Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 13 June, 2019 11:51 AM IST

সংবাদ সংগ্ৰহ কৰা সাংবাদিকসকল কেতিয়াবা কেতিয়াবা সংবাদৰ নিজৰ উপজীব্য হৈ পৰে। সংবাদত নিজৰ অস্তিত্ব দুই ধৰণে প্ৰক্ষেপ হ’ব পাৰে আৰু সেই মতে পাঠকৰ ঘৃণা-বিদ্বেষ অথবা সাধুবাদ প্ৰাপ্য হ’ব পাৰে। সাংবাদিক হৈ উপদেশতকৈ আৰ্হি শ্ৰেয়’ আপ্ত বাক্যশাৰীৰ মৰ্ম উপলব্ধি কৰা এনে এজন সাংবাদিক হ’ল কনক বৈশ্য। এইজন সাংবাদিক বৃত্তিত এজন কৃষকো। কনক বৈশ্যৰ ঘৰ শিঙিমাৰীৰ দলিবাৰী পামত। বৈশ্য শুৱালকুছিৰ পৰা সংবাদ প্ৰেৰণ কৰা এখন অগ্ৰণী কাকতৰ সংবাদদাতা। অসম আন্দোলনৰ সক্ৰিয় কৰ্মী, ২ নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তদানীন্তন উপ-সভাপতি কনক বৈশ্য বিজ্ঞান স্নাতক। অসম আন্দোলনৰ নিৰ্যাতিত ছাত্ৰ নেতাৰ প্ৰমাণ-পত্ৰ নিবিচৰা, কৰ্মত বিশ্বাসী বৈশ্যই আমিনগাঁৱৰ পৰা শুৱালকুছিলৈ বিস্তৃত অঞ্চলৰ ৰাইজৰ অভাৱ-অভিযোগৰ বা-বাতৰি কাকতলৈ প্ৰেৰণ কৰে। পুৱাৰ পৰা দুপৰীয়ালৈ খেতিপথাৰত ব্যস্ত হোৱাৰ পিছত বিয়লি সংবাদ সংগ্ৰহৰ বাবে ৰাইজৰ মাজলৈ যোৱা, অফিচ-কাছাৰীলৈ যোৱা তেওঁৰ নৈমিত্তিক কাম। কনক বৈশ্য হাড়ে-হিমজুৱে কৃষক। প্ৰতি বছৰ ছেপ্টেম্বৰৰ পৰা মাৰ্চ মাহ পৰ্য্যন্ত ৰবি শস্যৰ খেতি কৰে তেওঁ ৭০-৮০ হাজাৰ টকা উপাৰ্জন কৰে।

এইবেলি কনক বৈশ্যই ৪ কঠা মাটিত বেঙেনা ৰোপণ কৰিছে। বৰ্তমানলৈ তেওঁ পাঁচ কুইন্টল বেঙেনা বিক্ৰী কৰি ৬,৫০০ টকা পাইছে। বৈশ্যই জনোৱা মতে, মাৰ্চ মাহলৈ বেঙেনা বিক্ৰী কৰি তেওঁ ২৫/৩০ হাজাৰ টকা পাব। বৰ্তমানলৈ বেঙেনাৰ খেতিৰ বাবদ খৰচ হৈছে প্ৰায় ৪ হাজাৰ টকা। সেইদৰে একঠা মাটিত ৰোৱা আলুৰ পৰা বৈশ্যই ৫ হাজাৰ টকা আৰু ২ বিঘা মাটিত ৰোপণ কৰা ৰঙালাউৰ পৰা ৫০ হাজাৰ টকা উপাৰ্জনৰ লক্ষ্য ৰাখিছে। এই মৰ্মে খৰচ বাদ দি এই ছমাহত তেওঁ ৭০-৮০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিয়ে। কনক বৈশ্যই মাটিৰ উৰ্বৰতা ৰক্ষা কৰাৰ বাবে সামান্য পৰিমাণে ডি এ পি ৰাসায়নিক সাৰৰ সৈতে পৰ্য্যাপ্ত জৈৱিক সাৰ প্ৰয়োগ কৰে। জৈৱিক সাৰ আৰু পানী দ্ৰৱীভূত ডি এ পি ব্যৱহাৰ কৰাৰ বাবে তেওঁৰ শস্যৰ উৎপাদন বৃদ্ধি পাইছে।

বৃদ্ধ পিতৃ-মাতৃ আৰু নিজৰ পৰিয়ালৰ বাবে একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি কনক বৈশ্য হাড়ে-হিমজুৱে কৃষক। কৃষিকৰ্মৰ ব্যস্ততাই সাংবাদিক বৈশ্যক সাংবাদিকৰ দায়িত্ব পালনৰ পৰা কিন্তু আঁতৰাই ৰাখিব পৰা নাই।

                                                                                                      লিখক: যোগেন্দ্ৰ ভৰালী।

English Summary: A Journalist from Sualkuchi has identified himself as a successful farmer
Published on: 13 June 2019, 11:51 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now