1. সফল কাহিনী

ৰাজ্যৰ দ্বিতীয় শ্ৰেষ্ঠ মীনপালক ওদালগুৰিৰ প্ৰসন্ন ৰাভা

KJ Staff
KJ Staff

ওদালগুৰি জিলাৰ ভেৰগাওঁ মহকুমাৰ অন্তৰ্গত বেটাগাঁৱৰ দুকুৰি বসন্ত গৰকা সুদৰ্শন যুৱক প্ৰসন্ন ৰাভা ৰাজ্যৰ মীন খণ্ডৰ পৰিচিত নাম।যুৱকজনে মীনপালনৰ জৰিয়তে জীৱনৰ ৰং বোটলাৰ উপৰি এই ৰঙৰ সুবাস বিলাই দিছে সমগ্ৰ জিলাখনত।তেনেই নি:স্ব অৱস্থাৰ পৰা অতি চালুকীয়াভাৱে মীনপালন আৰম্ভ কৰি নিষ্ঠা,সততা আৰু একাগ্ৰতাৰ বলত যুৱকজনে আজি যি সফলতাৰ নিদৰ্শন দেখুৱাইছে,সেয়া সকলোৰে বাবে অনুকৰণীয় চানেকি।১৯৯৮ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈয়েই মীনপালনৰ প্ৰতি আগ্ৰহান্বিত হয় প্ৰসন্ন।মনৰ উছাহতে মীনপালনৰ আদিপাঠ শিকাৰ মানসেৰে লগ কৰে জিলাখনৰ অগ্ৰণী মীনপালক ধৰ্মেশ্বৰ ৰাভাক।উল্লেখযোগ্য যে জিলাখনৰ প্ৰথম বিজ্ঞানসন্মত মীনপালক ধৰ্মেশ্বৰ ৰাভাই ভালেমান শিক্ষিত যুৱক-যুৱতীক মীনপালনলৈ আকৰ্ষিত কৰি নিজ পামত ব্যৱহাৰিক পাঠদানেৰে সমৃদ্ধ কৰি স্বনিয়োজনৰ সন্ধান দিছে।চাৰি কুৰি বছৰ বয়সত আজিও ধৰ্মেশ্বৰ ৰাভাই এই (৭৮৯৬১-৪৮০৪২)পৰিক্ৰমা অব্যাহত ৰাখিছে।তদনুৰুপভাৱে প্ৰসন্নকো ধৰ্মেশ্বৰ ৰাভাই হাতে হাত ধৰি মীনপালনৰ পাঠদান কৰে।সৰু ল’ৰাটিয়ে ধৰ্মেশ্বৰ ৰাভাৰ পামত আহৰিত জ্ঞানৰ আধাৰত পোনতে পিতাকৰ দিনৰ অব্যৱহৃত তথা অৱহেলিত আধা বিঘা জলকালিৰ পুখুৰীটোতে মীনপালন আৰম্ভ কৰে।প্ৰথম বছৰতে অপ্ৰত্যাশিত লাভৰ মুখ।ই প্ৰসন্নক বাৰুকৈয়ে উৎসাহিত কৰে।ন-উদ্যমেৰে দুগুণ মনোবল লৈ কাম আৰম্ভ কৰে প্ৰসন্নই।সমান্তৰালভাৱে চলি থাকিল শিক্ষাগ্ৰহণ।প্ৰতিবছৰে মীনপালনৰ পৰা আদায়িত লাভাংশৰ এটা অংশ বিনিয়োগ কৰি চলাই গ’ল পাম সম্প্ৰসাৰণ।ৰুপায়িত কৰিব ল’লে মীনপালনৰ বিভিন্ন ন ন প্ৰযুক্তি।অতি কম পৰিসৰতে আৰম্ভ কৰা প্ৰসন্নৰ মীন পামখন আজি প্ৰায় তিনি হেক্টৰ জলকালিৰে সমৃদ্ধ বিভিন্ন পুখুৰীৰ সমষ্টি।সংমিশ্ৰিত মীনপালন,সমন্বিত কুকুৰাৰ লগত মীনপালন,সমন্বিত মীন আৰু উদ্যান শস্য,মীন পোনা প্ৰতিপালন,হাপা পদ্ধতিৰে পোনা উৎপাদন আদি ৰুপায়ণ কৰে প্ৰসন্নই।প্ৰতিটো কামতে আধুনিক প্ৰযুক্তি কৌশলৰ সফল প্ৰয়োগ।নি:সন্দেহে এয়া উদ্ভাৱনী চিন্তাৰ ফচল,বিজ্ঞানসন্মত দৃষ্টিভ্ংগী আৰু শৃংখলাবদ্ধ পৰিক্ৰমাৰ বহি:প্ৰকাশ।

অঞ্চলটিত গুণগত মানৰ মীন পোনাৰ উপলভ্য নিশ্চিত কৰিবলৈ নিজে উৎপাদন কৰা পোনা সুলভ মুল্যত বিতৰণ কৰে প্ৰসন্নই।পোনা উৎপাদনৰ ক্ষেত্ৰত মীন বিজ্ঞানৰ যাৱতীয় বিধি-বিধানখিনি সম্পুৰ্ণ মানি চলা হয় প্ৰসন্নৰ পামত।সেয়েহে এবাৰ প্ৰসন্নৰ পৰা পোনা ক্ৰয় কৰাজন দুনাই আহিবই।মীনপালনৰ জৰিয়তে অতি স্বচ্ছলভাৱে জীৱন যাপন কৰা প্ৰসন্নই অঞ্চলটিৰ এক বুজনসংখ্যক যুৱক-যুৱতীক মীনপালনলৈ আকৰ্ষিত কৰি নিয়োগ সম্ভাৱনীয়তা নিশ্চিত কৰোৱাইছে।এওঁলোকৰ উপৰি কিলাখনৰ বহুতো শিক্ষিত যুৱক-যুৱতীয়ে প্ৰসন্নৰ মাৰ্গ দৰ্শনেৰে বাট বুলি লাভৱান্বিত হৈছে।মীনপালনৰ আদিপাঠ শিকিছে প্ৰসন্নৰ পৰা।প্ৰসন্নৰ ভাষাত-‘মই আজি অতি সুখী এটা পৰিয়ালৰ গৰাকী আৰু এই সুখৰ আধাৰ মীনপালন।মাটি আৰু পানীৰ সংস্পৰ্শৰে মীনপালনত জড়িত হৈ যি বিমল প্ৰশান্তি পোৱা যায়,তাক ভাষাৰে বৰ্ণাব নোৱাৰি।তদুপৰি,ইয়াত তুলনামুলকভাৱে কম কষ্ট আৰু নুন্যতম মুলধন ব্যয়ৰ বিনিময়ত অধিক লাভ পাব পাৰি।প্ৰসন্নৰ কৰ্মৰ স্বীকৃতি স্বৰুপে বিগত ১০ জুলাইৰ ৰাষ্ট্ৰীয় মীনপালক দিৱসত ৰাজ্যৰ দ্বিতীয় শ্ৰেষ্ঠ মীনপালকৰ বঁটাৰে সন্মানিত কৰা হৈছে।মীনমন্ত্ৰী পৰিমল শুল্কবৈদ্যই বঁটাটি প্ৰদান কৰে মীনপালগৰাকীক।জিলাখনত নিৰ্ভৰযোগ্য আৰু গুণগত মানৰ প্ৰয়োগ সামগ্ৰী নিশ্চিত কৰাৰ অৰ্থে শেহতীয়াকৈ মীন বিভাগে প্ৰসন্নক ‘জল বিপণী’এখন আৰম্ভ কৰাৰ অনুমোদন দিছে।ইয়াত ভাৰতীয় কৃষি গৱেষণা পৰিষদ অনুমোদিত প্ৰতিষেধক,ঔষধ,পৰিপুৰক খাদ্য,অনুৰেখা মৌল,হৰমন বেজী আদি ন্যায্য মুল্যত বিক্ৰী কৰাৰ লগতে ক্ৰেতাক যাৱতীয় দিহা-পৰামৰ্শ আৰু প্ৰয়োগ বিধি যোগান ধৰাৰ ব্যৱস্থা কৰা হয়।প্ৰসন্নৰ এই গুণিতক উত্তৰণত পত্নী ধনদা ৰাভাৰ অৰিহণাও স্বীকাৰ কৰিবই লাগিব।সততে পতিক মীনপালনত সহায়-সহযোগিতা আগবঢ়াই অহা ধনদাই হৃদয়ৰ অন্ত:কৰণেৰে মীনপালনত জড়িত হৈছে।ধনদাৰ অনুপ্ৰেৰণা আৰু পথ প্ৰদৰ্শনতে স্থানীয় মহিলাসকলে মীনপালনলৈ আগবাঢ়ি আহি বাস্তৱিক অৰ্থত মহিলা সবলীকৰণ ফলপ্ৰসু কৰিছে।প্ৰসন্ন ৰাভা (৯৮৬৪৯-৩৩৮১৭)আজিৰ শিক্ষিত নিবনুৱা যুৱ-যুৱতীসকলৰ বাবে আশাৰ ৰেঙনি।অতি চালুকীয়া অৱস্থাৰে এক প্ৰান্তীয় কৃষিজীৱী পৰিয়ালৰ প্ৰতিনিধি হিচাপে মীনপালনত জড়িত হৈ উচ্চ শিক্ষিত ডেকাজনে প্ৰমাণ কৰি দিছে যে নিষ্ঠা,সততা,একাগ্ৰতা,কৰ্মোদ্যম আৰু দুৰন্ত অভিলাসেৰে কৰ্মত অগ্ৰসৰ হ’লে প্ৰাপ্তিৰ পথত একোৱেই হেঙাৰ হ’ব নোৱাৰে।আপুনি প্ৰসন্ন ৰাভাৰ (৮৬৩৮২-০৪৫৮৯)লগত বাৰ্তালাপ কৰি বা তেওঁৰ পাম পৰিদৰ্শন কৰি লাভৱান হ’ব পাৰে।আপোনাক যৎপৰোনাস্তি সহযোগিতা আগবঢ়াবলৈ প্ৰসন্ন ৰাভা সদাপ্ৰস্তুত।

                                                                           লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা (নিয়মীয়া বাৰ্তা)

English Summary: Prasanna Rabha- The second rank holder fish farmer of Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.