Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 15 March, 2021 10:28 PM IST
Woman farmer Ranjita Saikia Deka

    কৃষি, উদ্যান-শস্য ইত্যাদি প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰসমূহৰ সমান্তৰালভাৱে বৰ্তমান সময়ত জীৱিকাৰ এক অন্যতম উপায় হৈছে মৎস্য পালন । চৰকাৰৰ মীন বিভাগৰ অধীনতো নতুন নতুন বিভিন্ন উদ্ভাৱনীমূলক পদ্ধতি অন্তৰ্ভুক্তিৰ দ্বাৰা বিভিন্ন আঁচনি ৰূপায়ণ কৰি বিভিন্নজনক উপযুক্ত সুবিধাসমূহ প্ৰদান কৰি অহা হৈছে । এই সুবিধাসমূহে উদ্যমী ব্যক্তিসকলক মৎস্য পালনৰ জৰিয়তে আগুৱাই যোৱাৰ ক্ষেত্ৰত যথেষ্ট উপকৃত কৰি আাহিছে । মীন বিভাগৰ অধীনত ৰূপায়িত মৎস্য পালনৰ এক অন্যতম পদ্ধতি হৈছে নীল বিপ্লৱ আঁচনিৰ অধীনৰ পুনঃচক্ৰীয় মৎস্য পালন পদ্ধতি । পুনঃচক্ৰীয় মৎস্য পালন পদ্ধতিৰ দ্বাৰা মৎস্য পালনৰ জৰিয়তে স্বাৱলম্বিতাৰ বাট মোকলাবলৈ সক্ষম হোৱা এগৰাকী উদ্যমী মহিলা হৈছে কামৰূপ জিলাৰ ৰঞ্জিতা শইকীয়া ডেকা।

    ৰঞ্জিতা শইকীয়া ডেকাই ২০০৫ চনৰ পৰাই মীন পালনৰ সৈতে জড়িত হৈ আছে। প্রথম অৱস্থাত অতি কম মূলধনেৰে মীন পালনত খোঁজ ৰখা ৰঞ্জিতা শইকীয়া ডেকা বর্তমান এগৰাকী প্রতিষ্ঠিত ব্যৱসায়ী৷ অৱশ্যে এই ক্ষেত্রত ৰঞ্জিতাক স্বামী পুতুল ডেকাই যথেষ্ট সহায় কৰিছিল। ৰঞ্জিতাই কোৱা অনুসৰি নিজৰ ঘৰখনৰ লগতে আৰু তিনি-চাৰিখন ঘৰ পোহপাল দি থাকিবলৈ সক্ষম হৈছে ৷

  তেওঁক কৰা প্রশ্নৰ উওৰত কৈছিল যে পুনঃচক্ৰীয় মৎস্য পালন পদ্ধতিত আন পদ্ধতিত কৈ বহুত কম শ্রমিকৰ প্রয়োজন। ইয়াত মাত্র প্রথম অৱস্থাত কিছু টকা নিবেশ কৰিব প্রয়োজন হয়৷ পিছত ইয়াৰ পৰিমাণ যথেষ্ট কমি যায়৷ এই পদ্ধতিত কেৱল এজন লোকৰে সকলো চোৱা-চিতা সম্ভৱ। ফলস্বৰূপে খৰচৰ পৰিমান কমি আহে। তেখেতে বর্তমান কাৱৈ, IMC, ভকুৱা, গ্রাছ কার্প আদি মেলি দিছে। ৰঞ্জিতাই মীন পালনৰ লগতে আন আন শাক-পাচলি যেনে- ষ্ট্রবেৰি তিঁয়হ খেতিও সমন্বিত ৰূপত কৰি আছে। অলপতে কেন্দ্রীয় চৰকাৰৰ গ্রাম্য উন্নয়ন আঁচনিৰ অধীনত মহিলা সৱলীকৰণৰ 60% ৰাজসাহার্য্যৰ লোন পাবলৈ সক্ষম হৈছে আৰু ব্যৱসায়খনৰ পৰিসৰ কিছু বৃদ্ধি কৰিব সক্ষম হোৱা বুলি উল্লেখ কৰে।
ৰঞ্জিতাই কয় যে বিশ্বত এাস সৃষ্টি কৰা ক'ৰনা মহামাৰীত বহুতো লোকে উপার্জনৰ পথ হেৰুৱাইছে। তেনেস্থলত মন বেয়া নকৰি ঘৰতে এই পদ্ধতিত ঘৰতে মীন পালনত মনোনিৱেশ কৰিব পাৰে। প্রথম অৱস্থাত সমস্যাৰ সম্মুখীন হব পাৰে যদিও কষ্ট আৰু আত্মবিশ্বাসৰে কৰি গলে কম সময়তে ভাল ফল পাব পাৰে। যিহেতু এই পদ্ধতিত বহুত বেছি মানুহৰ প্রয়োজন নহয় গতিকে এজন ব্যক্তিয়ে আৰম্ভ কৰিলে কোনো সমস্যা নাই। প্রয়োজন অনুসাৰে শ্ৰমৰ বাবে নিয়োগ কৰিব পাৰি।

 
    এই পদ্ধতিৰ জৰিয়তে নিজৰ ঘৰতেই খুব কম পৰিসৰত আৰু কম সংখ্যক ব্যক্তি নিয়োগেৰে মৎস্য পালন কৰি এইগৰাকী উদ্যমী মহিলাই নিৱনুৱা যুৱক-যুৱতী সকলোকে দেখুৱাইছে এক আদৰ্শৰ বাট ।

English Summary: A success story of Assam woman ranjita Saikia Farming fishery since 15years
Published on: 15 March 2021, 10:28 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now