তিৰ খবৰ সংগ্ৰহ কৰাত লাগিল। কিছুমান এনে ঠিকনা বিচাৰি উলিয়াই e-mail পথাবলৈ ধৰিলে। এহেজাৰ মান মেইল পঠোৱাৰ পিছত বিশটা reply আহিল। তাৰে এজন ব্যৱসায়ীয়ে কৌশিকে পঠিয়াব খোজা সামগ্ৰী ল’বলৈ ৰাজী হ'ল। তেওঁৰ নাম মঃ খুৰছিদুল, ডুবাইৰ Al Aweer মাৰ্কেটৰ ব্যৱসায়ী। এই ব্যক্তিজনে কৌশিকৰ সামগ্ৰী প্ৰথম বাৰলৈ লোৱাৰ বাদেও কৌশিকক বহুতখিনি দিহা দিয়ে আৰু ৰাস্তা দেখুৱাই।

লগতে পঢ়ক- 

Black Potato : কলা আলুৰ খেতিয়ে বিহাৰত হাঁহি বিৰিঙাইছে কৃষকৰ

২০১৮ চনত ছেপ্টেম্বৰ মাহত প্ৰথম বাৰলৈ Consignment পঠাওঁতে packaging ৰ সিমান জ্ঞান নথকাৰ বাবে সামগ্ৰীবোৰ বস্তাতে ভৰাই পঠাইছিল। বিদেশ পাইগৈ মানে সেইবোৰ গেলিবলৈ ধৰিছিল। কেতিয়াবা কোনো পাচলি বা ফলমূলত অলপ chemical resedue পালে সেইবোৰো reject হৈছিল, তেতিয়া বিদেশৰ warehouse ৰ খৰছ, consignment পঠোৱাৰ খৰছ সকলোবোৰ ভৰিব লগা হৈছিল। তেনেহলে যথেষ্ট অৰ্থৰ হানি হৈছিল।

এইবোৰৰ পৰা কৌশিকে যথেষ্ট অভিজ্ঞতা আহৰণ কৰিছিল আৰু আজিৰ দিনত খুব সুন্দৰ ভাৱে কৌশিকে থলুৱাভাৱে উৎপাদিত বিভিন্ন শাক পাচলি ফলমূল ৰপ্তানি কৰি আছে। ৰপ্তানি কৰা কিছু সামগ্ৰীৰ ফটো এই পোষ্টত সংলগ্ন কৰিছোঁ।

বিদেশলৈ কৃষিজাত সামগ্ৰী পঠোৱাৰ ছবি
বিদেশলৈ কৃষিজাত সামগ্ৰী পঠোৱাৰ ছবি

আমি তেওঁক বৰ্তমান ব্যৱসায় কেনে চলি আছে বুলি সোধাত তেওঁ জনাই যে যোৱা বছৰ ৭.৫ কোটিৰ ব্যৱসায় হ'ল। এই বছৰ ইতিমধ্যে ১২ কোটিৰ ব্যৱসায় পাৰ কৰিছে, বছৰৰ শেষলৈ ১৪ কোটিৰ লক্ষ্য ৰাখিছে বুলি ক'লে। এই ব্যৱসায়ৰ পৰা যে অকল তেওঁৰহে লাভ হৈছে সেইটো নহয়, তেওঁৰ বহু কৰ্মচাৰী, হাজাৰ খেতিয়কেও তাৰ ফল পাইছে । এই প্ৰযত্নৰ বাবে কৌশিকে ২০২১ চনৰ মুখ্যমন্ত্ৰীৰ "অসম গৌৰৱ" বঁটাও লাভ কৰিছে।

Journey Of Kaushik Boruah
Journey Of Kaushik Boruah

আজি আমি কৌশিকৰ সৈতে আমাৰ স্থানীয় দুজনমান কৃষিকাৰ্য কৰি থকা যুৱকক লগ লগাই দিলোঁ। লগতে, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই আৰু কৃষিবিভাগৰ কেইবাজনো বিষয়াৰ সৈতে মত বিনিময় কৰা হ'ল। আমি আশা কৰোঁ, কৌশিকৰ যোগেদি আমাৰ কৃষক সকল লভান্নিত হ'ব। কৌশিকৰ জয়যাত্ৰা অব্যাহত থাকক।

লেখক- বিতুপন নেওগ

লগতে পঢ়ক- 

Red Banana Benefit : ৰঙাকলৰ ব্যৱসায়িক আৰু স্বাস্থ্যৰ লাভালাভসমূহ

English Summary: Journey Of Kaushik Boruah

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.