1. অন্যান্য

অৱশেষত ঘোষনা কৰিলে ভাল খৱৰটো! সাহসিকতা আৰু কর্তব্যনিষ্ঠাৰ বাবে বৰছিং বেক অসম আৰক্ষীৰ কনিষ্টবল হিচাপে নিযুক্তি

KJ Staff
KJ Staff
DGP Bashkar Jyoti Mahanta
DGP Bashkar Jyoti Mahanta

   উৎকোচৰ প্রলােভন অগ্রাহ্য কৰি অতি সাহসিকতাৰে ১২ কোটি টকাৰ ড্ৰাগছ ধৰি সমগ্র ৰাজ্যৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হােৱা হােমগার্ড বৰছিং বেক ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে অসম আৰক্ষীত কনিষ্টবল পদত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে। বৃহৎস্পতিবাৰেজনতা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে সেই সিদ্ধান্ত গ্রহণ কৰে।

আৰু পঢ়ক- LPG ৰাজসাহায্যৰ ধন একাউণ্টত জমা হৈছে নে নাই কেনেকৈ গম পাব? জানক সহজ পদ্ধতি

   উল্লেখ্য যে কাৰ্বি আংলং জিলাৰ ডিলাই আৰক্ষী চকীৰ সন্মুখত হােমগার্ড বৰছিং বে’ই পৰহি মণিপুৰৰ পৰা আহি থকা এখন বাছত তালাচী চলাই ১২ কোটি টকা মূল্যৰ তিনি কিলােগ্রাম ছিন্থেটিক ড্রাগছ জব্দ কৰে। বাছখনৰ ইঞ্জিনৰ ভিতৰত লুকুৱাই অনা সেই ড্রাগছখিনি উদ্ধাৰ কৰাৰ সময়ত হােমগার্ড বে’ক নগদ ধন প্ৰদানৰ প্রলােভন দিয়া হৈছিল। কিন্তু নিজৰ সততা আৰু কর্তব্যনিষ্ঠা অক্ষুন্ন ৰাখি বে’ই সেই প্রলােভন প্রত্যাখান কৰি বাছখনৰ গৰম ইঞ্জিনৰ ভিতৰত হাত সুমুৱাই ড্রাগছখিনি উদ্ধাৰ কৰে। হােমগার্ডজনৰ এনে কর্তব্যনিষ্ঠা, সততা আৰু সাহসী সিদ্ধান্তৰ বাবে অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে তেওঁক অসম আৰক্ষীত কনিষ্টবল হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে।

 আনহাতে, সেইদিনা অনুষ্ঠিত কেবিনেট বৈঠকে মাইক্রফাইনেঞ্চৰ ঋণ ৰেহাই সম্পৰ্কত মুখ্যমন্ত্রী ড° শৰ্মাই ইতিমধ্যে ঘােষণা কৰা সিদ্ধান্তসমূহত অনুমােদন জনায়। ইয়াৰ লগে লগে মুখ্যমন্ত্ৰীয়ে কৰা ঘােষণা অনুসৰি মাইক্রফাইনেঞ্চৰ ঋণ ৰেহাই প্রক্রিয়া কার্যকৰী কৰাৰ পথ মুকলি হৈ পৰে।

আৰু পঢ়ক- কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে অনলাইন আবেদন কেনেদৰে কৰিব
English Summary: home guard borsing bey to be appointed as constable in assam police

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.