1. অন্যান্য

দিল্লীয়ে চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে এই ৰাইপেনিং পদ্ধতিক

PANKAJ KHANIKAR
PANKAJ KHANIKAR

গছৰ পৰা ফল-মূলসমূহ ছিঙাৰ পাছতে সাধাৰণতে কিছু সময়লৈ ফলবোৰ সতেজ হৈ থাকে। তাৰ পাছতে ফলসমূহ ক্ৰমশঃ অৱনতি ঘটে আৰু খোৱাৰ অনুপযোগী হৈ পৰে। ফলত কৃষকসকল আৰু ফল-মূলৰ বিক্ৰেতাসকল লোকচানৰ সন্মুখীন হয়।তদুপৰি দূৰৱৰ্তী বজাৰলৈ বিক্ৰীৰ বাবে লৈ যাওঁতে গন্তব্যস্থান নাপাওঁতেই ফল-মূলবোৰ গেলি যায় অৰ্থাত খোৱা অনুপযোগী হৈ পৰে যাৰ ফলত বিক্ৰেতাজন লোকচানৰ সন্মুখীন হয়। গতিকে বিক্ৰেতাসকলৰ এই লোকচানৰ প্ৰতি লক্ষ্য ৰাখি আমি লৈ আহিছো দীৰ্ঘদিনলৈ ফল-মুল সতেজ আৰু সুৰক্ষিত কৰি ৰখাৰ এটা নতুন কৌশল। এই নতুন কৌশলটোৰৱ নাম ৰাইপেনিং পদ্ধতি।

ই এক আধুনিক কৌশল, যাৰ ব্যৱহাৰ কৰি ফলবোৰ স্বাভাৱিক সময়ৰ পূৰ্বে পকাবলৈ আৰু দীৰ্ঘদিনৰ বাবে সতেজ কৰি ৰাখিবলৈ এই কৌশল অৱলম্বন কৰা হয়। বৰ্তমান এই পদ্ধতি বেছিভাগ ডাঙৰ ফল বিক্ৰেতাই ব্যৱহাৰ কৰে। এই পদ্ধতিত সৰু সৰু টুকুৰি কিছুমানত ফল-মূলবোৰ ভৰাই এটা শীতল ভঁৰালত ৰখা হয়। পৰৱৰ্তীসময়ত এই শীতল কোঠাটোত ইথিলিন গেছ মুকলি কৰা হয়। ফল পকিবলৈ আৰু সতেজ কৰি ৰাখিবলৈ প্ৰয়োগ কৰা এই কৌশল আটাইতকৈ সুৰক্ষিত আৰু সহজ পদ্ধতি। এই কৌশল বা পদ্ধতি ব্যৱহাৰ কৰিলে ফলৰ গুণগত মানদণ্ডত কোনো প্ৰভাৱ নপৰে। কিন্তু কল বা ফলমূল পকাবলৈ  কেলচিয়াম কাৰ্বাইড নামৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰে ।

এনে পদ্ধতিৰে পকোৱা কলে আমাৰ স্বাস্থ্যৰ বাবে ভাবুকি কঢ়িয়াই আনে। কাৰ্বাইডৰ পৰিৱৰ্তে ইথিলিন গেছ ব্যৱহাৰ কৰি কল পকাোৱা বা ফল-মূল সুৰক্ষিত কৰা কৌশলটো তুলনামূলকভাৱে মানৱ স্বাস্থ্যৰ বাবে অধিক নিৰাপদ। কাৰণ ইথিলিন এবিধ প্ৰাকৃতিক উদ্ভিদজাত হৰম’ন, যিয়ে সমভাৱে ফল পকাত সহায় কৰাৰ লগতে পকা ফলৰ আয়ুস বৃদ্ধি কৰে। প্ৰাকৃতিক হৰম’ন হোৱাৰ বাবেই ইয়াৰ কোনো পাৰ্শ্বপ্ৰতিক্ৰিয়া নাই। আজিৰ পৰা দুবছৰ আগেয়ে দিল্লী চৰকাৰে কেলচিয়াম কাৰ্বাইডৰ পৰিৱৰ্তে ইথিলিন গেছ ব্যৱহাৰ কৰি কৃত্ৰিমভাৱে ফল-মূল পকোৱাৰ নিৰ্দেশ জাৰি কৰিছে।

এই পদ্ধতিৰ বাহিৰেও ফল-মূলবোৰ পকাত আৰু সতেজ কৰি ৰখাত আমাৰ সমাজত পৰম্পৰাগত পদ্ধতি আছে। যেনে- কল পকিবলৈ মাটিত গাঁত খান্দি যাগ দিয়া দিয়া পদ্ধতিটো প্ৰতিজন কৃষকে জানে। ফলমূলবোৰ খেৰ বাব তুঁহগুৰি মাজত থকা ৰাখি ফল-মূলসমূহ আমি সংৰক্ষণ কৰিব পাৰোঁ।

লগতে পঢ়ক- ভাৰততো কৰা হয় মেলেৰিয়া বিৰোধী উদ্ভিদ 'আৰ্টেমিচিয়া'ৰ খেতি

English Summary: Ripening Technique

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.