1. সফল কাহিনী

মোডীয়ে নহয়! বিহাৰৰ প্ৰেমলতাৰ জীৱনলৈ পৰিৱৰ্তন আনিলে গোৱৰে

RAHUL ALI
RAHUL ALI

সম্প্রতি ভাৰতবৰ্ষৰ লগতে অসমতো গৰুকেন্দ্ৰিক এক ৰাজনীতি চলি আছে। বৰ্তমান মানুহক সন্মান কৰক নকৰক প্ৰয়োজন নাই কিন্তু গৰুক সন্মান কৰাতো নিতান্তই প্ৰয়োজন। অসমীয়া মানুহেই গৰুক শ্ৰদ্ধা কৰে গৰুক সন্মান কৰে। কিন্তু অসমত এতিয়া গৰুক পূজা পৰা কৰা পৰম্পৰা এটা পৰম্পৰা আৰম্ভ হৈছে। ভক্তসকলে গৰুক দেৱতাৰ আসনত বহুৱাইছে। ইয়াৰ লগে লগে গৰু মূত্ৰ-গোৱৰলৈকে গোভক্তসকলৰ এটা টানৰ সৃষ্টি হৈছে। গতিকে এনে প্ৰেক্ষাপটতত আমি গোৱৰ, গো-মূত্ৰক কেন্দ্ৰ কৰি এখন নতুন বজাৰ সৃষ্টি কৰিব পাৰো। আমি গৰুৰ গোৱৰক ইতিমধ্যে ৰন্ধন গেছ আৰু বিদ্যুৎ হিচাপে ব্যৱহাৰ কৰিছোৱেই।

শেহতীয়াকৈ বিহাৰৰ সমস্তিপুৰ জিলাৰ প্ৰেমলতা নামৰ মহিলাগৰাকীয়ে গৰুৰ গোৱৰক কেন্দ্ৰ কৰি সূচনা কৰিছে এক নতুন দিগন্তৰ। আৰু বহুতৰে প্ৰেৰণা উৎস হৈ পৰিছে প্ৰেমলতা। কিন্তু কি কৰিছে প্ৰেমলতাই? প্ৰেমলতাই বিহাৰৰ লগতে বিভিন্ন ৰাজ্যৰ সৰু গাওঁ, চহৰসমূহলৈ যায় আৰু প্ৰায় ৩০ বছৰ ধৰি তাত থকা মহিলা আৰু নিবনুৱা লোকসকলৰ মাজত গোৱৰ উপকাৰিতা কথা কয়। আৰু প্ৰেমলতাই গোবৰ ব্যৱহাৰ কৰি বনোৱা গহনা সমূহ দেখুৱায়। লগতে মানুহক গোৱৰ পৰা গহণা তৈয়াৰ কৰিও যে স্বাৱলম্বী হব পাৰি সেইকথা উদাহৰণসহ বুজায়।

ইতিমধ্যে প্ৰেমলতাই গোবৰৰ পৰা ২০০০ তকৈও অধিক সামগ্ৰী তৈয়াৰ কৰিছে। পূজাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী, ধূপ কাঠি, ঘৰসজ্জাৰ বাবে প্ৰয়োজনীয় মূৰ্তি, গোবৰৰ ইটা, চটি, ঘড়ী, পুতলা, মুন্দ্ৰা, নেকলেচ, হাতৰ চুড়িৰ পৰা আৰু বহু। প্ৰেমলতাৰ দ্বাৰা গহনা নিৰ্মাণৰ এই কলা অতি অনন্য। তেওঁ কেৱল ইয়াৰ জৰিয়তে নিজকে আত্মনিৰ্ভৰশীল কৰাই নহয়, বিহাৰৰ বিভিন্ন প্ৰান্তলৈ গৈ বিহাৰৰ মহিলাসকলক আত্মনিৰ্ভৰশীল হ'বলৈ অনুপ্ৰাণিত কৰিছে।

উল্লেখ্য যে অসমতো বৰ্তমান ক্ৰমশঃ গো-প্ৰীতিলৈ লক্ষ্য ৰাখি গোৱৰ পৰা নিৰ্মিত সামগ্ৰীৰ ভাল বজাৰ এখন চলাৰ পৰিৱেশ আছে। গতিকে বিহাৰৰ প্ৰেমলতাৰ দৰে আমিও গোৱৰৰ পৰা নিৰ্মিত সামগ্ৰীৰ বজাৰ এখন সৃষ্টি কৰি নিজৰ লগতে আন দহজনক স্বাৱলম্বনৰ পথত অগ্ৰসৰ কৰাব পাৰো। এই ব্যৱসায়ত আপোনাৰ মূলধনো বৰ বেছি প্ৰয়োজন নহ’ব। গৰু গোৱৰ অতি সূলভ। কেৱল আপোনাক কাম কৰিব পৰাকৈ এটা মানসিকতাৰ প্ৰয়োজন। আৰু কিছে ধৈৰ্য।

লগতে পঢ়ক- আৰম্ভ কৰক গোৱৰৰ এইসমূহ ব্যৱসায়! হ'ব অধিক লাভালাভ

English Summary: Cow Dung Change Of Premlata’s Life Style

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.