Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 14 June, 2019 9:40 PM IST

ৰাজ্যৰ উদীয়মান উচ্চ শিক্ষিত মীনপালকসকলৰ অন্যতম পাঠশালাৰ সমীপৱৰ্তী ছাগলচাৰী গাঁৱৰ বিনয় কলিতা। নিজ চেষ্টা উদ্যম-একাগ্ৰতা আৰু নিষ্ঠাৰে মীন পালনত ব্ৰতী হৈ যুৱকজনে স্বনিয়োজন প্ৰশস্ত কৰাৰ লগতে অঞ্চলটোৰে বুজন সংখ্যাক শিক্ষিত নিবনুৱা যুৱক-যুৱতীক হাতে-কামে ব্যৱহাৰিক সহযোগিতাৰে মীন পালনত জড়িত কৰোৱাই যোগাইছে ইতিবাচক জীৱিকাৰ সমল। অত্যন্ত চালুকীয়া অৱস্থাৰপৰা মীন পালন আৰম্ভ কৰা যুৱকজনে কলেজীয়া শিক্ষা সাং কৰি পিতৃৰ দিনৰ প্ৰান্তীয় কৃষিকৰ্মত মনোনিৱেশ কৰিছিল। হাতত মূলধনৰ অভাৱ যদিও যুৱকজনৰ দুৰ্বাৰ বাসনা আছিল বিজ্ঞানসন্মত দৃষ্টিভংগীৰে মীন পালনত জড়িত হোৱাৰ।

ইতিমধ্যে কাকত- আলোচনী- ইণ্টাৰনেট আদিৰ জৰিয়তে মীন পালনৰ সম্ভাৱনীয়তা আৰু লাভালাভ সম্পৰ্কে জ্ঞাত হৈছিল যুৱকজন।

সৌভাগ্যই হাত বাউল দি থকা যুৱকজনৰ ২০০৫ চনত যোগাযোগ ঘটিল বৰপেটা জিলা মীন বিভাগৰ লগত। মীন পালনৰ প্ৰতি অত্যন্ত আগ্ৰহী যুৱকজনক পাৰ্যমানে সহযোগিতা আগবঢ়াবলৈ আগবাঢ়ি আহিল মীনবিভাগ। তেওঁলোকৰ দিহা পৰামৰ্শ মৰ্মে ঘৰতে অব্যৱহৃত হৈ পৰি থকা প্ৰায় এবিঘা জলকালিৰ এটা পুখুৰীত আৰম্ভ কৰিলে মীন পালন।

প্ৰথম বছৰতে অহৰণ কৰিলে আশাতীত লাভৰ মুখ। ই যুৱকজনক মীন পালনৰ প্ৰতি দুগুণে উৎসাহিত কৰি তোলে। তেওঁক আৰু অধিক উৎসাহিত কৰাৰ মানসেৰে বিশ্ব বেংকৰ অৰ্থ সাহায্যৰ ৰূপায়িত অসম কৃষি সামথ্য বৰ্দ্ধন প্ৰকল্পৰ এবাৰ পোনা মেলি বহুবাৰ ফচল চপোৱা শিতানৰ হিতাধিকাৰী মনোনিত কৰে বিভাগে। উদ্দেশ্যে, বিনয়ক মীন পালনৰ বিজ্ঞানসন্মত আদিপাঠেৰে কাৰিকৰীভাৱে উদ্বুদ্ধ কৰোৱা। এই আঁচনিৰ জৰিয়তে বিনয়ৰ পুখুৰী মেৰামতি কৰি পৌণিক সামগ্ৰীৰ প্ৰায়খিনিয়েই যেনে- চূণ, খাদ্য, পোণা, সাৰ আদি বিভাগে যোগান ধৰে। মাজে সময়ে বিনয়ক প্ৰদান কৰা হয় বিজ্ঞানসন্মত মীন পালনৰ ব্যৱহাৰিক প্ৰশিক্ষণ। বিনয়েও এই সকলোখিনিৰ আধাৰত একাণপতীয়াকৈ লাগি পৰিল মীন পালনত।

উল্লেখযোগ্য যে সমূহীয়া দৃষ্টিভংগীৰে অঞ্চলটোত মীন পালনৰ উত্তৰণৰ সূচনা কৰাৰ মানসেৰে স্থানীয় আন কেইবাজনো মীনপালকক বিনয়ৰ লগত সাঙুৰি গঠন কৰা হ’ল ত্ৰিনয়ন সমূহীয়া ইচ্ছা গোট। ফলত বিনয়ৰ লগতে আন কেইবাজনো একেলগে লাভান্বিত হ’ল মীন পালনৰ জৰিয়তে। তেওঁলোকে ব্যক্তিগত পুখুৰীত মীন পালন কৰিছিল যদিও দৃষ্টিভংগী আৰু পৰিক্ৰমা আছিল সমূহীয়া। প্ৰথম বছৰত বিনয়ৰ লাভ হ’ল প্ৰায় কুৰি হাজাৰ টকা। বিনয়ৰ বাবে এইটো আছিল তেনেই অপ্ৰত্যাশিত। দুৰ্বাৰ গতিত অব্যাহত ৰাখে মীন পালন। প্ৰতি বছৰে লাভাংশৰ এটা অংশৰে নতুন নতুন ভূমি ক্ৰয় কৰি পুখুৰী নিৰ্মাণত ব্যয় কৰিবলৈ ল’লে। আৰম্ভ কৰিলে মীন পালনৰ বিভিন্ন ন ন কৌশল আৰু পালনৰ প্ৰযুক্তি।

বৰ্তমান প্ৰায় ৩০ বিঘা জলকালিৰে সমৃদ্ধ বিনয়ৰ মীনপামখন চাৰিটা কৌশল গোটত বিভক্ত। মুখ্যত বছৰেকীয়া পোনা উৎপাদন, সমন্বিত মাছ আৰু গাহৰি পালন, সমন্বিত হাঁহ আৰু মীন পালন আৰু সমন্বিত মাছ আৰু উদ্যান শস্য ৰূপায়ণ কৰা হয় বিনয়ৰ মীনপামত। বিনয়ৰ মতে, মীনপালনত কম কষ্ট আৰু ন্যূনতম মূলধন ব্যয়ৰ বিনিময়ত অধিক লাভ পাব পাৰি। এইক্ষেত্ৰত পোনা প্ৰতিপালন ব্যৱসায় আৰু সমন্বিত মীন পালনত লাভ আৰু বেছি। পোনা প্ৰতিপালনৰ ক্ষেত্ৰত বিনয়ে পোনতে নিৰ্ভৰযোগ্য উৎসৰপৰা গুণগত মানৰ ভ্ৰূণ পোনা আনি আঙুলি জোখৰ পৰ্যায়লৈ প্ৰতিপালন কৰি কিছু অংশ বিক্ৰী কৰে আৰু বাকীখিনি অধিক ঘনত্বত বিশেষ পৰিচালন কৌশলেৰে পৰৱৰ্তী বৰ্ষৰ ব’হাগ মাহলৈ পালন কৰি বছেৰেকীয়া পোনা হিচাপে বিক্ৰী কৰা হয়।

অসমৰ জলবায়বীয় পটভূমিত বছৰেকীয়া পোনা এটা প্ৰাসংগিক সিদ্ধান্ত। তদুপৰি চাহিদা আৰু লাভালাভৰ দিশৰপৰাও ই অতি ইতিবাচক। কাৰণ, ব’হাগ মাহৰ আৰম্ভণিতে অৰ্থাৎ মীন পালনৰ বিজ্ঞানসন্মত কৰ্মপঞ্জী আৰম্ভ হোৱাৰ সময়ত গুণগত মানৰ সঠিক জোখ আৰু নিৰ্দিষ্ট ওজনৰ সংমিশ্ৰিত পোনা ৰাজ্যৰ বেছিভাগ ঠাইতে উপলভ্য নহয়। আনহাতে, পশুধনৰ লগত সমন্বিত মীন পালনত মাছৰ বাবে কোনো ওপৰঞ্চি খাদ্য, সাৰ আদি দিবলগীয়া নহয়। গতিকে পৌণিক খৰচ প্ৰায় ৭৫ শতাংশ ৰাহি কৰিব পাৰি

মন কৰিবলগীয়া যে ছাগলচাৰী অঞ্চলত বিনয়ৰ কামৰ পৌণিক ক্ৰিয়াৰ সুবাসত আন ২৫ জনমান শিক্ষিত যুৱকে মীন পালন কৰি উপকৃত হৈছে। তেওঁলোকে ব্যক্ত কৰা মতে, আৰম্ভণিতে গাঁওখনত গাহৰি পোহা বা খোৱাৰ ক্ষেত্ৰত কিছু সামাজিক প্ৰতিবন্ধকতা আছিল যদিও আজি আৰু সেই সমস্যা নাই। ই অনাগত দিনৰ বাবে আশাৰ ৰেঙণি। কেইবাটাও বৈদ্যুতিন প্ৰচাৰ মাধ্যমে বিনয়ৰ সফলতাখিনিক সম্প্ৰচাৰৰ ব্যৱস্থা কৰি ছাগলচাৰীবাসীক উৎসাহিত কৰিছে। ২০১১ চনত বিনয়ে মীন বিভাগৰ পৃষ্টপোষকতাত ‘এমপেডা’ৰ সহযোগত অন্ধ্ৰপ্ৰদেশৰ প্ৰদৰ্শণীমূলক জ্ঞান আহৰণৰ বাবে যোৱাৰ সুযোগ লাভ কৰিছিল। ভৱিষ্যতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অতি জনপ্ৰিয় কৌশল একলিংগী টিলাপিয়া পালনৰ ইচ্ছা বিনয়ৰ। সেই সূত্ৰে বিনয়ৰ একান্ত ইচ্ছা পশ্চিমবংগৰ মীনক্ষেত্ৰখন এবাৰ অধ্যয়ন কৰা। বৰ্তমান বছৰেকত ৫-৬ লাখ টকা উপাৰ্জন কৰা বিনয় পিতৃ-মাতৃ, ভাই-ভগ্নীৰে ভৰা এটা সুখী পৰিয়ালৰ মূল চালিকাশক্তি। অৱশ্যে, বিনয়ে আজিৰ সফলতাত মীন বিভাগৰক লগতে বিশেষকৈ ক্ষেত্ৰ বিষয়া গুণীন্দ্ৰ দাস, জিলা মীন সম্প্ৰসাৰণ পৰামৰ্শদাতা কল্পজিৎ কলিতা আৰু মীন সমন্বয়ক নয়ন পাঠকৰ নাম বিশেষভাৱে স্বীকাৰ কৰে। এই তিনি ব্যক্তিৰ দিহা-পৰামৰ্শ বা সহযোগিতা অবিহনে আজিৰ উত্তৰণ সম্ভৱ নাছিল বুলি বিনয়ে অনুভৱ কৰে। আপুনিও বিনয় কলিতাৰ পাম পৰিদৰ্শন বা বাৰ্তালাপ কৰি লাভাম্বিত হ’ব পাৰে।

                                                                                      লিখকঃ ধ্ৰুৱজ্যোতি শৰ্মা, দৈনিক অসম

English Summary: Binoy Kalita from Pathsala being self-employed by farming fish.
Published on: 14 June 2019, 09:40 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now