1. অন্যান্য

কৃষি সামগ্ৰীৰে নাৰীৰ আত্মনিৰ্ভৰশীলতা

KJ Staff
KJ Staff
Source: Google
Source: Google

ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ আৰু ভাৰতৰ অন্তৰ্ভুক্ত অসম এখন কৃষি প্ৰধান ৰাজ্য। আমাৰ ৰাজ্যখনৰ শতকৰা ৬৫ শতাংশ লোকে কৃষিৰ ওপৰত ভিত্তি কৰি জীৱন নিৰ্বাহ কৰে। আনহাতে অসমৰ ৭৫ শতাংশ চলোকে গ্ৰাম্য অঞ্চলত বসবাস কৰাৰ বাবে আমাৰ নিচিনা ৰাজ্যত কৃষি খণ্ডৰ ওপৰত ভিত্তি কৰি আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰচুৰ। যদিও আমাৰ কৃষি ব্যৱস্হা এতিয়াও বহু পিছপৰি আছে বা কৃষিখণ্ডত বহুতো সমস্যা আছে, তথাপিও আমি স্বীকাৰ কৰিব লাগিব যে এই কৃষি ব্যৱস্হাই বহু লোকৰ জীৱিকাৰ পথ মুকলি কৰে।

আমাৰ গ্ৰাম্য অঞ্চলত বসবাস কৰা গৃহিনীসকলে আত্ম সহায়ক গোট খুলি সহজে ঋণ লোৱাৰ ব্যৱস্হা আছে। এই গোটসমূহত সদস্য ভৰ্তি হবৰ বাবে নিম্নতম ১০ গৰাকী সদস্যৰ প্ৰয়োজন। এই গোটসমূহৰ জৰিয়তে বেংকৰ পৰা ঋণ ললে সম্পত্তিৰ নথি পত্ৰ বা বেংকত বুজন পৰিমানৰ মূলধন থকাতো বাধ্যতামূলক নহয়।

আকৌ আমি দেখিবলৈ পাইছো অসমত প্ৰচুৰ পৰিমাণে বিভিন্ন ধৰণৰ ধানখেতি হয় । ইয়াৰ ভিতৰত বৰা ধান, জহা ধান, শালি ধান আৰু বাওঁধানৰ খেতি কৰা হয়। এই ধানসমূহৰ পৰা চাউল উলিয়াই লাড়ু, পিঠা, চিৰা, সান্দহ, মুড়ি, পিঠাগুৰি, আখৈ আদি খাদ্য সামগ্ৰী প্ৰস্তুত কৰি পেকেজিং কৰাৰ পিছত বিক্ৰীৰ ব্যৱস্হা কৰিব পাৰি। এতিয়া অৱশ্যে বজাৰত মাঘ বিহু বা ভোগালী বিহু বুলি কোনো কথা নাই। বছৰৰ ১২ মাহে আমাৰ দোকানবোৰত এই খাদ্য সামগ্ৰীসমূহ দেখিবলৈ পোৱা যায় । লাড়ুৰ ভিতৰত আমাৰ মহিলাসকলে মুড়িৰ লাড়ু, চিৰাৰ লাড়ু, চাউলৰ গুৰিৰ লাড়ু, তিলৰ লাড়ু, লাৰিকলৰ লাড়ু ইত্যাদি প্ৰস্তুত কৰি আত্মনিৰ্ভৰশীল হৈ নিজৰ লগতে পৰিয়ালৰো উপকাৰ সাধিব পাৰে।

আকৌ পিঠাৰ ভিতৰত আছে ভাপত দিয়া পিঠা, ঘিলা পিঠা, চুঙা পিঠা, সুতুৰী পিঠা, তেল পিঠা, টেকেলি পিঠা, বৰা চাউলৰ চপিঠা, তিল পিঠা, নাৰিকলৰ পিঠা, খলাচাপৰি পিঠা ইত্যাদি প্ৰস্তুত কৰি আমাৰ মহিলাসকলে ৰাজ্যখলৰ আয় সঞ্চয় বৃদ্ধিত অৰিহণা যোগাব পাৰে । এইদৰে তেওঁলোকে নিজৰ সংস্হাপনৰ ব্যৱস্হা নিজে কৰি লব পাৰে ।

ঘৰতে প্ৰস্তুত কৰা এই খাদ্যসমূহৰ উপকাৰিতা প্ৰচুৰ আৰু এইবোৰ স্বাস্হ্যৰ বাবে উপকাৰী। আকৌ এই খাদ্যবোৰত কোনো ধৰণৰ নকল বা খাদ্য সংৰক্ষণৰ ঔষধ মিহলাব নালাগে । ইয়াৰ আন এটা সুবিধাৰ ভিতৰত কব পাৰি যে এইবোৰ বহু দিনলৈ ভালে থাকে। তাৰোপৰি এই খাদ্য দ্ৰব্যসমূহ প্ৰস্তুত কৰিবৰ বাবে প্ৰয়োজন হোৱা বস্তুবোৰ আমাৰ ৰাজ্যত প্ৰচুৰ পৰিমাণে পোৱা যায়। গতিকে আমাৰ গৃহিনীসকলে ঘৰতে বহি নাথাকি এইবোৰ কাম কৰি নিজৰ হাত খৰচ নিজে উলিয়াই লব পাৰে।

লগতে পঢ়কঃ শ্রীলংকা তীব্র অর্থনৈতিক সংকটত ভুগিছে; এক কিলো চাউলৰ দাম ৫০০ টকা আৰু চেনিৰ দাম ২৯০ টকা হৈছেগৈ

লেখিকাঃ ড০ নমিতা দেৱী,

সহযোগী অধ্যাপিক,

পশ্চিম গুৱাহাটী মহাবিদ্যালয়,

ফোনঃ ৮৭২১৮৩৪৭২৫

English Summary: Women's self-reliance with agricultural products

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.