Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 19 July, 2022 4:13 PM IST
দেৱজিৎ চাংমাইৰ দীনদয়াল উপাধ্যায় অন্ত্যোদয়া কৃষি বঁটা গ্ৰহণৰ মুহূৰ্ত

বিভিন্ন সময়ত বিভিন্নজন প্ৰতিভাৱানে ৰাজ্যখনলৈ একক প্ৰচেষ্টাৰে কঢ়িয়াই আনিছে গৌৰৱ। ক্ৰীড়া ক্ষেত্ৰখনত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভলীনা, হিমাহঁতে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি ৰাজ্যৰ লগতে  দেশলৈয়ো কঢ়িয়াই আনিছে গৌৰৱ। শেহতীয়াকৈ লাভলীনা, হিমাহঁতৰ দৰেই  ৰাজ্যবাসীক গৌৰাৱান্বিত কৰিলে উদ্যমী তথা পৰিশ্ৰমী কৃষক দেৱজিৎ চাংমায়ে। এই সফলতা কঢ়িয়াই আনিছে বহুমুখী কৃষিকৰ্মত চমকপদ সফলতা প্ৰদৰ্শন কৰি।

ধেমাজি জিলাৰ শ্ৰীপানী মথাডাঙৰ বাসিন্দাই দেৱজিৎ চাংমাই  লাভ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক বঁটা। ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ ৯৪ সংখ্যক প্রতিষ্ঠা দিৱসৰে সংগতি ৰাখি প্ৰদান কৰা হৈছিল পণ্ডিত দীনদয়াল উপাধ্যায় অন্ত্যোদয়া কৃষি বঁটা। দেশৰ কোটি কোটি কৃষকৰ ভিতৰত  কেৱল চাৰিজন কৃষকক  এই বঁটা প্ৰদান কৰিছিল। এই চাৰিজনৰ ভিতৰত এজন আছিল অসমৰ দেৱজিৎ চাংমাই। ইয়াৰ পৰাই বুজিব পাৰি কৃষিক্ষেত্ৰখলনৈ তেওঁৰ অৱদানৰ গুৰুত্ব কিমান?

NARENDRA SINGH TOMAR WITH DEBAJIT CHANMAI

যোৱা শনিবাৰে নতুন দিল্লীস্থিত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ পৰা  অন্য তিনি উদ্যমী কৃষকৰ লগতে দেৱজিৎ চাংমাই গ্ৰহণ কৰে এই বঁটা। বঁটাত আছে এখন প্ৰমাণ - পত্ৰৰ লগতে নগদ এক লাখ টকাৰ পুৰস্কাৰ।

উল্লেখ্য যে দেৱজিৎ চাংমায়ে ধানৰ বাহাদুৰ ছাব -১ আৰু ৰঞ্জিৎ ছাব -১ নামৰ বানপানীতো সোনকালে মৰি নোযাৱা জাতৰ বীজ উৎপাদন কৰাৰ লগতে প্ৰতিবছৰে ১২০ ৰ পৰা ১৫০ কুইণ্টলকৈ ধান জিলাখনৰ কৃষি ক্ষেত্ৰত অৰিহণা আগবঢ়াই আহিছে । তদুপৰি উদ্যমী কৃষক চাংমায়ে ঘৰতে এখন ক্ষুদ্ৰ নাৰ্ছাৰী স্থাপন কৰি নেমু , পাণ , জালুক নাৰিকল , অমিতা আৰু শাক - পাচলিৰ পুলি উৎপাদন কৰে।

বতৰৰ শাক-পাচলিৰ লগতে খেতিয়কগৰাকীয়ে দুটা কম খৰচী পলি হাউছ ব্যৱহাৰ কৰি শাক - পাচলি উৎপাদন কৰি অঞ্চলবাসীক শাক-পাচলিৰ যোগান ধৰাৰ লগতে তেওঁ নিজেই লাভাৱিন্বত হৈ আহিছে।  শাক-পাচলিৰ ওপৰি তেওঁ পুখুৰীত মাছ, হাঁহ পালন কৰে।

DEBAJIT CHANGMAI

এইদৰেই তেওঁ বিভিন্নধৰণৰ খেতি কৰি নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ লগতে নাৰ্চাৰীখনৰ পৰা  পুলি যোগান ধৰি অঞ্চলটোৰ অঞ্চলটোৰ কৃষিক্ষেত্ৰলৈ বৰঙণি আগবঢ়াই আহিছে। উল্লেখ্য যে এইবাৰ এই বঁটা লাভ কৰা ৰাজ্যখনৰ তেৱেঁই একমাত্র ব্যক্তি ।

লগতে পঢ়ক- চাকৰিৰ পৰা অৱসৰৰ পাছত আপোনাৰ পৰিকল্পনা কি?

English Summary: Deendayal Upadhyay Antyodaya Krishi AWARD to Devjit Changmai
Published on: 19 July 2022, 03:45 IST