Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 17 November, 2022 3:07 PM IST

আজিৰ নৱপ্ৰজন্মই কষ্ট কৰিবলৈ টান পায়, সহজে ধন ঘটাৰ পথ অৰ্থাত ইজি মানি বিচাৰি ফুৰে বুলি অগ্ৰজসকলে প্ৰায়ে এপাত শৰ মাৰি থাকে নৱপ্ৰজন্মক উদ্দেশ্য কৰি। এই শৰপাতক প্ৰত্যাহ্বান জনাই বহু যুৱকে প্ৰমাণ কৰি দেখুৱাইছে যে আজিৰ  অসমৰ যুৱ-প্ৰজন্ম সোৰোপা নহয়। গোলাঘাটৰ তেনে এজাক যুৱকৰ কথাই আজি এই লেখাত আলোচনা কৰিম।

২০১৯ চনতে গোলাঘাটৰ লোকেন তামুলীৰ নেতৃত্বত উপেন শ‍ইকীয়া, দিগন্ত শ‍ইকীয়া, প্ৰাঞ্জল গগৈ, সীমান্ত বৰা আদি কেইবাজনো বন্ধুৰ একান্ত প্ৰচেষ্টাত গঢ়ি তোলে সুৰুজমুখী কোম্পানী নামৰ এটা প্ৰতিষ্ঠান। সুৰুজমুখী কোম্পানীয়ে ইতিমধ্যো তিনিটা বছৰ কাম অতিক্ৰম কৰিছে। এই তিনিটা বছৰত সুৰুজমুখী কোম্পানীটোৰ লগত জড়িত যুৱক-যুৱতীসকলে গোলাঘাটৰ বিভিন্ন অঞ্চলৰ বিভিন্ন জনৰ ঘৰত জংঘল পৰিষ্কাৰ কৰা, নিলা- নৰ্দমা পৰিষ্কাৰ কৰা, ঘৰ ৰং কৰা, পানীৰ পাইপ সংযোগ কৰা, বিদ্যুৎ সংযোগ কৰা, টাইলচু লগোৱা, শৌচাগাৰ, টেংকি পৰিষ্কাৰ কৰা, ফ্ৰীজ আৰু ওৱাচিং মেচিন টো ভাল কৰি দিয়া, বিয়া ,সকাম , বাৰ্থডে পাৰ্টি আদি বিভিন্ন অনুষ্ঠানত বিলনীয়া (কেটাৰিং) আদি কামবোৰ কৰি কামবোৰ কৰি আহিছে। অসমত সাধাৰণতে এনে কামবোৰ কৰে বহিঃৰাগত লোকসকলে। আৰু এনেদৰে সৰু-সৰু কামবোৰৰ মাজেৰে খোপনি পুতি বহিঃৰাগতসকলে গোটেই অসমখনকে গ্ৰাস কৰাৰ দিশত অগ্ৰসৰ হৈছে। এই বিষয়টোৰ প্ৰতি লক্ষ্য কৰিছে এই যুৱক-যুৱতীসকলে। এই সন্দৰ্ভত তেওঁলোকে কয় যে আমি কৰি থকা এই বোৰ কাম কৰিবলৈ আহিয়ে আমাৰ মাজত খুপনি পুতেহি সেই বহিৰাগত-বিদেশীয়ে। যাক খেদিবৰ বাবে আমাৰ ভৱিষ্যত মানে ছাত্ৰ-ছাত্ৰীয়ে পঢ়া এৰি নাইবা ধনবৰ দদাইহঁতে খেতি এৰি ৰাজপথ উত্তাল কৰি আন্দোলন কৰিব লগা হয়।

লগতে পঢ়ক- 

বিশেষ মূলধন নোহোৱাকৈ কিদৰে প্ৰস্তত কৰিব পাৰি আচাৰ আৰু ইয়াৰ ব্যৱসায়

A sunny dream of a Surujmukhi company

কেইজনমান যুৱকে আৰম্ভ সুৰুজমুখী কোম্পানীত সম্প্ৰতি অসমৰ বিভিন্ন অঞ্চলৰ বহু নিবনুৱা যুৱক এই প্ৰতিষ্ঠানৰ লগত সংযোগ হৈছে আৰু এটা বিশাল নেটৱৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছে। বৰ্তমান সুৰুযমুখী কোম্পানীত শতাধিক যুৱক-যুৱতী জড়িত আছে আৰু কৰ্মৰে নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে। প্ৰতিষ্ঠানটোৰ লগত কেনেকুৱাধৰণৰ যুৱক-যুৱতীসকল জড়িত হৈ আছে আৰু তেওঁলোকৰ উদ্দেশ্য সন্দৰ্ভত এটা ফেচবুক পেজত ২০২০ চনতে এইদৰে জনাইছিল- ‘’কৰ্মৰ অভাৱত পৰি একাল দূৰণিত বন কৰা লৰা আমি । আমি ওভটি আহিছো নিজ মাতৃভূমিলৈ নহয়, ঘৰলৈ মনত পৰাৰ বাবে নহয় । কামৰ পৰা খেদা খাইয়ো নহয় । আই মাতৃৰ চৰণতে কৰো চৰণতে মৰো বুলিহে সমাজে হাঁহিলেও হাঁহক আমাক উপলুঙা কৰিলেও কৰক আমি কৰিম আমাৰ সমাজে অৱজ্ঞাৰ চকুৰে চোৱা সেই কামবোৰ । ধৰক আপোনাৰ ঘৰটো ৰং Painting কৰি দিম । আপোনাৰ ধুনীয়া পকীঘৰটো টাইলচ Tiles লগাই দিম ।আপোনাৰ ঘৰত বেয়া হয় থকা ফ্ৰীজ আৰু ওৱাচিং মেচিন টো ভাল কৰি দিম ৷  এদিন সমাজে অৱজ্ঞাৰ চকুৰে চাব বুলিয়ে স্বদেশ-জননী এৰি গৈছিলো পিছে এতিয়া কালৈকো কেৰেপ নকৰো | হয়, পাৰিশ্ৰমিক ল'ম ।  আমাৰ এই প্ৰচেষ্টাক সন্মান কৰিব নালাগে ; লাগে বুলি কেতিয়াও নকওঁ । মাত্র খালীঠাইবোৰ পুৰাবৰ, সমাজৰ ভুলবোৰ সুধৰাবৰ বেলিকা সহযোগ কৰক | দৰকাৰত মাতক। আমি দৌৰি যাম। আমি সৰু মানুহ হলেও আপোনাৰ প্ৰয়োজনীয় সকলোখিনি সৰু সৰু কাম সুচাৰুৰূপে কৰি আহিমগৈ ।’’

A sunny dream of a Surujmukhi company

সম্প্ৰতি তিনিটা বছৰ অতিক্ৰম কৰা সুৰুজমুখী কোম্পানীয়ে এই উদ্দেশ্য আগত ৰাখিয়েই কাম কৰি আহিছে। আৰু ৰাইজৰ পৰা ব্যাপক সহাঁৰিও লাভ কৰিছে। তেওঁলোকে সদায় এইকেইটা দিশৰ প্ৰতি লক্ষ্য কৰি আহিছে-

১।বিশ্বাস যোগ্য কৰ্মী

২। সোনকালে কৰ্মীৰ যোগান ধৰা

৩। তুলনামুলকভাৱে কম খৰছত কাম সম্পন্ন কৰা

৪। বিশেষ প্ৰশিক্ষণপ্ৰান্ত আৰু অভিজ্ঞ কৰ্মীৰ যোগান ধৰা

যি সময়ত চাকৰি নাপাই অসমৰ একাংশ যুৱক-যুৱতীয়ে পঢ়া-শুনা অথলে গ'ল ভাৱি মদ-জুৱাৰ আশ্ৰয় লৈছে বা বহু শিক্ষিত-নিৰক্ষৰ যুৱক-যুৱতীয়ে কামৰ সন্ধানত বহিঃৰাজ্যলৈ গমন কৰিছে; সেই সময়ত  শিক্ষিত-নিৰক্ষৰ-কাৰিকৰী জ্ঞান থকা আৰু নথকা এই  যুৱক-যুৱতীসকলে একলগ হৈ কৰা এই সূৰুজমুখী কোম্পানীৰ এই এই পদক্ষেপ নিশ্চয়কৈ সুন্দৰ আৰু সাহসী।  শেষত কওঁ গোলাঘাটৰ এই যুৱক-যুৱতীসকলৰ দৰে অসমৰ ভিন্নপ্ৰান্তৰ শিক্ষিত-নিৰক্ষৰ-কাৰিকৰী জ্ঞান থকা আৰু নথকা যুৱক-যুৱতীসকলে এক লগ হৈ কাম কৰিলে নিজে সংস্থাপন লাভ কৰাৰ লগতে বহুকেইটা জ্বলন্ত সমস্যাৰ পৰা মাতৃভূমিক মুক্তি দিব পাৰিব। লগতে আমাৰ পাঠকসকলক জনাও যে সুৰুজমুখী কোম্পানীৰ সেৱা লাভ কৰিবলৈ এই হোৱাটছ আপ 8399873996  যোগাযোগ কৰিব পাৰিব। এই নম্বৰত আপোনাৰ ঠিকনা দি ঘৰত কি কামৰ কাৰণে মানুহ লাগে! এই বিষয়ে সবিশেষ জনালেই তেওঁলোকৰ সেৱা লাভ কৰিব বুলি জানিবলৈ দিয়ে  সুৰুজমুখী কোম্পানীৰ বিষয়-ববীয়াসকলে। কিন্তু বৰ্তমান এই সেৱা গোলাঘাট জিলাৰ ভিতৰতে সীমাৱদ্ধ হৈ আছে।

লগতে পঢ়ক- 

এৰী বস্ত্র উৎপাদন আৰু ইয়াৰ বিচিত্রতা

English Summary: A sunny dream of Surujmukhi company
Published on: 17 November 2022, 02:27 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now