গৌৰীপুৰ চহৰৰ ওচৰৰ লাউখোৱাপাৰ নিৱাসী কনক প্ৰসাদ ৰায়ৰ পত্নী আৰু দুটি পুত্ৰ সন্তানৰ মাতৃ সুজাতা ৰায়ে নিজৰ পট্টাভুক্ত মাটিত তুলসী জহা ধানৰ খেতি কৰি সমগ্ৰ অঞ্চলটোতে বিৰল দৃষ্টান্ত দাঙি ধৰিছে।
তিনি বিঘা মাটিত তুলসী জহা ধানৰ খেতি কৰি মহিলাসকল যে পুৰুষ কৃষকতকৈ কোনো গুণে পাছপৰা নহয়, সেই কথা সুজাতা ৰায়ে প্ৰমাণ কৰিবলৈ সক্ষম হৈছে। ১৯৮৪ চনৰপৰা খেতি কৰি অহা সুজাতাই নিজৰ ভৰিত থিয় দি জহা ধানৰ উপৰি পাঁচ বিঘা মাটিত বন্ধা কবি আৰু আলুৰ খেতি কৰি যি উদ্যমিতাৰ নিদৰ্শন দাঙি ধৰিছে, তাক অঞ্চলটোৰ সকলো স্তৰৰ লোকে একেমুখে প্ৰশংসা কৰা দেখা গৈছে।
সুজাতাই তুলসী জহাধানৰ বীজ স্থানীয় বজাৰৰপৰা প্ৰতি কিলোগ্ৰামত ২০০ টকাকৈ কিনি আনি ওখ ঠাইত কঠীয়া পাৰে। কঠীয়া এহাতমান ওখ হ’লে শিপা নভঙাকৈ সযতনে তুলি আনি পূৰ্বতে হাল বাই সাজু কৰি লোৱা পথাৰত শাওণ মাহত ৰুই দিয়ে।
ধানৰ কঠীয়া সজল ধৰি উঠাৰ সময়ত অধিক উৎপাদনৰ বাবে সুজাতাই ৰাসায়নিক সাৰ, গোবৰ আৰু মেটেকা সাৰ প্ৰয়োগ কৰে।
ধানৰ কঠীয়াবোৰৰ পৰা থোৰ ওলোৱাৰ উপক্ৰম হ’লে পোক-পৰুৱাৰ উপদ্ৰবৰপৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে তেওঁ ৰাসায়নিক ঔষধ প্ৰয়োগ কৰে। সম্পূৰ্ণ নিজ প্ৰচেষ্টাৰে খেতি কৰি তেওঁ অৰ্থনৈতিকভাৱে সচ্ছল হৈও উঠিছে।
খেতিৰ সময়ত দিনে ৮-১০ ঘন্টাকৈ পৰিশ্ৰম কৰিও সুজাতাই হাৰ মনা নাই। অৱশ্যে তেওঁৰ এই কামত স্বামী কনক প্ৰসাদ ৰায়েও সহায় কৰে আৰু প্ৰয়োজনত দুই-চাৰিজন বনুৱাও নিয়োগ কৰে। এনেদৰে হাড়ভঙা পৰিশ্ৰম কৰিও সুজাতাই কিন্তু ঘৰুৱা কাক-কাজলৈ পিঠি নিদিয়ে।
যৎসামান্য শিক্ষাৰে শিক্ষিত হৈও তেওঁ পুত্ৰ সন্তান দুটিৰ পঢ়া-শুনাৰ বাবে সদায় যত্নবান হৈ থাকে। তেওঁৰ ডাঙৰ পুত্ৰ হৰিপ্ৰসাদ ৰায়ে সম্প্ৰতি তেজপুৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত এম টেক পঢ়ি আছে আৰু কনিষ্ঠ পুত্ৰ কল্যাণ ৰায়ে গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি আছে।
সাধাৰণতে, আঘোণ মাহৰ শেষত ধান কাটে আৰু প্ৰতি বিঘা মাটিত ১০-১১ মোনকৈ তুলসী জহা ধান উৎপন্ন হয়। এই সুগন্ধময় তুলসী জহা ধান ওচৰৰ বজাৰৰ প্ৰতি মোনাত ১১০০ টকাকৈ বিক্ৰী কৰিবলৈ সমৰ্থ হয়।
নিজে খোৱাৰ বাবে সুজাতাই আইজুং আদি ধানৰ খেতি কৰে যদিও জহাধানৰ খেতিৰ প্ৰতিহে তেওঁৰ উৎসাহ বেছি বুলি এই প্ৰতিবেদকৰ আগত প্ৰকাশ কৰিছে। নিজৰ ঘৰুৱা ব্যৱহাৰৰ কাৰণে ২-৩ বিঘা মাটিত সৰিয়হৰো তেওঁ খেতি কৰি আহিছে।
সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে তুলসী জহাধানৰ খেতি কৰি অহা সুজাতাই প্ৰমাণ কৰি দেখুৱাই দিছে যে পুৰুষতকৈ মহিলাসকলেও উপাৰ্জন কৰি স্বচ্ছল হৈ উঠিব পাৰে।
তেওঁৰ এনে প্ৰচেষ্টাৰ নিদৰ্শন দেখি ওচৰৰ দেবেন ৰায় আৰু বীৰেন ৰায় নামৰ দুজন কৃষকেও তুলসী জহাধানৰ খেতি কৰা আৰম্ভ কৰিছে।
এনে এগৰাকী উদ্যমী আৰু সাহসী মহিলা কৃষকৰ কাম-কাজ কিন্তু চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই। তেওঁ আক্ষেপেৰে ক’লে যে এতিয়ালৈকে কোনো এজন কৃষি বিষয়াই তেওঁৰ এনে একক প্ৰ্চেষ্টা সম্পৰ্কে বুজ লোৱা নাই। নাইবা কোনো প্ৰকাৰে দিহা-পৰামৰ্শও দিয়া নাই।
সঠিকভাৱে সাৰ প্ৰয়োগ, কীট-পতংগ নিধনৰ পৰামৰ্শ, জলসিঞ্চন, সমৰ্থন মূল্যত ধান ক্ৰয় আদি বিষয়ত পৰামৰ্শ দিবলৈ কৃষি বিভাগৰ ক্ষেত্ৰ কৰ্মীৰ অনুপস্থিতি উল্লেখনীয় বুলিও প্ৰমাণিত হৈছে।
এনে এগৰাকী উদ্যমী আৰু সাহসী মহিলা কৃষকক ৰাজ্য চৰকাৰে উচিত মৰ্যাদা দিয়াটো সময়ৰ দাবী বুলি সচেতন লোকসকলে মন্তব্য কৰিছে।
লেখক: অম্বুনাথ শৰ্মা(দৈনিক অসম)