1. অন্যান্য

পুত্ৰৰ বিয়াৰ বাবে হেলিকপ্তাৰ ভাড়া কৰিলে কৃষকে

KJ Staff
KJ Staff

সকলো পিতৃ-মাতৃয়ে পুত্র-কন্যাৰ বিয়া ধুমধামেৰে পাতিবলৈ বিচাৰে আৰু তাক স্মৰণীয় কৰি ৰাখিবলৈ বিচাৰে। পুত্ৰৰ বিয়াৰ ক্ষণক স্মৰণীয় কৰি তুলিবলৈ মধ্যপ্ৰদেশৰ এগৰাকী পিতৃয়ে গ্ৰহণ কৰা পদক্ষেপে সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে।

ইন্দোৰৰ আৰণদিয়া গাঁৱৰ এগৰাকী কৃষকে পুত্রবধুক ঘৰলৈ আনিবলৈ এখন হেলিকপ্টাৰ ভাৰা লৈ লোৱাৰ ঘটনাই চৰ্চা লাভ কৰিছে। সঞ্জুম সিং কুশ্বৱাহা নামৰ কৃষকজনে আণদিয়াৰপৰা বুডানিয়ালৈ পুত্ৰৰ বিবাহ যাত্ৰাৰ সময়ত ব্যৱহাৰ কৰে হেলিকপ্টাৰ। দৰাৰ সৈতে তেওঁৰ পিতৃ-মাতৃয়েও কইনা ঘৰলৈ হেলিকপ্টাৰত যায়। দৰা জয় সিং কুশ্বৱাহাই পিতৃৰ এই কাৰ্যক ‘ছাৰপ্ৰাইজ’ আখ্যা দিছে আৰু তেওঁৰ জীৱনৰ আটাইতকৈ স্মৰণীয় আৰু ব্যতিক্রমী উপহাৰ আখ্যা দিছে। বিবাহৰ পাছত হেলিকপ্টাৰত বোৱাৰীক ঘৰলৈ আদৰি আনে কৃষকগৰাকীয়ে।

ইয়াৰ উপৰিও, দৰাজনে কৈছিল যে তেওঁৰ দেউতাকে দিয়া এই উপহাৰটো এটা 'Big Surprise' তকৈ কোনো গুণে কম নাছিল।

তেওঁ এইদৰে কৈছিল, "প্ৰতিজন দেউতাই তেওঁৰ পুত্ৰৰ বিয়াখন স্মৰণীয় কৰি তুলিবলৈ প্ৰস্তুতি কৰে, কিন্তু মোৰ দেউতাই যিদৰে এইটো কৰিবলৈ সিদ্ধান্ত লৈছিল সেয়া অপ্ৰত্যাশিত আছিল। এইটো মোৰ জীৱনৰ আটাইতকৈ অনন্য উপহাৰ।" বিয়াৰ পিছত, কইনা পৰিয়ালেও কইনাগৰাকীক হেলিকপ্টাৰত গাওঁলৈ ঘূৰাই আনিছিল।

English Summary: Farmer hires helicopter for son weddings

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.