
বিগত দুটা বছৰত ক’ভিড-১৯ৰ বৰ্ধিত প্ৰভাৱৰ বাবে সামাজিক অনুষ্ঠানসমূৰ ওপৰত প্ৰশাসনে এক প্ৰকাৰ নিশেধাজ্ঞা আৰোপ কৰিছে । বিশেষভাৱে বিবাহ (Marriage Ceremony) অনুষ্ঠানসমূহৰ ক্ষেত্ৰত প্ৰশাসনে সীমিত সংখ্যক লোকৰ জৰিয়তেহে অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে । এনে ক্ষেত্ৰত পশ্চিম বংগৰ বাসিন্দা এহাল দম্পতীয়ে গুগল মিটত তেওঁলোকৰ বিবাহ অনুষ্ঠান অনলাইনত পৰিচালনা কৰাৰ এটা সৃষ্টিশীল ধাৰণা লৈ আহিছে ।
সন্দিপন সৰকাৰ আৰু অদিতি দাস নামৰ এহাল যুৱক যুৱতীয়ে ২৪ জানুৱাৰীত বিবাহপাশত আৱদ্ধ হ'ব । ক’ভিডৰ নিৰ্দেশনা অমান্য নকৰাকৈয়ে বাঙালী দম্পতীহালে তেওঁলোকৰ বিয়াত ৪৫০ জন অতিথিক আতিথ্য দিবলৈ সাজু হৈছে । এই বিবাহত অতিথিসকলে অনুষ্ঠানটোত উপস্থিত থাকিবলৈ গুগল মিট ব্যৱহাৰ কৰিব আৰু খাদ্যবোৰ Zomato ৰ জৰিয়তে সকলো অতিথিক প্ৰদান কৰা হ'ব ।
বৰ্ধমানৰ বাসিন্দা দম্পতীহালে তেওঁলোকৰ অতিথিসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা বিবাহৰ বাবে ২০০জন লোকৰ সামৰ্থ্য পালন কৰাৰ বাবে গুগল মিটত তেওঁলোকৰ বিবাহ আয়োজন কৰাৰ সিদ্ধান্ত লয়।
তেওঁলোকৰ অতিথিসকলে ভিডিঅ' কনফাৰেন্সিং প্লেটফৰ্ম ব্যৱহাৰ কৰি বিবাহৰ পোনপটীয়া সম্প্ৰচাৰ চাব পাৰিব । ৰাতিৰ আহাৰটো অতিথিসকলক Zomato য়ে তেওঁলোকৰ ঘৰৰ দি আহিব ।

সন্দিপন সৰকাৰে কয় যে "আমি যোৱা এবছৰ ধৰি বিবাহৰ পৰিকল্পনা কৰি আছিলো, কিন্তু মহামাৰীটো এটা সমস্যা হৈ পৰিছিল,"।
ক’ভিড-১৯ আক্ৰান্ত হৈ চাৰি দিনৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত ডিজিটেল বিবাহ আয়োজনৰ ধাৰণাটো সন্দিপন সৰকাৰৰ মনলৈ আহে । সৰকাৰে সংবাদ মাধ্যমক কয় যে তেওঁ তেওঁৰ পৰিয়ালৰ সুৰক্ষা আৰু অতিথিসকলৰ সুৰক্ষাৰ বিষয়ে চিন্তিত ।
লক্ষণীয় যে প্ৰায় ১০০ ৰ পৰা ১২০ জন অতিথি শাৰীৰিকভাৱে বিয়াখনত উপস্থিত থাকিব আনহাতে ৩০০ তকৈও অধিক লোকে লাইভ টেলিকাষ্ট চাব । সকলো আমন্ত্ৰণকাৰীয়ে অনুষ্ঠানৰ এদিন আগতে পাছৱৰ্ডৰ সৈতে বিয়া খন চাবলৈ এটা লিংক প্ৰাপ্ত কৰিব ।
Zomato ৰ এজন বিষয়াই সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কোম্পানীটোৱে তেওঁলোকৰ এই পদক্ষেপক প্ৰশংসা কৰি কয় যে এইটো আমাৰ বাবে এটা অতি নতুন ধাৰণা । মই কোম্পানীৰ জ্যেষ্ঠসকলৰ সৈতে কথা পাতিছিলো, তেওঁলোকে ইয়াক আদৰণি জনাইছিল । আমি ইতিমধ্যে এই বিবাহৰ নিৰীক্ষণৰ বাবে এটা দল প্ৰস্তুত কৰিছো বুলি তেওঁ উল্লেখ কৰে ।
মহামাৰীৰ সময়ত এনে পদক্ষেপক প্ৰশংসা কৰো । আমি এই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে প্ৰচাৰ কৰাৰ পৰিকল্পনা কৰি আছো," জোমাটো অফিচিয়েলে এনেদৰে কয় ।
লগতে পঢ়কঃ মহাৰাষ্ট্ৰত এছিয়াৰ সৰ্ববৃহৎ ইথানল উৎপাদন প্ৰকল্প স্থাপন
Share your comments