1. অন্যান্য

পৰম্পৰাগত কৃষি আঁচনি অধীনত কেনেদৰে লাভ কবিব 50000 টকা, জানক ইয়াৰ সবিশেষ

KJ Staff
KJ Staff
Govt Schemes for Farmers
Govt Schemes for Farmers

পৰাম্পৰাগত কৃষি বিকাশ যোজনাৰ অধীনত কৃষকসকলে জৈৱিক কৃষিৰ বাবে প্ৰতি হেক্টৰত 50000 টকা লাভ কৰিব পাৰে৷ জৈৱিক কৃষিৰ সম্ভাৱনা আৰু লাভালাভ বুজি আৰু ভাৰতৰ কৃষকসকলৰ আর্থিক অৱস্থা উন্নত কৰাৰ বাবে, কেন্দ্ৰই 2015-16 বৰ্ষৰ পৰা ৰাষ্ট্ৰীয় বহনক্ষম কৃষি অভিযানৰ (NMSA) অধীনত উত্তৰ-পূব অঞ্চলৰ বাবে মিছন জৈৱিক মূল্য শৃংখলা বিকাশ (MOVCDNER) আৰু পৰম্পৰাগত কৃষি বিকাশ যোজনা (PKVY) সমৰ্পিত আঁচনিৰ জৰিয়তে জৈৱিক কৃষিৰ প্ৰচাৰ কৰি আছে।

পৰাম্পৰাগত কৃষি বিকাশ যোজনা কি?

পৰাম্পৰাগত কৃষি বিকাশ যোজনাৰ অধীনত, ৰাসায়নিক পদাৰ্থ, কীটনাশকৰ অৱশিষ্টৰ পৰা মুক্ত শূন্য বাজেটৰ প্ৰাকৃতিক কৃষি পদ্ধতিক ধৰি খেতিয়কৰ পছন্দৰ ওপৰত নিৰ্ভৰ কৰি জৈৱিক কৃষিৰ যিকোনো আৰ্হি গ্ৰহণ কৰিবলৈ ৰাজ্যবোৰক নমনীয়তা প্ৰদান কৰা হয় আৰু জৈৱ-পচনশীলৰ দৰে কম ব্যয়ৰ প্ৰযুক্তি গ্ৰহণ কৰে।

ইয়াৰ উপৰিও, পৰাম্পৰাগত কৃষি বিকাশ যোজনাৰ অধীনত প্ৰতি হেক্টৰ/তিনি বছৰৰ বাবে 50,000 টকাৰ বিত্তীয় সাহায্য দিয়াৰ সুবিধা দিয়া হৈছে, যাৰ ভিতৰত কৃষকক বিভিন্ন কৃষি উপাদান যেনে (জৈৱ-কীটনাশক, পচন সাৰ, উদ্ভিদ নিষ্কাশন, কেঁচুসাৰ আদি)ৰ উৎপাদন/ ক্ৰয়, পেকিং আৰু বিপণন আদিৰ বাবে পোনপটীয়াকৈ 31,000 টকা (61 শতাংশ) প্ৰদান কৰা হয়।

পৰাম্পৰাগত কৃষি বিকাশ যোজনাৰ উদ্দেশ্য

(Objective of Paramparagat Krishi Vikas Yojana)

1. গ্ৰাম্য যুৱক, কৃষক, গ্ৰাহক আৰু ব্যৱসায়ীসকলৰ মাজত জৈৱিক কৃষিৰ প্ৰচাৰ কৰা

2. জৈৱিক কৃষিৰ শেহতীয়া প্ৰযুক্তিৰ বিষয়ে তথ্য দিয়া।

3. দেশৰ ৰাজহুৱা কৃষি গৱেষণা প্ৰণালীৰ বিশেষজ্ঞসকলৰ সেৱা সঠিক ব্যৱহাৰ কৰা।

4. গাওঁ এখনত নিম্নতম এবাৰ কৃষি প্রযুক্তি প্ৰদৰ্শন কৰা।

উত্তৰ-পূর্বাঞ্চলৰ বাবে মিছন জৈৱিক মূল্য শৃংখলা বিকাশৰ অধীনত, কৃষকসকলক এক মূল্য শৃংখলা পদ্ধতিত সহায় আগবঢ়োৱা হয়৷ যি কৃষক উৎপাদক সংগঠন (FPO) গঠন, বীজ বা ৰোপণ সামগ্ৰী যোগান, কৃষি উৎপাদনৰ উপাদান, শস্য চপোৱাৰ পিছত আন্তঃগাঁথনি (শস্য সংগ্ৰহ, চৰ্টিং, গ্ৰেডিং সুবিধা)ৰ পৰা আৰম্ভ হয়। ইণ্টিগ্ৰেটেড প্ৰচেছিং ইউনিট স্থাপন, বাধাহীন পৰিবহন, শীতল ভঁৰাল, ব্ৰেণ্ডিং, লেবেলিং আৰু পেকেজিং ইত্যাদি।

   এই সকলোবোৰ আঁচনি বা কাৰ্যসূচী খেতিয়কৰ স্বাৰ্থৰ ওপৰত নিৰ্ভৰ কৰি জিলা তথা গাওঁ পৰ্যায়ত ৰাজ্য চৰকাৰৰ জৰিয়তে সম্পাদন কৰা হয়।

English Summary: How to get farmers upto 50000 under paramparagat krishi vikas yojana know here

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.