1. অন্যান্য

ঘৰতে থাকি মহিলাসকলে প্ৰতিমাহে ১০-১২ হাজাৰ টকা উপাৰ্জন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Women should earn Rs 10,000-12,000 per month
Women should earn Rs 10,000-12,000 per month

আগন্তুক নাৰী দিৱস। পুৰুষৰ দৰেই সমানে সমানে আগুৱাই যোৱাৰ লক্ষ্যৰে মহিলাসকলে এই দিনটোতে সংকল্প লয়। নতুন পৰিকল্পনা কৰে। কিন্তু বাস্তৱ দৃষ্টিভংগীৰে লক্ষ্য কৰিলে দেখা যায় যে অৰ্থনৈতিকভাৱে স্বতন্ত্ৰতা অবিহনে মহিলাসকলৰ স্বতন্ত্ৰতা অবাস্তৱ। মহিলাসকল যিদিনাই অৰ্থৰ বাবে কোনো পুৰুষৰ হাত পাতিবলগীয়া নহ’ব সেইদিনাই পুৰুষৰ কৱলৰ পৰা ওলাই আহিব পাৰিব। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে পইচা উপাৰ্জন নকৰাকৈ ঘৰত মহিলাসকলে কৰা কামৰ কোনো অৰ্থ নাই। অৰ্থ আছে। কিন্তু বহু পুৰুষে সেয়া স্বীকৃতি নিদিয়ে। ধনী দেশবোৰৰ মহিলাসকল পুৰুষৰ তলত নথকাৰ মূলতেই তেওঁলোকৰ অৰ্থনৈতিক স্বতন্ত্ৰতা আছে।

আমাৰ দেশৰ অধিকাংশ মহিলাই পতিৰ অধিনত দুৰূহ  জীৱন কটোৱাৰ মূলতে অৰ্থনৈতিক স্বতন্ত্ৰাৰ অভাৱ। কাৰণ পতিৰ উপাৰ্জনেই তেওঁলোকৰ ভৰণ-পোষণ সকলো হয়। গতিকে মহিলাসকলৰ অৰ্থনৈতিক দিশটো সৱল কৰাৰ উদ্দেশ্য এই আলোচনাত মহিলাসকলে ঘৰতে থাকি কৰিব পৰা কেইটামান কামৰ বিষয়ে আলোচনা কৰিলো।

১। বাগিচা আৰু নাৰ্চাৰী ব্যৱসায় :

ঘৰৰ চোতাল বা আগফালৰ অকণমান ঠাইতে মহিলাসকলে বাগিচা আৰু নাৰ্চাৰীৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। মাত্ৰ ২ পৰা ৫ হাজাৰ টকা খৰচ কৰিয়েই এই গৃহিনীসকলে ঘৰত থাকিয়েই কৰিব পাৰে। বৰ্তমান নাৰ্চাৰী যথেষ্ট চাহিদা আছে। কাৰণ ঘৰখন সজাবলৈ নাৰ্চাৰীবোৰৰ পৰাই পুলি ক্ৰয় কৰে।

লগতে পঢ়ক- 

থলুৱা খাদ্যক বজাৰ উপযোগী কৰি স্বাৱলম্বী গৌৰীসাগৰৰ পৰী ৰাজখোৱা

২/ ৰন্ধন চেনেল :

ৰান্ধি ভালপোৱা মহিলাসকলে এই ব্যৱসায়ৰ  জৰিয়তে নিজৰ চখ পুৰণ কৰাৰ লগতে উপাৰ্জনো কৰিব পাৰিব। সামাজিক মাধ্যমত ৰন্ধনৰ এটা চেনেল খুলি ৰন্ধন প্ৰকৰণৰ আৰ্হি দৰ্শকৰ আগত দাঙি ধৰাৰ লগতে সেই খাদ্যসামগ্ৰীসমূহ ঘৰৰ পৰাই বিক্ৰি ব্যৱস্থা কৰিব পাৰিব। আজিকালি অৱশ্যে বহু মহিলাই আজিকালি ঘৰতে কেক আদিও বনাবলৈ আৰম্ভ কৰিছে। কাৰণ বৰ্তমান সময়ত জন্মদিনত কেক কটাতো এটা পৰম্পৰা হৈ গৈছে।

৩/ ই-কমাৰ্চ প্লেটফৰ্ম:

অনলাইন শ্বপিং দিনক দিনে বৃদ্ধি পাইছে। ফলত ই-কমাৰ্চ প্লেটফৰ্মত ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি পাইছে। এই ব্যৱসায় ঘৰতে কৰিব পাৰি। আপুনি যিকোনো প্ৰধান ই-কমাৰ্চ ৱেবছাইট বা প্লেটফৰ্মতও সহজেই আপোনাৰ ব্যৱসায় গঢ়ি তুলিব পাৰে।

৪/ বিউটি পাৰ্লাৰ:

আজিকালি য্কোনো অনুষ্ঠানতে মহিলাসকলক অলপ মেকআপৰ প্ৰয়োজন হয়। সেইবাবেই বহুতে বিউটি পাৰ্লাৰলৈ লৰালৰিকৈ যায়। আৰু সেইবাবেই মেকআপ আৰ্টিষ্টৰ চাহিদা দিনক দিনে বাঢ়ি গৈ আছে। তেনেক্ষেত্ৰত গৃহিনীসকলে মেকআপৰ কোৰ্চ এটা কৰি অঞ্চলটোৰ লোকসকলৰ মাজত এই কাম আৰম্ভ কৰিব পাৰে।

৫। দৰ্জী বৃত্তি : 

মহিলাসকলে কাপোৰ চিলোৱা মেচিন এটা লৈ ঘৰতে ফটা কাপোৰ চিলোৱা, ব্লাউজ, মেখেলা ঠেক কৰা আদি কামবোৰ কৰিব পাৰে। এই কামবোৰ আৰম্ভ কৰিবলৈ অধিক টকাৰ প্ৰয়োজন নহয় লগতে এই কামবোৰ ঘৰতে কৰিব পাৰে।

লগতে পঢ়ক- 

সোমবাৰে দেশৰ প্ৰতিজন প্ৰকৃত কৃষকৰ একাউন্টত সোমাব দুহেজাৰকৈ টকা

English Summary: Women should earn Rs 10,000-12,000 per month

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.