1. অন্যান্য

এসময়ৰ চাহ দোকানী মোডীৰ প্ৰিয় শাকবিধৰ দাম কিমান জানেনে!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
মোডীৰ প্ৰিয় পাচলিবিধ
মোডীৰ প্ৰিয় পাচলিবিধ

এসময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰে’ল ষ্টেচনত চাহ বিক্ৰি কৰিছিল নে নাই সেয়া বৰ্তমান সন্দেহৰ আৱৰ্তত। কিন্তু নৰেন্দ্ৰ মোডীয়ে এসময়ত ৰে’ল ষ্টেচনত চাহ বিক্ৰি কৰাৰ বিষয়ে গৌৰৱেৰে কয়।  প্ৰথম অৱস্থাত চাহৱালাৰ পৰা প্ৰধানমন্ত্ৰী হোৱা তেওঁৰ প্ৰত্যাহ্বানপূৰ্ণ জীৱনে অনুপ্ৰাণিত কৰিছিল বহুজনক আৰু দেশৰ শাসনভাৰ নিজ হাতলৈ অনাত তেওঁৰ এই জীৱন কাহিনীয়ে সহানুভূতি আদায় কৰিছিল জনসাধাৰণৰ পৰা। এসময়ৰ চাহৱালা আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী মোডীৰ প্ৰিয় শাকবিধৰ দাম কিমান জানেনে ! লগতে আপুনি জানি আচৰিত হ’ব বৰ্তমান প্ৰধানমন্ত্ৰী মোডীয়ে পিন্ধা হাতঘড়ীটো দাম অথবা তেওঁ পৰিধান কৰা কাপোৰ, চেণ্ডেল, আঙুঠিৰ দা্ম।

শেহতীয়াকৈ চৰ্চালৈ আহিছে প্ৰধানমন্ত্ৰী মোডীৰ এবিধ প্ৰিয় পাচলি আৰু পাচলিবিধৰ দাম। মোডীৰ অন্যতম প্ৰিয় এই পাচলি বিধ হ’ল গুচ্ছি কাঠফুলা (guchi mushroom)। মোডীয়ে এই পাচলি পালে টিকাত সাত গোৰ মাৰিলেও নুঠে! কিন্তু এই শাক-পাচলি আপুনি মই খাব পাৰিম নোৱাৰিম! অৱশ্যে আপুনি ময়ো এই কাঠফুলাবিধ হজম কৰিব পাৰিম! কিন্তু আপোনাৰ যদি দৰমহা ৪০,০০০ তেতিয়া আপুনি এমাহ পেটত গামোচা মাৰি এমাহৰ দৰমহাৰে  ১ কেজি এটা কিনি আনিব পাৰিব। আৰু এমাহত ২০,০০০ টকা দৰমহা পোৱাসকলে ১ কেজি গুচ্চি কাঠফুলা কিনিবলৈ দুমাহ ৰ’ব লাগিব। আৰু দুমাহ মাৰিব লাগিব পেটত গামোচা।

লগতে পঢ়ক- অসমত ধেমচি খেতিৰ সম্ভাৱনাৰ

Guchi mushroom
Guchi mushroom

কিন্তু বাস্তৱ কথাটো হল- আমাৰ বহুতেই শুনা নাই এই কাঠফুলা বিধ নাম। অথচ এই গুচ্ছিৰে তৈয়াৰ কৰা যিকোনো আঞ্জাই ( শাকেই) প্ৰধানমন্ত্ৰী মোদীৰ অতিকৈ প্ৰিয়। প্ৰকৃতিত হোৱা এই গুচ্ছি কাঠপুলা পুষ্টিগুণসম্পন্ন আৰু ঔষধি গুণযুক্ত। গুচ্ছিক বহুতে পাহাৰীয়া কাঠফুলা বুলি কয়।  দেশৰ লগতে বিশ্বৰ বহুকেইখন পঞ্চতাৰকা হোটেলত গুচ্ছিৰে তৈয়াৰ কৰা চবজি পোৱা যায়। কিন্তু যাৰ দাম শুনিলে আপোনাৰ চকু কঁপালত উঠিব। এনেই এক কেজি  গুচ্ছিৰ দাম ৩৫ ৰ পৰা ৪০ হাজাৰ টকা । কিন্তু বিলাসী হোটেলবোৰত ১ প্লেটত ২০০০ টকা। এই গুচ্ছি কাঠফুলাৰ কাবাব ১৫০০ টকাত বিক্ৰী কৰা হয়। গতিকে এই গুচ্ছি কাঠফুলাই কথা ভাৱি আপোনাৰ মোৰ লোভৰ পানী ওলালেও কোনো উপায় নাই! কাৰণটো বুজি পাঠসকলে বুজি পাইছেই ছাগে!

উল্লেখ্য মাশৰুম হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, কাশ্মীৰৰ কিছুমান দূৰৱৰ্তী পাহাৰীয়া অঞ্চলত খেতি হিচাপেও কৰা হয়। ফুল আৰু বীজেৰে ভৰ্তি এই পাচলি শুকুৱাই ৰন্ধা হয়। এই কাঠফুলাবোৰ ফেব্ৰুৱাৰী আৰু এপ্ৰিল মাহৰ ভিতৰত উপলব্ধ। যিসকলৰ চাইনাছৰ সমস্যা আছে, তেওঁলোকে গুচ্ছি কাঠফুলা খালে উপকৃত হ’ব।

লগতে পঢ়ক- 

সুগন্ধি বিৰিণাৰ শিপাই ১৪-১৫ ফুট গভীৰলৈকে মাটিক খামুচি ধৰে

English Summary: modi favorite food

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.