1. অন্যান্য

Top 10 Longest Bridges : ভাৰতৰ আটাইতকৈ দীঘল দলঙকেইখন

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ভাৰতৰ শীৰ্ষ দহখন দলং
ভাৰতৰ শীৰ্ষ দহখন দলং

(১) ভূপেন হাজৰিকা সেতু, অসম

ভাৰতৰ ভিতৰতে প্ৰথম ভূপেন হাজৰিকা সেতু নামেৰে জনাজাত ঢলা শদিয়া দলংখন এছিয়াৰ ভিতৰতে দ্বিতীয় দিঘল দলং। দলংখনৰ দৈৰ্ঘ হৈছে ৯.১৫ কিলমিটাৰ আৰু প্ৰস্থ ১২.৯ মিটাৰ  ৷ দলংখন তিনিচুকীয়া জিলাত অৱস্থিত ৷ লোহিত নদীৰ ওপৰত অৱস্থিত এই দলং ঢলা আৰু শদিয়াক সংযোগ কৰিছে ৷ ২০১১ চনত ১৯ জানুৱাৰীত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই দলংৰ কাম  ২০১৭ চনৰ ১০ মাৰ্চত সম্পূৰ্ণ হয় ৷ ২০১৭ চনৰ ২৬ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰে ৷

(২) দিবাং নদীৰ দলং, অৰুণাচল

অৰুণাচলৰ দিবাং নদীৰ ওপৰত অৱস্থিত দিবাং নদীৰ দলং হৈছে ভাৰতৰ দ্বিতীয় দীৰ্ঘতম দলং। দলঙখনে অৰুণাচলৰ নামনি দিবাং ভেলী জিলাৰ বমজীৰ সৈতে মেকাক সংলগ্ন কৰিছে ৷ ২০১৩ চনত নিৰ্মাণ আৰম্ভ কৰা দলংখন নিৰ্মাণ সম্পূৰ্ণ হয় ২০১৮ চনত। দলংখনৰ দৈৰ্ঘ্য ৬.২০(৬২০০ মিটাৰ) কিলমিটাৰ ।

(৩) গোদাবৰীৰ  চতুর্থ সেতু কোভভুৰ ৰাজমন্দ্রি বাইপাচ ব্রিজ, অন্ধপ্ৰদেশ

গোদাবৰী নদীৰ ওপৰত অৱস্থিত ভাৰতৰ তৃতীয় দীৰ্ঘতম দলংখন হ’ল ৰাজমন্দ্রি বাইপাচ ব্রিজ । ইয়াৰ দৈৰ্ঘ্য ৬ কিলমিটাৰ ৷ ২০০৯ চনত আৰম্ভ কৰা এই দলং সম্পূৰ্ণ হয় ২০১৫ চনত।

(৪) মহাত্মা গান্ধী সেতু, পাটনা, বিহাৰ

গংগা নদীৰ ওপৰত অৱস্থিত মহাত্মা গান্ধী সেতু হৈছে ভাৰতৰ চতুৰ্থ দীৰ্ঘতম দলং। এই সেতুৱে পাটনা আৰু হাজিপুক সংযোগ কৰে ৷ মহাত্মা গান্ধী সেতুৰ দৈৰ্ঘ্য হৈছে ৫.৫৭ কিলমিটাৰ আৰু ইয়াৰ প্ৰস্থ হৈছে ২৫ মিটাৰ। ১৯৭২ চনত আৰম্ভ কৰা এই দলঙৰ নিৰ্মাণ সম্পূৰ্ণ হয় ১৯৮২ চনত। 

(৫) বান্দ্ৰা-ৱৰ্লী সমুদ্ৰসেতু, মুম্বাই, মহাৰাষ্ট্ৰ ৷

মুম্বাইৰ মহিম উপসাগৰত অৱস্থিত বান্দ্ৰা-ৱৰ্লী সমুদ্ৰসেতু বা ৰাজীৱ গান্ধী সাগৰ সেতু  হৈছে ভাৰতৰ পঞ্চম দীৰ্ঘতম দলং  ৷ এই সেতুয়ে বান্দ্ৰা আৰু ৱৰ্লীক সংযোগ কৰিছে।  পথ পৰিবহনৰ সুবিধা থকা এই দলংৰ দৈৰ্ঘ্য ৫.৬০ কিলমিটোৰ আৰু প্ৰস্থ হৈছে ৪০ মিটাৰ ৷ ২০০০ চনত নিৰ্মাণ আৰম্ভ কৰা এই দলংৰ কাম সম্পূৰ্ণ হয় ২০০৯ চনত। ইয়াক মুকলি কৰা হয় ২০১০ চনৰ মাৰ্চ মাহত ।

(৬) বগীবিল দলং, ডিব্ৰুগড়, অসম ৷

ব্ৰহ্মপুত্ৰৰ ওপৰত অৱস্থিত ৪.৯৮ কিলমিটাৰৰ বগীবিল দলং হৈছে ভাৰতৰ ষষ্ঠতম দীৰ্ঘতম দলং আৰু  বগীবিল হৈছে ৰে'ল আৰু পথ যোগাযোগ ব্যৱস্থা থকা ভাৰতৰ যিকোনো নদীৰ ওপৰত নিৰ্মিত দলঙৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম দলং ৷ দলংখনে ডিব্ৰুগড় আৰু ধেমাজীৰ মাজত সংযোগ স্থাপন কৰিছে ৷ ইয়াৰ নিৰ্মাণ আৰম্ভ হয় ২০০২ চনৰ ২১ এপ্ৰিলত আৰু ইয়াৰ নিৰ্মাণ সমাপ্ত হয় ২০১৮ চনত  ৷ ২০১৮ চনৰ ২৫ ডিচেম্বৰ এই দলং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে শুভাৰম্ভ কৰে ৷ দুখলপীয়া দলংখনত ওপৰৰ খাপত আছে তিনিটা লেনযুক্ত পথ আছে  আৰু তলৰ খাপত আছে  দ্বৈত ব্ৰডগজ ৰেললাইন  ।

(৭) বিক্ৰমশীলা সেতু, ভাগলপুৰ, বিহাৰ

৪.৭ কিলমিটাৰৰ বিক্ৰমশীলা সেতু ভাৰতৰ সপ্তম দীৰ্ঘতম দলং। দলংখন গংগা নদীৰ ওপৰত অৱস্থিত।

(৮) ভেম্বনাদ ৰেল দলং, কোচি, কেৰেলা

ভেম্বনাদ ৰেল দলং ভাৰতৰ অষ্টম দীৰ্ঘতম দলং ৷ এইখন ভেম্বনাদ হ্ৰদত অৱস্থিত। ৰেল পৰিবহণ সুবিধা থকা এই দলং দৈৰ্ঘ্য হৈছে ৪.৬ কিলমিটাৰ আৰু প্ৰস্ত ৫ মিটাৰ৷

(৯) দীৰ্ঘা-সোনপুৰ সেতু, বিহাৰ ৷

গংগা নদীৰ ওপৰত অৱস্থিত ৪.৫৫ কিলমিটাৰৰ দীৰ্ঘা-সোনপুৰ সেতু হৈছে ভাৰতৰ নৱম দীৰ্ঘতম দলং। পথ আৰু ৰেল পৰিবহনৰ সুবিধা থকা এই দলংয়ে পাটনা আৰু সোনপুৰক সংযোগ কৰিছে । ৪.৫৫ কিলমিটাৰ দৈৰ্ঘ্যৰ এই দলং প্ৰস্ত হৈছে ১০ মিটাৰ আৰু খুটাৰ সংখ্যা ৩৬ টা । ২০০৩ চনত নিৰ্মাণ আৰম্ভ হোৱা এই দলং মুকলি কৰা হয় ২০১৬ চনৰ ৩ ফেব্ৰুৱাৰীত ।

(১০) আৰাছাপড়া দলং, বিহাৰ

গংগা নদীৰ ওপৰত অৱস্থিত ৪.৩৫ দৈৰ্ঘ্যৰ আৰা–ছাপড়া দলং হৈছে ভাৰতৰ দশম দীৰ্ঘতম দলং । চাৰি লেণ্ডযুক্ত এই দলঙখনৰ প্ৰস্থ ২৪ মিটাৰ আৰু খোটাৰ সংখ্যা ১৬ টা ।

লগতে পঢ়ক- 

হিমাচলৰ টকাৰ বৰষুণ বোৱা এখন গাঁও! প্ৰতিজন লোকেই কোটিপতি !

English Summary: Top 10 Longest Bridges of India

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.