উত্তৰ প্ৰদেশৰ আলোক নামৰ এজন প্ৰতিবন্ধী ব্যক্তি এতিয়া সংবাদ মাধ্যমৰ চৰ্চাত। আলোক পেছাত এজন কৃষক। তেওঁ কেপচিকামৰ খেতি কৰে। এই কেপচিকামৰ খেতিৰ পৰা তেওঁ বাৰ্ষিক ১ কোটি টকা উপাৰ্জন কৰি আছে। য’ত তেওঁ ৮৫ লাখ লাখ টকা লাভ হয়। পূৰ্বে আলোকৰ পৰিয়ালটো দৰিদ্ৰতাত ভুগি আছিল। পাঁচজনীয়া পৰিয়াললটো চলিব পৰাকৈ ঘৰৰ মাটিখিনিত হোৱা শস্যৰে জোৰা মাৰিব পৰাব নাছিল ঘৰখন। পৰৱৰ্তী সময়ত সেই ৫ বিঘা মাটিত কেমচিকামৰ খেতি কৰি কৰিছিল ভাগ্য সলনি হৈছিল।
পলিঅ’ত আক্ৰান্ত হৈ আলোক শৈশৱতে প্ৰতিবন্ধী হৈ পৰিছিল। আলোকৰ দৰে তেওঁৰ মাক আৰু ভনীয়েকো বিশেষভাৱে সক্ষম। তেওঁলোকৰ ভৰণ-পোষণৰ বাবে দেউতাকে কৃষিক্ষেত্ৰত কাম কৰিছিল। কাম কৰা এজন কিন্তু তেওঁ চলাব লগা হৈছিল তিনিজনকৈ লোকক। এনেদৰে চলিছিল তেওঁলোকৰ জীৱন। তেনেসময়তে সময়তে আলোকে এখন আলোচনীত কেপচিকাম খেতিৰ পদ্ধতিৰ বিষয়ে পঢ়িবলৈ পালে। তাৰ পিছত আলোকে নিজৰ ঠাইতো কেপচিকামৰ খেতি কৰাৰ সিদ্ধান্ত লৈছিল।
আলোকে প্ৰথমে এটা বিঘাত কেপচিকামৰ খেতি কৰিছিল। অভিজ্ঞতাৰ অভাৱত লোকচান। প্ৰথমবাৰ শস্য আধাতকৈ অধিক অপচয় হৈছিল। কিন্তু এই প্ৰচেষ্টাৰে আলোকে গম পালে যে তেওঁ খেতি কৰি ভাল লাভ কৰিব পাৰে। তাৰ পিছতে আলোকে পুনৰ কেপচিকাম শস্যৰ খেতি আৰম্ভ কৰিলে। লাহে লাহে তেওঁলোকে কেপচিকামৰ খেতিত উপকৃত হ’বলৈ ধৰিলে। ইয়াৰ পিছত ছ’চিয়েল মিডিয়াৰ সহায়ত কেপচিকামৰ অত্যাধুনিক প্ৰযুক্তি গ্ৰহণ কৰি তেওঁ যোৱা বছৰ জৈৱিক পদ্ধতিৰ ভিত্তিত আনৰ পৰা ভাড়াত মাটি লৈ ৪০ বিঘা মাটিত কেপচিকামৰ খেতি কৰে। ইয়াৰ বাবে তেওঁৰ ১৫ লাখ টকা খৰচ হৈছিল কিন্তু লাভ ৮৫ লাখ টকা হৈছিল।
লগতে পঢ়ক-
অক্টোৱৰতে এই দহবিধ ৰবিশস্যৰ খেতি কৰক
কৃষকসকলক প্ৰশিক্ষণ দি দিব্যাংগ আলোকে জনায় যে অঞ্চলটোৰ ৫০০ৰো অধিক কৃষকে এতিয়া তেওঁলোকৰ পৰা আধুনিক কৃষিৰ প্ৰশিক্ষণ লৈছে। বৰ্তমান তেওঁলোকে বৰ্তমান ১৭ একৰ ভূমিত কেপচিকামৰ উদ্ভিদ নাৰ্চাৰী স্থাপন কৰিছে, য’ৰ পৰা প্ৰশিক্ষণ লোৱা কৃষকসকলকো এই পুলিসমূহ প্ৰদান কৰে। আলোকে এতিয়া কেপচিকামৰ খেতিৰ পৰা প্ৰতি বছৰে এক কোটি উপাৰ্জন কৰে। আলোকৰ এই সফলতাৰ পাছতে এতিয়া অঞ্চলটোৰ আন বহু কৃষকে কেপচিকামৰ খেতি কৰি ভাল উৎপাদন, ভাল উপাৰ্জন লাভ কৰিবলৈ সক্ষম হৈছে।
লগতে পঢ়ক-