 
            জনসংখ্যা বৃদ্ধি হৈ অহাৰ লগে লগে জনসংখ্যাৰ অনুপাতে কৃষিভূমি বা পৃথিবীখনৰ আয়তন বাঢ়ি যোৱা নাই। তাৰ বিপৰীতে জনসংখ্যা বৃদ্ধিৰ লগে লগে জনমুৰি হাৰত মাটিৰ পৰিমাণ কমিহে গৈছে। গতিকে কম মাটিতেই অধিক উৎপাদনৰ কৌশল আয়ত্ত কৰিবৰ হ’ল আমাৰ খাদ্য উৎপাদকসকল। আগতে এজন মানুহৰে ৩০-৪০ বিঘা মাটি থাকে। কিন্তু আজিকালি বহু মানুহৰে নিজৰ ভেঁটিটো সৈতে বাৰীখনহে থাকে। গতিকে ভেটিটোৰ সৈতে বাৰীখন থকা লোক এজনে পৰম্পৰাগত চিন্তা-ধাৰাৰে কাম আগবঢ়াই নিলে বিশেষ ফল লাভ কৰিব নোৱাৰিব। গতিকে নতুন ধৰণে কথাবোৰ চিন্তা কৰি কম ঠাইতে কেনেকৈ অধিক উপাৰ্জন কৰিব পাৰি সেইবিষয়ে চিন্তা কৰিব পাৰে। আজি এই আলোচনাত আমি কম ঠাইতে উপাৰ্জন কৰিব পৰা কেইটামান ব্যৱসায়ৰ বিষয়ে আলোচনা কৰিম।
গাহৰি পালন :
গাহৰি পালন কৰিবলৈ বেছি ঠাইৰ প্ৰয়োজন নহয়। ৮ টা ফুট বহল, আৰু প্ৰয়োজন অনুসৰি দিঘল ঘৰ এটা বনাই ৫ ফুটীয়া একোটা একোটা সৰু কোঠালি বনাই কম মাটিতে এই কাম আগবঢ়াই নিব পাৰে। এই কাম নিজৰ বাৰীখনতে কৰিব পাৰে। এইক্ষেত্ৰত কিন্তু চাফ-চিকুণতাক অত্যন্ত গুৰুত্ব দিব লাগিব। গাহৰিৰ মলৰ দুগন্ধই যাতে আপোনাৰ ঘৰৰ লগতে ওচৰ-চুবুৰীয়াক অশান্তি নিদিয়ে তাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। গতিকে গাহৰিৰ ঘৰটো বনোৱাৰ লগে লগেই একোটা মটৰো বহাই ল’ব। গাহৰিৰ মলবোৰ পেলাবৰ বাবে লেটিনৰ দৰে এটা টেংকি বনাই ল’ব লাগে। টেংকটো এনেকেই বনাব লাগে যাতে গাহৰিৰ গড়ালটোত পানী মাৰি দিয়াৰ লগে লগে অটমেটিক গৈ পানী আৰু গাহৰি মলবোৰ টেংকিত পৰে। প্ৰথমে অলপ খৰচ পৰিব কিন্তু কিন্তু বছৰ বছৰ ধৰি সুফল লাভ কৰিব পাৰিব। তদুপৰি চাফ-চিকুনতা বজাই ৰাখিলে গাহৰিৰ স্বাস্থ্য ভালে থাকিব আৰু বেমাৰ-আজাৰ দূৰত থাকিব আৰু আপোনাৰো মনটো ভাল থাকিব।
 
            গো-পালন :
কম মাটিতে কৰিব পৰা আন এটা ব্যৱসায় হ’ল- গো-পালন। আমি সাধাৰণতে গৰু পালন কৰোঁতে পথাৰ এৰি দিও, চৰাও বা এৰাল দি পোহো। কিন্তু কিন্তু গৰুক গোহালিতে বান্ধি তাতে ঘাঁহ, দানা খোৱাই পালন কৰিব পাৰোঁ। ইয়াৰবাবেও ঠাইৰ বেছি প্ৰয়োজন নহয়। গোহালি এটা বনাই ল’লেই হ’ল। বাহিৰৰ ৰাজ্যসমূহত গো-পালকসকলে এইদৰেই গো-পালন কৰি দুগ্ধ উতপাদন কৰি উপাৰ্জন কৰি আহিছে।
গ্ৰীন হাউচ, পলিহাইচ : কম মাটি থকা কৃষকসকলে বাৰীৰ মাটিখিনিতে পলিহাউচ বা গ্ৰীণ হাউচ এটা বনাই ল’ব পাৰে ভাল উপাৰ্জন কৰিবৰ বাবে। পলিহাউচটো দ্বাৰা কৃষকসকলে অবতৰতো শাক-পাচলি উতপাদন কৰি বজাৰত উলিয়াই অধিক দামত বিক্ৰি কৰিব পাৰিব। বহি:ৰাজ্যৰ বহু কৃষকে এনেদৰে কম ঠাইতে কম খেতি কৰি অধিক উপাৰ্জন কৰি আহিছে।
 
            নাৰ্চাৰী :
মাটি সৰহকৈ নাই যদি কম ঠাইতে নাৰ্চাৰী এখন স্থাপন কৰিও উপাৰ্জন কৰিব পাৰিব। হাইব্ৰিডৰ লগতে থলুৱা বিভিন্ন ফল-মূলৰ পুলি, ফুল, ওষধি গছৰ পুলি, শাক-পাচলি পুলি, গছৰ পুলি আদিৰ নাৰ্চাৰী এখন খুলি ল’লে কেৱল অৰ্থ উপাৰ্জন কৰাই নহয় অঞ্চলটোৰ জনগণৰ কৰ্মসংস্থানৰ পৰিৱেশৰ ভাৰসাম্যও ৰক্ষা কৰে। যি এলেকাত ভাল নাৰ্ছাৰী আছে। তাত গছ,ফল-ফুল আৰু শাক-পাচলিৰ সৰবৰাহ বেছি থাকে। ফলত মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকে। নাৰ্ছাৰীৰ অৰ্থনৈতিক গুৰুত্বও অনেক। সৰু সৰু নাৰ্ছাৰীৰ পৰা বছৰি লাখ লাখ টকা অৰ্জন কৰা সম্ভৱ। কাৰণ এক বৰ্গমিটাৰ ঠাইতে কেইবাহাজাৰ পুলি উৎপাদন কৰিব পৰা যায়। অনেক পুলি বিক্ৰীৰ বাবে উপযোগী কৰিবলৈ মাত্ৰ ৩-৪ সপ্তাহ সময় লাগে। আগতীয়া পুলি উৎপাদন কৰিব পাৰিলে লাভো বহুগুণে বাঢ়ি যায়।
 
            এইবোৰৰ ওপৰি কম কৃষিভূমি থকা লোকসকলে দোকান, মিল স্থাপন, মৌ-পালন, ছাগলী পালন, ব্ৰয়লা পালন কৰি উপাৰ্জন কৰিব পাৰে।
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments