
গুৱাহাটী-হাজো-নলবাৰী পথৰ দাঁতিত লাগি থকা এখন গাঁৱৰ নাম চৰাবড়ী। এই পথটোতে এটা কালী মন্দিৰ আছে। কালী মন্দিৰৰ পথৰ দুয়োকাষত প্ৰায় ১৫০ বিঘা মাটিত শণফুলৰ খেতি আৰু অন্যান্য ৰবি শস্যৰ খেতি কৰিছে গাঁওখনৰ ৭৫ বছৰীয়া বৃদ্ধ প্ৰসন্ন হালৈয়ে। প্ৰসন্ন হালৈক এই অঞ্চলৰ ৰাইজে বগা মহাজন বুলিহে চিনি পায়। প্ৰায় ১২ বছৰ বয়সৰ পৰা এই বয়সলৈ তেওঁ খেতিতে জড়িত হৈ আছে। মাথোন প্ৰাথমিক স্কুলৰ দুৱাৰ গছকা হালৈয়ে খেতিকে জীৱন নিৰ্বাহৰ পথ হিচাপে বাছি লৈছে। তেওঁ এইবেলি প্ৰায় ৩০ বিঘা মাটিত শণফুলৰ খেতি কৰিছে।

Share your comments