1. অন্যান্য

আপোনাৰ পানকার্ডখন আধাৰৰ সৈতে লিংক কৰা নাই নেকি? ১ এপ্ৰিলৰ পৰা ভৰিব লাগিব ১০০০ টকা জৰিমনা

KJ Staff
KJ Staff
Aadhar link to pan card withen March
Aadhar link to pan card withen March

আপুনি আজি পর্য্যন্ত আধাৰৰ সৈতে পান কার্ড লিংক কৰা নাই যদি অতি শীঘ্রে কৰি লওঁক ৷ কিয়নো 31 মাৰ্চৰ ভিতৰত আধাৰৰ সৈতে পান কার্ড লিংক কৰাৰ অন্তিম তাৰিখ বান্ধি দিছিল আয়কৰ বিভাগে (Income Tax Department)। অন্যথা আপুনি আয়কৰ আইনৰ অধীনত ১০০০ টকা জৰিমনা ভৰিব লাগিব পাৰে। যদিহে এপ্ৰিলত কৰে, তেন্তে আপুনি একহজাৰ টকা পৰিশোধ কৰিব লাগিব৷ সেয়েহে আজিয়ে আপোনাৰ হাতৰ মোবাইলটোৰে অনলাইন যোগে পান কার্ডখন আধাৰৰ সৈতে লিংক কৰক। বিশদ বিৱৰণৰ বাবে তলত চাওঁক -

মাৰ্চৰ পিছত অচল হৈ পৰিব আপোনাৰ পেন কাৰ্ড -

   যদি আপুনি চৰকাৰে নিৰ্ধাৰণ কৰা অন্তিম তাৰিখলৈকে আধাৰৰ লগত পান কার্ড লিংক নকৰে, তেন্তে আপুনি সৰ্বাধিক ১,০০০ টকা পর্য্যন্ত জৰিমনা ভৰিবলগীয়া হ’ব পাৰে। ইয়াৰোপৰি, যিসকলে ৩১ মাৰ্চ ২০২১ লৈকে পান কাৰ্ডক আধাৰৰ সৈতে লিংক নকৰে, তেওঁলোকৰ পান কাৰ্ড ১ এপ্ৰিল ২০২১ৰ পৰা অচল হৈ পৰিব বুলি আয়কৰ বিভাগে জনাইছে।

কেনেদৰে অনলাইন মাধ্যমেৰে লিংক কৰিব পাৰে চাওক -

1. প্ৰথমে আয়কৰ বিভাগৰ Websiteলৈ যাওক।

2. আধাৰ কাৰ্ডত থকা নাম, পান নম্বৰ আৰু আধাৰ নম্বৰ বিচৰা মতে ভৰাওক।

3. আধাৰ কাৰ্ডত কেৱল জন্মৰ বছৰ দিয়া হ'লে ইয়াত Right Tick কৰক।

4. এতিয়া Captcha কোড সমূহ ভৰাওক।

5. Link Aadhaar বুটামত ক্লিক কৰক।

এনেদৰে আপোনাৰ পান আধাৰৰ সৈতে লিংক আপুনি ঘৰত বহিয়েই কৰিব পাৰে।

SMSৰ জৰিয়তেও আপুনি লিংক কৰিব পাৰে -

   ইয়াৰ বাবে আপুনি আপোনাৰ ফোনত UIDPAN টাইপ কৰিব লাগিব। তাৰ পিছত ১২টা সংখ্যাযুক্ত আধাৰ নম্বৰ টাইপ কৰক। লগতে ১০টা সংখ্যাযুক্ত পেন নম্বৰ টাইপ কৰক। আৰু 567678 বা 56161 নম্বৰত SMSটো প্ৰেৰণ কৰক।

অচল পান কাৰ্ডক কেনেদৰে পুনৰ কাৰ্যকৰী কৰিব জানক -(Activate PAN card)

আপুনি অকাৰ্যকৰী বা অচল পান কাৰ্ডক পুনৰ কাৰ্যকৰী কৰিব পাৰে। ইয়াৰ বাবে আপুনি এটা SMS প্রেৰণ কৰিব লাগিব। আপোনাৰ পঞ্জীভূক্ত ম'বাইলৰ পৰা ১২টা সংখ্যাযুক্ত পান নম্বৰ আৰু ১০টা সংখ্যাযুক্ত আধাৰ নম্বৰ টাইপ কৰাৰ পিছত আপুনি 567678 বা 56161 নম্বৰলৈ SMS পঠাব লাগিব।

English Summary: Link your pan card to aadhar and avoid 1000 penalty

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.