Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 15 March, 2023 10:48 AM IST
Zubeen Vs Anupam Koshik Boruah

জুবিন গাৰ্গে চিনেমাত কৰা অভিনয়ৰ দৰেই বাস্তৱতো কিছুমান মুহূৰ্তত কৰে নিখুঁট অভিনয়। বাস্তৱ কৰা অভিনয় বহুতৰ মূৰৰ ওপৰে উৰি যায়। বহুতে তেওঁ বাস্তৱত কৰা সহজ-সৰল মানুহৰ দৰে কৰা অভিনয়ৰ দৃষ্টিগোছৰ হয়। কিন্তু তেওঁক সেয়া আঙুলিয়াই দিবলৈ সাহস নকৰে। কাৰণ তেওঁৰ পিছত এজাক ধৃতৰাষ্ট্ৰ সদৃশ অনুগামী আছে। সেই অনুগামীসকলৰ উৎপাতত ৰক্ষা নাপায়। এক কঠাত বোন্দাৰ ডিঙিত টিলিঙা আঁৰিবলৈ যোৱা দৰে হয়- এই অভিযোগ আমাৰ নহয়। বিভিন্ন সময়ত বিভিন্নজনে আগবঢ়োৱা অভিযোগ। কিন্তু এটা কথা স্বীকাৰ কৰিবই লাগিব যে জুবিন গাৰ্গৰ গানে তেওঁক সদায় অসমীয়াৰ মাজত জীয়াই ৰাখিব। কিন্তু শেহতীয়াকৈ জুবিন গাৰ্গৰ বাস্তৱত কৰা নাটকৰ এটা আচল স্বৰূপ উদঙাইছে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অনুপম কৌশিক বৰুৱাই।

সোমবাৰে অসম চৰকাৰৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ''কাঞ্চনজংঘা'' চিনেমাখনৰ বাবে জুবিন গাৰ্গক শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি গাৰ্গে শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা গ্ৰহণ কৰে। কিন্তু বঁটাগ্ৰহণ কৰি তেওঁ কয়- ''এটা সৰু কথা কওঁ, মই আজিকালি শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা নলওঁ। নতুন কণ্ঠশিল্পীক এই বঁটা দিলে মই ভাল পাওঁ।'' তেওঁৰ মতে, ৩৫ হাজাৰ গান গোৱাৰ পিছত শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা লৈ একো লাভ নাই। বঁটাৰ লগত প্ৰদান কৰা ধনৰাশি শিল্পীগৰাকীয়ে কলাগুৰুলৈ আগবঢ়াব বুলিও লগতে প্ৰকাশ কৰে।

লগতে পঢ়ক- 

ডিব্ৰুগড়ত হৃদয় বিদাৰক ঘটনা, ২০ টা শগুণৰ মৃত্যু, ৭০ টা অসুস্থ

জুবিন গাৰ্গৰ এই মন্তব্যৰ পাছতেই বৰনদী ভটিয়াই চলচ্চিত্ৰৰ পৰিচালক অনুপম কৌশিক বৰুৱাই তেওঁৰ ফেচবুক পেজত লিখিছে- ৰজাঘৰীয়াই কৰিলেও শিল্পীয়ে ৰাজ্যিক চলচিত্ৰ বঁটাক লঘু নকৰিব দাদা। আপুনি আবেদন নকৰিলে আপোনাক বঁটা নিদিয়ে! দস্তুৰমত নিৰ্দিষ্ট ফিজ দি apply কৰিব লাগে! প্ৰযোজকে নহ’লে পৰিচালকে। বেলেগে কৰিলে পৰিচালক/প্ৰযোজকে noc দিব লাগে! আপুনি প্ৰযোজনা আৰু পৰিচালনা কৰা ছবিখনৰ কাৰণে মুঠতে আবেদনৰ সকলো কাম আপোনাৰ নামতে হ’ব। নতুনলৈ বঁটাবোৰ এৰিবলৈ হ’লে আবেদন কৰাটো সামৰক।

এতিয়া কথা হ’ল তেওঁ যদি বঁটা গ্ৰহণ নকৰেই বা বঁটা গ্ৰহণ কৰিবলৈ মন  নাই তেতিয়াহ'লে তেওঁ বঁটাৰ বাবে আবেদন কৰে কিয়! জুবিন গাৰ্গৰ দৰে এজন ব্যক্তিয়ে এনেকৈ ৰাজহুৱা মঞ্চত নাটক কৰাৰ কি প্ৰয়োজন আছিল। নাটক বুলি এই কাৰণেই কোৱা হৈছে যে যদি অনুপম কৌশিক বৰুৱাই কোৱাৰ দৰেই জুবিন গাৰ্গে এই বঁটাৰ বাবে আবেদন কৰাৰ বাবেহে  ''কাঞ্চনজংঘা'' চিনেমাখনৰ বাবে জুবিন গাৰ্গক শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা বঁটা প্ৰদান কৰা হৈছে। আবেদন নকৰিলে কোনো ভাল চিনেমা হ’লেও, ভাল গান গালেও ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ নকৰে। তেনেহ’লে জুবিন গাৰ্গেৰ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত নাটক কৰিলে কিয়!

লগতে পঢ়ক- 

হায়দৰাবাদত হিমন্ত বিশ্ব শৰ্মাৰ ৱাশ্বিং পাউডাৰ গাৰ্লেৰে অমিত শ্বাহক আদৰণি

English Summary: Zubeen Vs Anupam Koshik Boruah
Published on: 14 March 2023, 06:00 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now