1. অন্যান্য

Generosity of A Police Officer : এজন আৰক্ষী বিষয়াৰ মহানুভৱতা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
এজন আৰক্ষী বিষয়াৰ মহানুভৱতা
এজন আৰক্ষী বিষয়াৰ মহানুভৱতা

আজি ২২  বছৰৰ আগৰ কথা। মই ধেমাজিত OC । তেতিয়াৰ সময়ত আলফাৰ ভয়াবহ প্ৰকোপ আছিল। আমাৰ লগত প্ৰায়ে থৈয়া -নথৈয়া ৰণ হৈছিল, কেতিয়াবা জয় বা কেতিয়াবা পৰাজয়। সেই সময়ত লালুং গাঁৱৰৰ চিলাৰায়ে চিলাপথাৰ দিশৰ পৰা যুদ্ধৰ বেহু ৰচনা কৰিছিল, কেতিয়াবা গোপনে আমালৈ বন্দুক তোৱাইছিল আৰু কেতিয়াবা সুযোগৰ সন্ধানত আমি পিছা কৰিছিলো। এটা সময়ত সি যেন হৈ পৰিছিল আমাৰ দুৰ্ঘোৰ ৰণৰ বিপক্ষৰ সেনানী। এনেদৰেই দিন পাৰ হল, মইও বদলি সূত্ৰে জিলা এৰি গলো, সিও আলফাৰ সেনানী হৈ থাকিল। মাজতে শুনাপালো, চিলাৰায়ে লগৰেই মৰাণৰ আলফাৰ সদস্যা এগৰাকী বিয়া পাতি, দুয়ো আত্মসমৰ্পণ কৰিলে।

পোনৰ সৌ সিদিনা Dy SP হৈ ধেমাজিলৈ অহাটো জানিব পাৰি, চিলাৰায়ে মোৰ বন্ধু এজনক লগ কৰি কলে- নৱ বৰা ছাৰক বহুত বিপদত পেলাবলৈ চাইছিলোঁ, তথাপিও এবাৰ লগ কৰিবলৈ বৰ মন আছে, জানো! ছাৰে মোক সহজ ভাবে নলব। বন্ধুজনে কলে- ছাৰ তেনেকুৱা নহয়, এদিন ওলাবি লগ কৰাই দিম।

লগতে পঢ়ক- 

Drumstick farming : এবিঘা মাটিত এবাৰ খেতি কৰি ১২ বছৰলৈ প্ৰতিবছৰে পাওঁক ১ লাখকৈ টকা

সেই মতেই আজি দুমাহমানৰ আগতে চিলাৰায়, ভয়ে ভয়ে আহিল। তাৰ মনৰ উমান পাই, কিছু সহজ হৈ কথা পাতিলো আৰু কথাৰ প্ৰসংগতে তাৰ দুখে ভৰা জীৱনৰ কথা ব্যক্ত কৰিলে। তাৰ দুজনী ছোৱালীৰ পঢ়াৰ খৰছ যোগান ধৰিব নোৱাৰা জৰাজিন্ন অৱস্থাৰ কথা জানি বৰ দুখ লাগিল। তাৰ ঘৰখনত কিবা এটা উপায় কৰিব পাৰি নেকি চিন্তা কৰি তাৰ লালুং তিনিআলিৰ ঘৰ পালোগৈ। দেখা পালোঁ, ভঁড়াল ঘৰটোৰ তলত কিছু খালী ঠাই আছে য'ত এশটা বয়লাৰ মুৰ্গী পোহাৰ ব্যৱস্থা কৰিব পাৰি। সেয়ে তাক দ্বায়িত্ব দিলো ভঁৰালৰ তলখন বাঁহৰ বেৰা মাৰক, মই বয়লাৰ মুৰ্গী পোৱালী আৰু দানা যোগান ধৰিম।

কথাষাৰ শুনিয়েই দুয়ো আত্মসমৰ্পণকাৰী আলফাৰ চকুৰ পানী নিগৰি আহিল। কথা দিয়া মতেই আজি বিশদিন আগত মুৰ্গী পোৱালী, দানা আৰু যাৱতীয় সামগ্ৰী যোগান দিয়া হল। আজি হঠাতে গৈ দেখিলো মুৰ্গী প্ৰায় আধা কেজি ওজনৰ হৈছে, দুয়ো পুৰুষ -মহিলা, ছোৱালী দুজনীও তাতেই ব্যস্ত। যি চিলাৰায়ে বন্দুক তুৱাইছিল, সি মোৰ এতিয়া অহিত চিন্তা কৰাটো দূৰৈৰ কথা, মোৰ সদায় সপক্ষে ভৰি দিব নিশ্চিত। পাৰিলে চেয়াৰ কৰিব, সকলোৱে যি পাৰে সহায় কৰিলেহে অশনি সংকেতবোৰ নোহোৱা হ’ব।

লেখক- নৱ কুমাৰ বৰা

জ্যেষ্ঠ আৰক্ষী বিষয়া

লগতে পঢ়ক- 

TOP AGRI BUSINESS IDEAS : সৰু আৰম্ভণিৰ সৈতে শীৰ্ষ কৃষি ব্যৱসায়ৰ ধাৰণা

English Summary: A viral Facebook post of police officer Navakumar Das

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.