1. অন্যান্য

অসমৰ কৃষকেও হাৰিয়ানাৰ কৃষকৰ দৰে স্বচ্ছল জীৱন কটাবলৈ কৰিব লাগিব এইকেইটা কাম

PANKAJ KHANIKAR
PANKAJ KHANIKAR
How can we improve the life of farmers?
How can we improve the life of farmers?

হাৰিয়ানাৰ ফৰিদাবাদ জিলাৰ এজন প্ৰগতিশীল কৃষক সটবীৰ সিং। কৃষকগৰাকীয়ে শেহতীয়াকৈ ৫ একৰ কৃষিভূমিত মগুমাহৰ খেতি, প্ৰায় ২ একৰ কৃষিভূমিত মাটিমাহ, ৩ একৰ কৃষিভূমিত কলৰ খেতি, এইবোৰৰ ওপৰি প্ৰায় দুই একৰ কৃষিভূমিত তিয়ঁহ, মাকৈ, ১ একৰ কৃষিভূমিত ঘাঁহৰ খেতিৰ লগতে ধান আদি বিভিন্ন শস্যৰ খেতি কৰিছে। শেহতীয়াকৈ তেওঁৰ কৃষিপথাৰত আমি উপস্থিত থাকো। জাগৰণ অসমৰ সংবাদকৰ্মী পংকজ খনিনকৰ তেওঁৰ কৃষি ফাৰ্মত উপস্থিত থাকে। উপস্থিত কালত কৃষক সটবীৰ সিঙৰ লগত কৃষি সম্বন্ধীয় বিভিন্ন কথা-বতৰা হয়।

তেওঁৰ লগত হোৱা কথা-বতৰাত কৃষকগৰাকীৰ পৰা জানিব পৰা যায় যে আমাৰ কৃষকসকলৰ দৰে তেওঁ এবাৰ খেতি কৰি মাটিডোখৰ পেলায় নাৰাখে। বছৰত তিনিবাৰকৈ খেতি কৰে। ঘেঁহুৰ খেতি কৰা ঠাইডোখৰত তেওঁ ঘেঁহু চপোৱাৰ পাছতে মগুমাহৰ খেতি কৰিছে, মগুমাহ চপোৱাৰ পাছতে সেই ঠাইডোখৰত ধনা খেতি কৰিব। তেওঁ অসমৰ কৃষকসকলক কয়- মাটি পেলাই নাৰাখিব, মাটি পেলাই ৰাখিলে জেপলৈ পইচা আহিব। ইটো খেতিৰ পাছত সিটো খেতি কৰিলে খৰচ কম পৰে। মাটিবিলাক চহ হৈয়ে থাকে। গতিকে কৃষকজনৰ পৰিশ্ৰমো কম হয়। পানীৰ ব্যৱস্থা কৰি ল’লে ভাল হয়।

লগতে পঢ়ক- 

মালচিং পেপাৰ কি ! ইয়াৰ দাম কিমান! ক’ত পাব! ইয়াৰ উপকাৰিতা কি!

তেওঁৰ কৃষি পথাৰখন চাই থকাৰ সময়ত আমি দেখিছিলো- সটবীৰ সিঙৰ কৃষি পথাৰত বিজুলিৰ সংযোগ আছে। কেৱল তেওঁৰ বুলিয়েই নহয়। সকলো কৃষকৰ কৃষি পথাৰত বিজুলিৰ ব্যৱস্থা আছে। বিজুলিৰ ব্যৱস্থা থকাৰ ফলত পানী পাম্পৰ লগতে বিজুলি চালিত মেচিনবোৰ সংযোগ কৰিবলৈ ভাল। অসমত ঘৰে ঘৰে বিজুলি কথা কৈ থকাৰ সময়ত আমি হাৰিয়ানাত দেখিবলৈ পাইছিলো কৃষকৰ পথাৰে পথাৰে বিজুলি। আমি দেখিবলৈ পাইছিলো তেওঁৰ কৃষি ফাৰ্মত ঘাঁহৰ খেতিয়ো। কৃষকজনে ঘৰৰ পোহনীয়া জীৱ-জন্তুৰ বাবে এই ঘাঁহৰ খেতি কৰিছে। আমাৰ অসমৰ দৰে হাৰিয়ানাত গৰু-মহ ছাগলী উদং নিদিয়ে। গতিকে ঘৰতে ঘাঁহৰ খেতি কৰিছে কৃষকজনে। আমি তেওঁক জনাইছিলো যে অসমত গৰু-ছাগলী ধানকটাৰ পাছতে মেলি দিয়ে। তাৰ কাৰণেও অসমত দুবাৰ-তিনিবাৰ খেতি কৰাটো সম্ভৱ নহয়। তেওঁ কয়- অসমৰ কৃষকসকলে নিজৰ মানসিকতা সলনি কৰিব লাগিব। গৰুসমূহৰ বাবে ঘাঁহৰ খেতি কৰিব লাগে। বাৰিষা যিদৰে গৰুসমূহ ৰখা হয় তেনেকৈ ৰাখিবলৈ যত্ন কৰিব লাগে বুলি কয় কৃষকগৰাকীয়ে।

সাধাৰণতে আমাৰ অসমৰ কৃষক বুলিলে আমাৰ মনলৈ এখন ছবি আহে। কিন্তু সেইখন ছবি আমি কৃষক সটবীৰ সিঙৰ বাসগৃহত উপস্থিত হৈ দেখা নাপালো। কৃষকজনৰ আছে দুমহলীয়া ঘৰ, আছে নিজৰ বিলাসী গাড়ী। কৃষকজনৰ দুটা সন্তান। লৰাই মেডিকেল পঢ়ি আছে, ছোৱালীয়ে আইন পঢ়ি আছে। তেওঁৰ পৰা আমি জানিবলৈ বিচাৰিছিলো- অসমৰ কৃষকসকলেও আপোনাৰ দৰে সফল হ’বলৈ  কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব?  তেতিয়া তেওঁ কয়- কৃষক মানে দুখীয়া নহয়। দুখীয়া তেওঁলোক কামৰ ক্ষেত্ৰত। তেওঁ অসমৰ কৃষকসকলক উদ্দেশ্যি কয়-  আপোনালোকে মাটি পেলাই নাৰাখিব। মাটি খেতি কৰিবলৈ পেলাই ৰাখিবলৈ নহয়। ইটো খেতি শেষ কৰাৰ পাছতে অন্য এটা খেতি কৰক। পথাৰত পানীৰ ব্যৱস্থা কৰক। গৰুৰ সমস্যা আছে যদিও জেওৰা মাৰক। বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি খেতি কৰক। দেখিব আপোনালোকৰো ভাল দিন আহিব।

লগতে পঢ়ক-  

Horticulture : এবিঘা মাটিত মাত্ৰ এবাৰ আৰম্ভ কৰি গোটেই জীৱন পাওঁক ফল

English Summary: How can we improve the life of farmers?

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.