1. অন্যান্য

ৰক্তদান

KJ Staff
KJ Staff

তি দুই ছেকেণ্ডত কোনোবা এজনক তেজৰ প্ৰয়োজন হ্য়। আপুনি ৰক্তদান কৰি এটা সময়তে একাধিক ব্যক্তিৰ প্ৰান ৰক্ষা কৰিব পাৰে। দূৰ্ঘটনাত আক্ৰান্ত, সময়ৰ পূৰ্বে জন্মা শিশু, গুৰুতৰ অস্ত্ৰোপচাৰ কৰা ৰোগী আদিক পৰিপূৰক তেজৰ প্ৰয়োজন হয়। এইবিলাক ক্ষেত্ৰত আপুনি দান কৰা ৰক্ত পৰীক্ষা কৰাৰ পিছত প্ৰত্যক্ষভাৱে গ্ৰহণকাৰীক যোগান ধৰা হয়। স্নায়ুৰোগ, ৰক্তহীনতাত ভোগা ৰোগী আৰু আন অস্ত্ৰোপচাৰ হোৱা ব্যক্তিক কেৱল লোহিত ৰক্তকোষৰহে প্ৰয়োজন হয়। এইবোৰ আপুনি দান কৰা ৰক্তৰ পৰা পৃথককৈ উলিয়াই লোৱা হয়।

  • ৰক্তদান কৰাৰ কমেও তিনি ঘন্টাৰ আগতে ভালদৰে আহাৰ গ্ৰহণ কৰিব লাগে।
  • ৰক্তদান কৰাৰ পাছত আপোনাক প্ৰদান কৰা লঘু আহাৰ গ্ৰহণ কৰিব লাগে। এই আহাৰ খোৱাতো অতি গুৰুত্বপূৰ্ণ। পিছত ভালদৰে গুৰু আহাৰ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হয়।
  • ৰক্তদান কৰাৰ আগদিনাৰ পৰা ধূমপান কৰাৰ পৰা বিৰত থাকিব লাগে। ৰক্তদান কৰাৰ তিনি ঘন্টাৰ পিছত আপুনি ধূমপান কৰিব পাৰে।
  • যদিহে ৰক্তদান কৰাৰ পূৰ্বৰ ৪৮ ঘন্টাৰ ভিতৰত আপুনি মাদক দ্ৰব্য পান কৰিছে তেন্তে আপুনি ৰক্তদানৰ বাবে আযোগ্য বিবেচিত হ’ব।
  • ৰক্তদান সম্পৰ্কে থকা ভুল ধাৰণাসমূহ

    • “ৰক্তদানৰ পাছত মই নিশোষিত আৰু দূৰ্বল অনুভৱ কৰিম”- আপুনি নিশোষিত আৰু দূৰ্বল অনুভৱ নকৰে যদিহে আপুনি ৰক্তদানৰ পাছত জুলীয়া খাদ্য আৰু ভালদৰে আহাৰ গ্ৰহণ অব্যাহত ৰাখে।
    • “মই পুনৰ স্বাভাৱিকভাৱে কাম-কাজ কৰিব নোৱাৰিম”- যদিও আপোনাক ৰক্তদানৰ পিছতেই স্বাভাৱিক কাম-কাজ নকৰিবলৈ পৰামৰ্শ দিয়া হয় তথাপিও আপুনি স্বাভাৱিক কাম-কাজসমূহ লগে-লগেই আৰম্ভ কৰিব পাৰে।
    • “মোৰ শৰীৰত তেজৰ পৰিমাণ কমি যাব” যদি চিকিৎসকে আপুনি ৰক্তদান কৰিব পাৰে বুলি নিশ্চিত হয় তেন্তে ৰক্তদান কৰাৰ পাছতো আপোনাৰ শৰীৰত প্ৰয়োজনতকৈ অধিক ৰক্ত থাকিব।
    • “মই মাদক দ্ৰব্য পান কৰিবলৈ নোৱাৰিম”-ৰক্তদানৰ পিছৰ দিনা আপুনি মাদক দ্ৰব্য পান কৰিবলৈ পাৰিব।
    • “ৰক্তদান কৰা সময়ত যন্ত্ৰণা পাম”- ৰক্তদান কৰাৰ সময়ত আপুনি কোনো ধৰণৰ অকনো যন্ত্ৰনা নাপায়।
    • “মোৰ মূৰ ঘূৰাব আৰু মই অজ্ঞান হৈ পৰিব পাৰো”- ৰক্তদান কৰাৰ পাছত আপুনি অজ্ঞান হৈ নপৰে আৰু কোনো ধৰণৰ অস্বস্তিবোধ নকৰে।
    • “মোৰ এইডছ হৈ যাব পাৰে”- কেতিয়াও নহয়। আপোনাৰ শৰীৰ যাতে বিজাণুমুক্ত হৈ থাকে তাৰ বাবে এবাৰহে ব্যৱহৃত হোৱা নতুন বিজাণুমুক্ত বেজী ব্যৱহাৰ কৰাতো নিশ্চিত কৰক।
    • “মোৰ শৰীৰত সাধাৰণ তেজ আছে, মই ভাবো ইয়াৰ কোনো চাহিদা নাই”- সেইবাবেই অস্বাভাৱিক তেজতকৈ আপোনাৰ তেজৰ চাহিদা অধিক।
English Summary: Blood Donation

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.