1. অন্যান্য

APSC পৰীক্ষাৰ সবিশেষ-১

KJ Staff
KJ Staff
APSC EXAM DETAILS_1
APSC EXAM DETAILS_1

অসম লোকসেৱা আয়োগ হৈছে এক ভাৰতীয় চৰকাৰী সংস্থা। ভাৰত চৰকাৰ আইন,১৯৩৫ -ৰ বিধান অনুসৰি, ১ এপ্ৰিল ১৯৩৬ চনত অসম লোকসেৱা আয়োগ স্থাপন কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় হৈছে গুৱাহাটীৰ খানাপাৰাৰ জৱাহৰ নগৰত।

অসম লোকসেৱা আয়োগৰ কাৰ্যাৱলী:

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৩২০, অংশ চতুৰ্দশত  উল্লেখ কৰা অনুসৰি, আয়োগে অসম অসামৰিক সেৱাৰ সৈতে সম্পৰ্কিত সকলো বিষয়ৰ পৰামৰ্শ প্ৰদান কৰিব। 

অত্যাৱশ্যকীয় কামবোৰ নিম্নলিখিত ধৰণৰ-

১) বিভিন্ন পদত অসম চৰকাৰৰ প্ৰাৰ্থীৰ পৰোক্ষ প্ৰয়োজনীয়তাৰ পৰামৰ্শ দিয়া।

২) এজন বিষয়াৰ পদোন্নতিৰ ক্ষেত্ৰত  সিদ্ধান্ত গ্ৰহণৰ বাবে চৰকাৰক পৰামৰ্শ দিয়া।

৩) চৰকাৰৰ অধীনত ৰাজ্যত কাম কৰা আৰু আয়োগে নিয়োগ কৰা সকলো বিষয়ত চৰকাৰক পৰামৰ্শ দিয়া।

৪) আয়োগে নিযুক্তিৰ নিয়ম আৰু পদ্ধতি তৈয়াৰ কৰাত চৰকাৰক পৰামৰ্শ প্ৰদান কৰে।

৫) আয়োগৰ চৰকাৰী কৰ্মচাৰীসকলৰ সুৰক্ষা আৰু দৰমহা সম্পৰ্কীয় বিষয়বোৰৰ ওপৰত চৰকাৰক পৰামৰ্শ প্ৰদান কৰে।

৬) আয়োগে ৰাজ্য চৰকাৰৰ বাবে বিভাগীয় পৰীক্ষা অনুষ্ঠিত কৰে।

এপিএছচি-ৰ দ্বাৰা অনুষ্ঠিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে যোগ্যতাৰ চৰ্ত:

এপিএছচি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ, এজন প্ৰাৰ্থীয়ে আয়োগে নিৰ্ধাৰণ কৰা নিম্নলিখিত চৰ্তবোৰ পূৰণ কৰিব লাগিব।

১। প্ৰাৰ্থীজন এজন ভাৰতীয় নাগৰিক হ’ব লাগিব।

২। এপিএছচি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ, প্ৰাৰ্থীজনৰ বয়স ২১ বছৰ বা ২১ বছৰৰ কম হ’ব নালাগিব আৰু ৩৮ বছৰৰ অধিক হ’ব নোৱাৰিব।

অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ প্ৰাৰ্থীৰ বাবে বয়সৰ উৰ্ধসীমা ৫ বছৰৰ বাবে ৰেহাই দিয়াৰ ব্যৱস্থা আছে। অৰ্থাৎ প্ৰাৰ্থীজনে ৪৩ বছৰলৈকে অৱতীৰ্ণ হ’ব পাৰে। অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ৩ বছৰৰ বাবে বয়সৰ উৰ্ধসীমা ৰেহায়ৰ ব্যৱস্থা আছে। বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ ক্ষেত্ৰতো ৫ বছৰৰ বয়সৰ উৰ্ধসীমা ৰেহায়ৰ ব্যৱস্থা আছে, অৰ্থাৎ প্ৰাৰ্থীজনে ৪৩ বছৰ বয়সলৈকে আবেদন কৰিব পাৰে। এজন প্ৰাৰ্থীৰ বয়সৰ সীমা স্বীকৃতিপ্ৰাপ্ত শিক্ষা বোৰ্ড বা পৰিষদে জাৰী কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা বা সমপৰ্যায়ৰ শিক্ষান্ত পৰীক্ষাৰ এডমিট কাৰ্ডৰ ওপৰত আধাৰিত কৰি গণনা কৰা হয়।

৩। ভাৰতৰ কেন্দ্ৰ বা ৰাজ্য চৰকাৰে প্ৰণয়ণ কৰা আইন অনুসৰি প্ৰতিষ্ঠা লাভ কৰা কোনো বিশ্ববিদ্যালয় বা সংসদে প্ৰণয়ণ কৰা আইন অনুসৰি স্থাপন হোৱা কোনো শিক্ষা প্ৰতিষ্ঠান বা বিশ্ববিদ্যালয় অনুদান আয়োগ আইন, ১৯৫৬ অনুসৰি স্বীকৃতিপ্ৰাপ্ত কোনো শিক্ষা প্ৰতিষ্ঠানৰ পৰা ডিগ্ৰীধাৰী প্ৰাৰ্থী আবেদনৰ বাবে যোগ্য বিবেচিত হ’ব।

৪। যদি আবেদনৰ অন্তিম তাৰিখৰ আগতে চূড়ান্ত ফলাফল প্ৰকাশ নাপায়, তেনেক্ষেত্ৰত প্ৰাৰ্থীয়ে আবেদন কৰিব নোৱাৰিব।

৫। বিশেষভাবে সক্ষম ব্যক্তিসকলে প্ৰ-পত্ৰ পূৰণ কৰাৰ সময়ত পদটো উল্লেখ কৰি আবেদন কৰিব লাগে।

লগতে পঢ়ক- 

চৰ-চাপৰিসমূহৰ কৃষি আৰু কৃষকসকলৰ সমস্যা জৰ্জৰিত জীৱন

এপিএছচি-ৰ জৰিয়তে নিযুক্তি হোৱা বিভিন্ন চাকৰি:

এপিএছচিয়ে অসম চৰকাৰৰ বিভিন্ন খালী পদৰ বাবে প্ৰতি বছৰে বিভিন্ন পৰীক্ষা অনুষ্ঠিত কৰে। বিভিন্ন বিভাগত নিযুক্তিৰ বাবে অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা বিভিন্ন পৰীক্ষাসমূহ:

  • অসামৰিক সেৱা পৰীক্ষা
  • বিত্ত বিভাগৰ অধীনত অসম বিত্ত সেৱা (এফ এ অ’/টি অ’) (প্ৰত্যক্ষ নিযুক্তি)
  • পৰিৱেশ আৰু বন বিভাগৰ অধীনত বনাঞ্চলিক বিষয়া নিযুক্তিৰ
  • জুনিয়ৰ প্ৰশাসনিক পৰীক্ষা
  • কৃষি বিভাগৰ অধীনত কৃষি উন্নয়ণ বিষয়াৰ নিযুক্তি
  • উচ্চ শিক্ষা (কাৰিকৰী) বিভাগৰ অধীনত অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত অধ্যাপক নিযুক্তি
  • প্ৰাথমিক শিক্ষা বিভাগৰ অধীনত আই এফ আই চি (ইন-চাৰ্ভিচ এডুকেচন), ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত ডি আই ই টি নিযুক্তি
  • জনস্বাস্থ্য কাৰিকৰী বিভাগত সহকাৰী অভিযন্তা (চি) নিযুক্তি
  • নগৰ উন্নয়ন বিভাগৰ অধীনত সহকাৰী গৱেষক নিযুক্তি
  • এ পি এছ চি কাৰ্যালয়ত সহকাৰী প্ৰগ্ৰামাৰ নিযুক্তি
  • মৎস্য পালন বিভাগৰ অধীনত মীন উন্নয়ণ বিষয়া তথা সহযোগী কেডাৰ নিযুক্তি
  • উচ্চ শিক্ষা (কাৰিকৰী) বিভাগৰ অধীনত অসম পলিটেকনিচত প্ৰতিষ্ঠানত প্ৰবক্তা নিযুক্তি
  • হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ অধীনত এ.ই.(চিভিল)নিযুক্তি

এপিএছচিৰ অধীনত প্ৰাৰ্থীৰ বাচনি প্ৰক্ৰিয়া:

সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত দুটা ক্ৰমাগত পৰ্যায় থাকে:

১। প্ৰাৰম্ভিক পৰীক্ষা

২।মুখ্য পৰীক্ষা (লিখিত আৰু সাক্ষাৎকাৰ)

১। এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষা (APSC Preliminary Examination)

প্ৰাৰম্ভিক পৰীক্ষাত দুঘণ্টাৰ বস্তুনিষ্ঠ প্ৰকাৰৰ একাধিক বিকল্প প্ৰশ্নৰ দুখন প্ৰশ্নকাকত থাকিব। প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে OMR (Optical Mark Recognition)Sheet প্ৰদান কৰা হ’ব। প্ৰাৰ্থীসকলে কেৱল ক’লা বল পেন ব্যৱহাৰ কৰিব লাগিব। OMR Sheet ত চিহ্নিত বিকল্পবোৰ সংশোধন কৰাৰ বাবে ইৰেজাৰ, ৰাসায়নিক, সংশোধন তৰল ব্যৱহাৰ কৰাটো নিষেধ, আৰু এনে ব্যৱহাৰৰ চিহ্ন থকা উত্তৰ শ্বীটবোৰৰ মূল্যাঙ্কন কৰা নহয়। এই পৰীক্ষাটো এটা স্ক্ৰীণিং পৰীক্ষা। মূল পৰীক্ষাত নামভৰ্তিৰ বাবে যোগ্য বুলি ঘোষণা কৰা প্ৰাৰ্থীসকলে প্ৰাৰম্ভিক পৰীক্ষাত লাভ কৰা নম্বৰবোৰ যোগ্যতাৰ অন্তিম ক্ৰম নিৰ্ধাৰণ কৰাৰ বাবে গণনা কৰা নহয়।

এপিএছচি-ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে প্ৰশ্নকাকতৰ বিন্যাস:

সাধাৰণ অধ্যয়ন-১ (General Studies-I)

মুঠ নম্বৰ – ২০০

সময় – ২ ঘন্টা

ধৰণ – বস্তুনিষ্ঠ

৩০% ৰ পৰা ৩৫% প্ৰশ্ন বাধ্যতামূলকভাৱে অসম সম্পৰ্কিত হ’ব।

লগতে পঢ়ক- 

APSC পৰীক্ষাৰ সবিশেষ-২

English Summary: APSC EXAM DETAILS_1

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.