Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 22 June, 2019 12:06 PM IST

গুৱাহাটী-হাজো-নলবাৰী পথৰ দাঁতিত লাগি থকা এখন গাঁৱৰ নাম চৰাবড়ী। এই পথটোতে এটা কালী মন্দিৰ আছে। কালী মন্দিৰৰ পথৰ দুয়োকাষত প্ৰায় ১৫০ বিঘা মাটিত শণফুলৰ খেতি আৰু অন্যান্য ৰবি শস্যৰ খেতি কৰিছে গাঁওখনৰ ৭৫ বছৰীয়া বৃদ্ধ প্ৰসন্ন হালৈয়ে। প্ৰসন্ন হালৈক এই অঞ্চলৰ ৰাইজে বগা মহাজন বুলিহে চিনি পায়। প্ৰায় ১২ বছৰ বয়সৰ পৰা এই বয়সলৈ তেওঁ খেতিতে জড়িত হৈ আছে। মাথোন প্ৰাথমিক স্কুলৰ দুৱাৰ গছকা হালৈয়ে খেতিকে জীৱন নিৰ্বাহৰ পথ হিচাপে বাছি লৈছে। তেওঁ এইবেলি প্ৰায় ৩০ বিঘা মাটিত শণফুলৰ খেতি কৰিছে। 

এই শণফুলৰ গুটি কাপোৰ ধোৱা চাবোন, পাউদাৰ আদিত ব্যৱহাৰ হয়। হালৈয়ে জনোৱা মতে, এক মোন শণফুলৰ গুটিৰ দাম ১০০০ টকাৰ পৰা ১২০০ টকা। তেওঁ ৪০ বিঘা মাটিত সৰিয়হ আৰু ১০ বিঘা মাটিত ধনীয়াৰ খেতি কৰিছে। তেওঁক এই খেতিত সহায় কৰে নুৰজামাল আলীয়ে। প্ৰাথমিক শিক্ষা সমাপ্ত কৰি আলীয়ে হালৈৰ লগ লাগি এই কৃষি পথাৰতে লাগি আছে। নুৰজামালৰ পৰিয়াল চাৰিজনীয়া। এই চাৰিটা পৰিয়াল হালৈৰ কৃষিৰ উৎপাদনৰ ওপৰতে নিৰ্ভৰশীল। নুৰজামালে বিলাহী, বন্ধাকবি, ফুলকবি, আলু, গাজৰ, মটৰ আদিত বৰ্তমান ব্যস্ত। এইবেলি বিলাহী খেতি ভাল হোৱা নাই যদিও বৰ্তমানলৈ ১৪-১৫ হাজাৰমান টকা পাইছে বুলি কয়। এই খেতিৰ পৰাই প্ৰসন্ন হলৈৰ ২৬ জনীয়া পৰিয়াল এটা বেছ সুন্দৰভাৱে চলি আছে। এই খেতিবোৰ চপোৱাৰ পিছত ইয়াত ধান খেতি কৰিব বুলি হালৈৱে জনায়। উল্লেখ্য যে হালৈয়ে পানীৰ বাবে অগভীৰ নলী-নাদ বহুৱাই লৈছে।

                                                                                        লিখক: দিপুল বৈশ্য, দৈনিক অসম

English Summary: 75 years aged Prasanna Haloi has earned good money by floriculture
Published on: 22 June 2019, 12:06 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now