1. অন্যান্য

Profitable Crop Farming : কোনবোৰ শস্য খেতি কৰিলে অধিক লাভান্বিত হ’ব

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Profitable Crop Farming
Profitable Crop Farming

বিগত বৰ্ষটোৰ শেষৰ ফালে এজন কৃষকে বজাৰলৈ দুগাড়ী কবি লৈ আহিছে। ইফালে, বজাৰত অন্য অঞ্চলৰ পৰাও তেনেকৈ বহু কৃষকে গাড়ীয়ে  গাড়ীয়ে কবি লৈ আহিছে। দেখিবলৈ পোৱা গৈছিল কবিবোৰ বিক্ৰি যোৱা নাই। গাড়ীবোৰ ভৰ্তি হৈ আছে। সুবিধা বুজি দুই এজন মধ্যভোগীয়ে ২ টকা কেজি, ৩ টকা কেজিত দুই এগাড়ী কবি কিনি লৈছে। খেতিয়কসকলেও উভটাই নিলেও নি কি কৰিম বুলি ভাবি কবিবোৰ মধ্যভোগীয়ে নিধাৰণ কৰি দিয়া দাম অনুসৰিয়েই বিক্ৰি কৰি দিব লগা হৈছে। ইয়াৰ মাজতে তেওঁলোকৰ দুই এটা কথাৰ পৰা গম পোৱা গৈছিল- ১ কেজি কবি ৩ টকা দৰত বিক্ৰি কৰিলে বজাৰলৈ কঢ়িয়াই অনা গাড়ী ভাড়াটো তেওঁলোকৰ নোলাব। বাকী খেতি কৰোঁতে যিমান খৰচ বা শ্ৰম হ’ল সেয়া  সেয়া বাদ।

এনেকুৱা ঘটনা একেবাৰে নতুন নহয়। সাধাৰণতে কৃষকে বজাৰখনত মাৰ খায় যোৱা উদাহৰণ প্ৰায়ে আমি দেখি থাকো। গতিকে খেতি কৰা আগমুৰ্হূতত কো?নবোৰ শস্যৰ খেতি কৰিলে বজাৰখন পাব, লাভান্বিত হ’ব? অধিক দাম পাব আদি কথাবোৰ ভালদৰে অধ্যয়ন কৰি কম বেছি পৰিমাণে কৰিব লাগে। আৰু চাব লাগে যিবোৰ শস্যৰ খেতি অধিকাংশ কৃষকেই সাধাৰণতে কৰে তেনে শস্যৰ খেতিবোৰৰ সলনি যিবোৰ শস্যৰ খেতি অধিকাংশ কৃষকেই নকৰে কিন্তু বজাৰত চাহিদা আছে তেনে শস্যৰ খেতি কৰিবলৈ চাব লাগে। আৰু যিকোনো শস্যৰ খেতি যিমান পাৰে আগতীয়াকৈ কৰিবলৈ চাব লাগে নাইবা যিমান পাৰে পাছৰ সময়ছোৱালৈ বজাৰলৈ উলিয়াব লাগে। উদাহৰণস্বৰূপে- বজাৰত কবি আগতীয়াকৈ উলিয়াব পাৰিলে লাভ হ’ব। মাজৰ সময়ছোৱাত মানুহে খাব মন নোযোৱা হয়গৈ, আৰু সেই সময়ছোৱাত সকলো কৃষকৰ কবিয়ে বজাৰ ভৰি থাকিব। শেষৰ সময়ছোৱাত উলিয়ালে বজাৰত অন্য কৃষকৰ নাইকীয়া হয় আৰু আপোনাৰখিনিয়ে চাহিদা পাব।

লগতে পঢ়ক

Turmeric Farming : এবিঘা মাটিত কৰক ৮-৯ মাহত ১ লাখ টকা চকুমুদি লওঁক

সেয়া যিকিনহওঁক। আমাৰ কৃষকসকলে আদা, হালধি, মাটিমাহ, মগুমাহ, মটৰ আদি শস্যবোৰৰ খেতি বৰ বেছি কৰা দেখা নাযায়। কিন্তু বজাৰত দাম আছে, অন্য শস্যতকৈ। আনহাতে বৰ বেছি যত্ন লব লগা নহয়। এদিন বিক্ৰি নহ’লেও বছৰটোলৈ বেয়া হৈ নাযায়। এনে শস্যবোৰৰ খেতি কৰিলে আমাৰ কৃষকসকল লাভান্বিত হ’ব। এইবোৰৰ ওপৰি আমাৰ কষকসকলে ফল উদ্যান শস্যবোৰৰ খেতিয়ো কৰিব পাৰে। যেনে- ড্ৰেগন, মধুৰি, কল, কল, মাল্টা আদি উদ্যান শস্যবোৰৰ ফলৰ এখন ভাল বজাৰ আছে। একেদৰে ধান খেতি কৰা কৃষকসকলে কেৱল পৰম্পৰাগত ধানৰ জাতবোৰৰ খেতি কৰা সলনি জহা, বৰা, ক’লা ধান আদিৰ খেতিয়ো কৰিব লাগে। এইবোৰৰ এক কেজি ধানৰ দাম বাকী ধানৰ তিনিকেজি দামৰ সমান।

কৃষকসকলে কেৱল খেতি কৰিলেই নহ’ব। খেতি কৰাৰ আগত কোনবোৰ শস্যৰ খেতি কৰিলে আপুনি লাভান্বিত হ’ব, বজাৰখন পাব, কোনসময়ত কৰিলে অধিক লাভ হ’ব আদি কথাবোৰ চালি জাৰি চাব লাগিব। চালি জাৰি চাইহে কৃষিকৰ্মত আগবাঢ়িব লাগে। এজন কৃষকৰ সফলতা বজাৰখনৰ ওপৰত বহুখিনি নিৰ্ভৰশীল। পথাৰত শস্য ভাল হলেও বজাৰখন যদি নাপায় একো ফল নধৰে কৃষকজনৰ।

লগতে পঢ়ক- 

জানুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত এবিঘা এবিঘা মাটিত কৰক এই শস্যৰ খেতি

English Summary: Profitable Crop Farming

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.