
বিগত চাৰি দশক ধৰি দক্ষিণৰ ছুপাৰষ্টাৰ মোহনলালে অভিনয়ে মনোৰঞ্জন দি আহিছে হাজাৰ হাজৰ দৰ্শক। টলিউদৰ এজন অভিনেতা হলেও আজি ভাৰতবৰ্ষৰ প্ৰতিজন চলচ্চিত্ৰপ্ৰেমীৰে এখন চিনাকী মুখ মোহনলাল। পিছে আজি আমি এই লেখাত দক্ষিণৰ ৬৩ বছৰীয়া ছুপাৰষ্টাৰজনৰ অভিনয়ৰ সমান্তৰালভাৱে তেওঁ কৰি ভালপোৱা দুটা বিষয় সন্দৰ্ভত আলোচনা কৰিম।

মোহনলাল এজন খাদ্যৰসিক। বয়স বাঢ়ি অহাৰ লগে লগে অভিনেতাসকলে খাদ্যৰ প্ৰতি সচেতন হৈ পৰে। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম মোহনলাল। ছুপাৰষ্টাৰগৰাকীয়ে কেৱল খাদ্য খাই ভাল পোৱাই নহয়, ৰন্ধা-বঢ়াৰ কলাতো আয়ত্ত কৰিছে। মোহনলাল এজন অসাধাৰণ ঘৰুৱা ৰান্ধনী । বিদেশী চাৰ্ড নাৰিকল-ইনফিউজড চিকেন ৰোষ্টৰ পৰা আৰম্ভ কৰি ছি বাছ ৰোষ্টলৈকে মোহনলালে অসংখ্য সুস্বাদু খাদ্য উদ্ভাৱন কৰিছে।
লগতে পঢ়ক-
বিদ্যালয়-মহাবিদ্যালয়ত কৃষি শিক্ষাৰ গুৰুত্ব আৰু প্ৰাসংগিকতা

ওপৰত উল্লেখ কৰা উপৰি মোহনলালৰ জীৱনৰ প্ৰতি এক সামগ্ৰিক দৃষ্টিভংগী আছে। তেওঁৰ ঘৰৰ পিছফালে ৰাসায়নিক মুক্ত, জৈৱিক শাক-পাচলি আৰু ফল-মূল উৎপাদন কৰা এখন বাগিছা আছে। যেতিয়া অভিনেতাজনে শ্বুটিঙৰ পৰা কিছু সময় ছুটী পায়, তেতিয়া তেওঁ নিজৰ ঘৰলৈ উভতি যায় আৰু খেতিৰ কামত সম্পূৰ্ণৰূপে নিমগ্ন হয়। বীন, টমেটো, তিতা, বটল গাৰ্ড, বেচন, চীনা মৰিচা আদিৰে তেওঁৰ এড়ন্নাকলমস্থিত বাসগৃহ বাৰীৰখন ভৰি থাকে।

তেওঁৰ বাৰীখনত দেশৰ ভিন্নপ্ৰান্তৰ শাক-পাচলিৰ লগতে অসমৰো কণজলকীয়া আৰু কণবিলাহী স্থান পাইছে। ইফালে শেহতীয়াকৈ মুক্তি লাভ কৰা তেওঁৰ এখন চলচ্চিত্ৰত ভূপেন হাজৰিকাৰ গীতক প্ৰশংসা কৰিছিল। উল্লেখ্য যে অভিনেতাগৰাকীয়ে তেওঁৰ কৃষিৰ আদৰ্শৰে অনুৰাগী আৰু অনুগামীসকলক খেতি-বাতিৰ অভ্যাস কৰিবলৈও উৎসাহিত কৰে।
লগতে পঢ়ক-
Share your comments