1. অন্যান্য

জাকজমকতাৰ বিপৰীতে বিয়াৰ নামত খৰছ হোৱা ধনেৰে ২০টা শিশুৰ শিক্ষাৰ দায়িত্ব ল’লে এহাল নৱ বিবাহিত দম্পতীয়ে

PANKAJ KHANIKAR
PANKAJ KHANIKAR
এখন ব্যতিক্ৰমী বিবাহ
এখন ব্যতিক্ৰমী বিবাহ

কেৰালাত সম্পন্ন হল এখন ব্যতিক্ৰমী বিবাহ। সাতটা দিন অতিক্ৰম কৰিলে এই বিবাহখনে। বিবাহখন সম্পন্ন হৈছে কিন্তু সামাজিক মাধ্যমত বৰ্তমানেও ট্ৰেণ্ডিঙত আছে আছে বিবাহখনে। বিয়া বুলি ক’লে সাধাৰণতে মনলৈ আহে লাখ লাখ টকাৰ অভ্যৰ্থনা অনুষ্ঠান, সোণৰ গহনা, সুসজ্জিত ৰভাথলীৰ কথা। এগৰাকী অসামৰিক বিষয়া আৰু এগৰাকী ভাৰতীয় ডাক সেৱাৰ বিষয়াৰ মাজত।

বিয়া বুলি ক’লে সাধাৰণতে মনলৈ আহে লাখ লাখ টকাৰ অভ্যৰ্থনা অনুষ্ঠান, সোণৰ গহনা, সুসজ্জিত ৰভাথলীৰ কথা। কিন্তু এই সকলোবোৰৰ পৰা আতৰি বিয়াৰ নামত খৰছ কৰিবলগীয়া ধনেৰে মানৱ সেৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে কেৰেলাৰ এই নৱ বিবাহিত দম্পতীহালে। উল্লেখ্য যে, অসামৰিক সেৱা পৰীক্ষাত শীৰ্ষস্থান দখল কৰি সংবাদ শিৰোনাম দখল কৰিছিল দৰা আৰ্য আৰ নায়াৰে।

লগতে পঢ়ক- 

Paddy alternative : ধানৰ সলনি অন্য শস্যৰ খেতি কৰক খৰাং পথাৰবোৰত

শেহতীয়াকৈ অসামৰিক বিষয়াগৰাকী বিবাহ পাশত আৱদ্ধ হয় আহমেদাবাদৰ ভাৰতীয় ডাক সেৱাৰ অধীক্ষক শিৱম ত্যাগীৰ সৈতে। কেৰালাৰ পাম্পীড়ীস্থিত উপ পঞ্জীয়ক কাৰ্যালয়ত অনুষ্ঠুপীয়াকৈ তেওঁলোকে বিবাহ সম্পন্ন কৰে। 

তাৰ পিছতে দম্পতীহালে কোট্টায়মৰ ভাঝুৰৰ শিশুগৃহ ‘পুনুয়াম’ত উপস্থিত হৈ বিবাহৰ নামত খৰছ কৰিবলগীয়া ধনেৰে ২০টা শিশুৰ শিক্ষাৰ দায়িত্ব বহন কৰাৰ সিদ্ধান্ত লয়।

লগতে পঢ়ক- 

৪ শতাংশ সুতত ৩ লাখ টকা ঋণ কৃষকলৈ। বেংকলৈ গৈ আবেদন কৰক...

English Summary: A Unique Marriage in Kerala

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.