1. সফল কাহিনী

কঠোৰ পৰিশ্ৰম নহয় মহিন্দ্ৰা 605 NOVO টেক্টৰ ক্ৰয় কৰক সহজে কাম সমাধান কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR

খেতিলৈ কেৱল কঠোৰ পৰিশ্ৰমেৰে সফলতা আনিব নোৱাৰি। খেতি হৈছে এক নতুন পদ্ধতি আৰু বুজাবুজিৰ খেল। এই কথাৰ এক উদাহৰণ হৈ পৰিছে উত্তৰপ্ৰদেশৰ এজন প্ৰগতিশীল কৃষক অংকিত জী।যিয়ে নতুন প্ৰযুক্তি কৃষিক্ষেত্ৰখনত প্ৰয়োগ কৰি অধিক উতপাদন আৰু মুনাফা উপাৰ্জন কৰি এক নজিৰ সৃষ্টি কৰিছে।

অংকিত জী এজন প্ৰগতিশীল কৃষক। কৃষকগৰাকীয়ে সদায় খেতিত আধুনিক প্ৰযুক্তি, নতুন কৃষি পদ্ধতিত বিশ্বাস কৰে। উদাহৰণস্বৰূপে, যেতিয়া কৃষকগৰাকীয়ে পুৰণা টেক্টৰখনে কাম কৰি আহিছিল তেতিয়া তেওঁ মাটি চহোৱা, বস্তু কঢ়িওৱা, হাইড্ৰলিকেৰে বস্তু উঠোৱা, কম মাইলেজ, চিট আৰামদায়ক নোহোৱা আদিৰ দৰে সমস্যাবোৰে দেখা দি আছিল। যেতিয়াই তেওঁ কৃষকৰ বাবে কেৱল মহিন্দ্ৰা 605 NOVO টেক্টৰখন ডিজাইন কৰি নিৰ্মাণ কৰিছে বুলি জানিব পাৰে তেতিয়া তেওঁ ওপৰত উল্লিখিত সমস্যাবোৰৰ প্ৰতি লক্ষ্য ৰাখি মহিন্দ্ৰা টেক্টৰখন ক্ৰয় কৰে।

মহিন্দ্ৰা 605 NOVO টেক্টৰখন আধুনিক খেতিৰ বাবে কৃষকৰ সাৰথি
প্ৰগতিশীল কৃষক অংকিতে কয় যে মহিন্দ্ৰা 605 NOVO টেক্টৰখন তেওঁৰ খেতিয়ক জীৱনলৈ এক পৰিৱৰ্তন আনিলে। টেক্টৰখনৰ তিনিটা বিশেষ বিশেষ মোডৰ সংযোজন কৰা হৈছে। যিয়ে কৃষকজনৰ সকলো কাম সহজ কৰি তোলাৰ লগতে ডিজেল খৰচ বহু পৰিমাণে কমাই তুলিলে।

লগতে আপোনালোকক জনাও যে এই টেক্টৰখনৰ এটা বিশেষ বিশেষত্ব হল- CRDI ইঞ্জিন। যি শক্তিশালী আৰু কম ইন্ধনেৰে চলে। অংকিতে কয়- টেক্টৰখন এনেকুৱা যে যিকোনো পৰিস্থিতিতে ই মোকাবিলা কৰিব পাৰে। এইবোৰৰ ওপৰি এই টেক্টৰখনৰ শব্দ বা মাত বহু কম, আৰু ডিজিটেল ড্ৰেচবৰ্ড সংযোজন কৰা হৈছে। যিয়ে ইঞ্জিনৰ সকলো তথ্য স্ক্ৰীণত দাঙি ধৰিব। কৃষকগৰাকীয়ে কয়- টেক্টৰখনত ডিজিটে ড্ৰেচবৰ্ড সংযোজন কৰাৰ ফলত মই এতিয়া কাম কৰি থাকো ফোন কৰিব পাৰো, গান শুনিব পাৰো। যিটো পূৰ্বতে সম্ভৱ নাছিল। কিন্তু মহিন্দ্ৰা 605 NOVO টেক্টৰখনে সেয়া সম্ভৱ কৰি দিলে।

বহু টেক্টৰ আছে বেছি সময়লৈকে কাম কৰিব নোৱাৰে ইঞ্জিন গৰম হৈ যায়। কিন্তু এই সমস্যাটো মহিন্দ্ৰা 605 NOVO টেক্টৰত নাই। দীৰ্ঘ সময়ৰ বাবে কৃষকগৰাকীয়ে মহিন্দ্ৰা 605 NOVO টেক্টৰখনৰ জৰিয়তে কাম কৰি থাকিব পাৰে। কাৰণ মহিন্দ্ৰা 605 NOVO টেক্টৰত সংযোজন কৰা হৈছে অট’ ইঞ্জিন প্ৰটেকশ্বন ফিচাৰ। যিয়ে ইঞ্জিন গৰম হোৱাৰ পৰা বচাই ৰাখে। যাৰ ফলত কৃষকসকলে দীৰ্ঘ সময়ৰ বাবে চিন্তা নকৰাকৈ কাম কৰি থাকিব পাৰে। তদুপৰি, লাইটিঙৰ ব্যৱস্থা অতি উন্নত মানৰ। ৰাতিয়ো এজন কৃষকে কৃষি পথাৰত নিজৰ কাম সুন্দৰকৈ সমাপান কৰিব পাৰে।
এজন কৃষকৰ প্ৰয়োজনীয়তাবোৰ বিশ্বমানৰ প্ৰযুক্তিৰে এনেকৈ মহিন্দ্ৰা 605 NOVO টেক্টৰখনত সংযোজন কৰাৰ ফলত অংকিত জীৰ দৰে কৃষকসকলে তেওঁলোকৰ জীৱনলৈ খেতিৰ জৰিয়তে পৰিৱৰ্তন অনাত সম্ভৱ হৈ উঠিছে।

English Summary: Farmer Ankit touched new heights of success with Mahindra 605 NOVO

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.